June 12, 2025 3:11 PM

views 40

ৰাজঘাটত লোক সম্বর্ধন পর্ব উদ্বোধন মন্ত্রী কিৰেণ ৰিজিজুৰ

সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে আজি নতুন দিল্লীৰ ৰাজঘাটত লোক সম্বর্ধন পর্ব উদ্বোধন কৰে। অহা দেওবাৰে এই অনুষ্ঠানৰ সামৰণি পৰিব। অনুষ্ঠানত ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াস' দৃষ্টিভংগীৰ অধীনত চৰকাৰৰ মুখ্য আঁচনি কাৰ্যসূচী আৰু সফলতাসমূহ প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠানত সংখ্যালঘু সম্প্ৰদায়ৰ অৰ্থনৈতিক সবলীকৰণ বিশেষকৈ পৰম্পৰাগত শিল্পী-কাৰিকৰসকলৰ সবলীকৰণৰ দিশত চৰকাৰৰ অবিৰত প্ৰচেষ্টাত আলোকপাত কৰা হৈছে। শ্ৰী ৰিজিজুৱে আজি সাংবাদিকৰ আগত কয়, যে গাঁৱৰ লোকসকলৰ মাজত যথেষ্ট প্ৰতিভা আছে আৰু ...

June 4, 2025 8:22 PM

views 36

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহা অভিযোগৰ প্ৰস্তাৱ, ন্যায়পালিকাৰ দূৰ্নীতিৰ সৈতে জড়িত বিষয় : কিৰেণ ৰিজিজু

চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহা অভিযোগ প্ৰস্তাৱ অনাৰ বাবে সকলো ৰাজনৈতিক দলৰ মাজত সহমত গঢ়ি তোলাৰ উদ্দেশ্যে কাম কৰি আছে। কেইমাহমান পূর্বে ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ চৰকাৰী বাসগৃহৰ পৰা বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ হৈছিল। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিৰিজুৱে কয় যে ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে মহা অভিযোগৰ প্ৰস্তাৱ, ন্যায়পালিকাৰ দূৰ্নীতিৰ সৈতে জড়িত বিষয় আৰু ইয়াক লৈ ৰাজনীতিৰ কোনো অৱকাশ নাই। তেওঁ কয় যে ৰ...

May 19, 2025 9:07 PM

views 27

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদী সংগঠনসমূহ সমূলংশে নিপাত কৰিছেঃ ৰিজিজু

কেন্দ্ৰই গঠন কৰি দিয়া সর্বদলীয় দলসমূহে বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰি বিশ্ব নেতাসকলৰ আগত অপাৰেচন সিন্দূৰৰ খতিয়ান দাঙি ধৰাৰ লগতে সন্ত্ৰাসবাদ দমনৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ কথা প্ৰকাশ কৰিব। লেহ ভ্ৰমণকালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদী সংগঠনসমূহ সমূলংশে নিপাত কৰিছে। লে'হৰ শ্ৰদ্ধা...

April 4, 2025 8:33 PM

views 25

সংসদীয় অধিবেশনৰ কাৰ্যক্ৰমণিকা সফলতাৰে সমাপ্ত হৈছেঃ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি জনাইছে যে এইবাৰৰ সংসদীয় অধিবেশনৰ কাৰ্যক্ৰমণিকা সফলতাৰে সমাপ্ত হৈছে। নতুন দিল্লীত সংবাদ মেলক উদ্দেশ্যি তেওঁ কয় যে এই অধিবেশনৰ সময়ছোৱাত কোনো ধৰণৰ বিবাদ অবিহনে ৱাকফ বিধেয়কখন গৃহীত হৈছে আৰু সংসদৰ বুৰঞ্জীত ইয়াৰ পূৰ্বে কোনোবাৰেই কোনো বিধেয়কক লৈ ইমান সুন্দৰভাৱে আলোচনা হোৱা নাই। তেওঁ লগতে কয় যে এই অধিবেশনৰ সময়ছোৱাত লোকসভাই ১৬খন নতুন বিধেয়ক আৰু ৰাজ্যসভাই ১৪খন নতুন বিধেয়ক গৃহীত কৰে।

April 2, 2025 6:25 PM

views 42

মুছলমান সম্প্ৰদায়ৰ কোটি কোটি লোকেই নহয় বৰং সমগ্ৰ ৰাষ্ট্ৰই বিধেয়কখনৰ প্ৰতি বিধেয়কখনৰ প্ৰতি সমর্থন আগবঢ়াইছেঃ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৱাক্‌ফ সংশোধনী বিধেয়কখন ৰাষ্ট্ৰৰ স্বাৰ্থৰ অনুকুল বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে মুছলমান সম্প্ৰদায়ৰ কোটি কোটি লোকেই নহয় বৰং সমগ্ৰ ৰাষ্ট্ৰই বিধেয়কখনৰ প্ৰতি বিধেয়কখনৰ প্ৰতি সমর্থন আগবঢ়াইছে। বিধেয়কখনত বিৰোধিতা কৰাসকলক সমালোচনা কৰি শ্ৰীৰিজিজুৱে কয় যে তেওঁলোকে একমাত্র ৰাজনৈতিক কাৰণতহে এনে কৰিছে। একেধৰণৰ মত প্ৰকাশ কৰি সামাজিক ন্যায় ৰাজ্যমন্ত্রী বি এল বার্মাই কয়, যে বিধেয়কখন মুছলমান সকলৰ স্বাৰ্থৰ...

April 2, 2025 5:56 PM

views 30

ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন

ৱাকফ সংশোধনী বিধেয়ক ২০২৫ লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হৈছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি বিধেয়কখন উত্থাপন কৰি কয় যে মুছলমান সকলৰ ধৰ্মীয় বিশ্বাসৰ সৈতে বিধেয়কখনৰ কোনো সম্পৰ্ক নাই আৰু ৱাকফ পৰিষদৰ সা-সম্পত্তিৰ সৈতেহে জড়িত। তেওঁ কয়, যে চৰকাৰে ৱাক্‌ফ পৰিষদসমূহক সৰ্বাত্মক আৰু ধৰ্ম নিৰপেক্ষ কৰি তুলিব খুজিছে। বিধেয়কখনৰ জৰিয়তে মছজিদৰ পৰিচালনা কৰিব খোজা হোৱা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ বিধেয়ক অনুসৰি ৱাক্‌ফ পৰিষদৰ বিভি...

February 26, 2025 9:01 PM

views 39

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰ্যালয়ে পূৰ্বতে নোহোৱা ধৰণে সৱল কৰি তুলিছে বুলি সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্য

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেক তীব্র সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সকলো বৃত্তিতে হিতাধিকাৰীৰ সংখ্যা হ্ৰাস কৰিছে বুলি দাবী কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীৰিজিজুৱে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰ্যালয়ে পূৰ্বতে নোহোৱা ধৰণে সৱল কৰি তুলিছে। তেওঁ লগতে জলপানী, সুযোগ আৰু স্বচ্ছতা বৃদ্ধি পাইছে বুলিও কয...

December 14, 2024 2:56 PM

views 31

প্রধানমন্ত্ৰী মোদীয়ে সংবিধানৰ আদৰ্শৰে চবকা চাথ, চবকা বিকাশ, চবকা বিশ্বাস আৰু চবকা প্ৰয়াস মন্ত্ৰৰে কাম কৰি আছেঃ ৰিজিজু

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানৰ আদৰ্শৰে চবকা চাথ, চবকা বিকাশ, চবকা বিশ্বাস আৰু চবকা প্ৰয়াস মন্ত্ৰৰে কাম কৰি আছে। লোকসভাত চলি থকা সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰা বিষয়ক দুদিনীয়া আলোচনাত আজি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এইদৰে কয়। কালিৰে পৰা অনুষ্ঠিত এই আলোচনাত ভাগ লৈ মন্ত্ৰী ৰিজিজুৱে সংবিধান প্রণেতা ড০ ভীমৰাও আম্বেদকাৰৰ অৱদানৰ কথা সোঁৱৰে। তেওঁ কয় যে স্বাধীনতাৰ পাছত দেশত সকলোৱে সমান অধিকাৰ লাভ কৰাটো সুনিশ্চিত কৰা হৈছে। সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল দেশত কোনোধৰণৰ বৈষম্যৰ বলি...

December 11, 2024 2:03 PM

views 41

ধনখড়ে সদায় ভাৰতীয় সংবিধানৰ প্ৰমূল্য আৰু আদৰ্শৰাজি অক্ষুণ্ণ ৰাখি আহিছে আৰু তেওঁৰ পদবীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিতঃ ৰিজিজু

বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত আজি সংসদৰ উভয় সদনত তুমুল বাক-বিতণ্ডাৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে আৰু লোকসভাৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়।কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত উচ্চ সদনৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছ’ৰ’ছ সংস্থাৰ সৈতে কংগ্ৰেছৰ একাংশ নেতাৰ সম্পৰ্ক থকা বুলি উঠা অভিযোগ সম্পর্কে সদনত আলোচনা হ'ব লাগে বুলি দাবী জনায়। তেও...

December 3, 2024 4:47 PM

views 35

দেশ সুচাৰূপে চলি থাকিবলৈ হ’লে সংসদৰ কামকাজ ফলদায়ক হ’ব লাগিব: ৰিজিজু

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, যে দেশ সুচাৰূপে চলি থাকিবলৈ হ'লে সংসদৰ কামকাজ ফলদায়ক হ'ব লাগিব। সংসদত বিৰোধী দলসমূহৰ সাংসদসকলে সৃষ্টি কৰি অহা পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, যদিহে এইদৰে সংসদৰ কামকাজ বাধাগ্ৰস্ত হৈ থাকে, তেন্তে ইয়াৰ ফল সমগ্ৰ দেশৰ লগতে বিৰোধী সাংসদসকলে ভুগিব লাগিব। তেওঁ কয়, যে বহুতো বিৰোধী সাংসদে সদনৰ কামকাজ বাধাগ্ৰস্ত কৰি দেশ আৰু বিৰোধীৰ কোনো লাভ নহয় বুলি অনুভৱ কৰিছে। আজিৰে পৰা সদনৰ কামকাজ ভালদৰে চলিব বুলি তেওঁ আনন্দ প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰী ...