October 28, 2025 7:10 PM

views 33

কাজিৰঙাত অসম সাহিত্য সভাৰ ভৱিষ্যৎ প্রজন্ম শীর্ষক এখন সম্মিলন অনুষ্ঠিত

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা গোলাঘাট জিলা সাহিত্য সভাৰ সহযোগত কাজিৰঙাৰ কঁহৰাৰ পৰমানন্দ লাহন প্রেক্ষাগৃহত আজি অসম সাহিত্য সভাৰ ভৱিষ্যৎ প্রজন্ম শীর্ষক এখন সম্মিলন অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে সন্মিলনখনত উদ্বোধনী ভাষণ দিয়ে। মন্ত্রী অতুল বৰা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই সন্মিলনত প্রজন্ম ঐক্য নামৰ এখন স্মৰণীকাৰ লগতে বিভিন্ন লেখকৰ ৮ খন গ্রন্থও উন্মোচন কৰা হয়। অনুষ্ঠানৰ পূৰ্বে শিল্পীসকলে অসম সাহিত্য সভাৰ চিৰ চেনেহী মোৰ ভাষা জননী শ...

October 1, 2025 7:08 PM

views 38

কেন্দ্ৰীয় মন্ত্রীসভাই ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ সম্প্ৰসাৰনেৰে চাৰিলেনলৈ উন্নীতৰ বাবে অনুমোদন জনাইছে

কেন্দ্ৰীয় মন্ত্রীসভাই ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ সম্প্ৰসাৰণ কৰি চাৰিলেনলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনাইছে। মুঠ ৬,৯৫৭ কোটি টকা ব্যয়ৰে এই ৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা সম্প্ৰসাৰণ কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত বন্যপ্ৰাণী অনুকূল ব্যৱস্থা ৰূপায়ণ কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি আংলঙৰ পাৰ্বত্য অঞ্চললৈ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি বন্যপ্ৰাণীসমূহে যাতে মুক্ত আৰু বাধাহীনভাৱে আহ-যাহ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰ...

September 26, 2025 12:01 PM

views 34

আজিৰেপৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

● বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰেপৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত আজি পুৱা চাৰে ৭ বজাত জীপ ছাফাৰী আৰম্ভ হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই দুর্গা পূজাৰ সময়ত পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ সিদ্ধান্ত লৈছে। প্রিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আজি ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰা হয়। ইপিনে, কাজিৰঙাৰ কঁহৰা বনাঞ্চল অহা অক্টোবৰৰ দ্বিতীয় সপ্তাহত আৰু হাতী ছাফাৰী ১ নৱেম্...

September 25, 2025 10:27 PM

views 49

কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত কাইলৈ পুৱা চাৰে ৭ বজাত জীপ ছাফাৰী আৰম্ভ হ'ব। দুৱাৰ মুকলি অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থকাৰ কথা। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই দুৰ্গা পূজাৰ সময়ত পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠি...

August 9, 2025 12:20 PM

views 14

কাজিৰঙাত পৰ্যটক কঢি়ওৱা হাতীসহ মুঠ ৭২টা বিভাগীয় পোহনীয়া হাতীৰ স্বাস্থ্য পৰীক্ষা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন বন শিবিৰত উদ্যানৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত আৰু পৰ্যটক কঢি়ওৱা হাতীসহ মুঠ ৭২টা বিভাগীয় পোহনীয়া হাতীৰ কালি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পশু চিকিৎসা বিষয়াৰ নেতৃত্বত বন্য প্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ লগতে কঁহৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসকৰ দ্বাৰা হাতীবোৰৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। যোৱা ৪ আগষ্টৰ পৰা আৰম্ভ কৰা এই স্বাস্থ্য পৰীক্ষা শিৱিৰ প্ৰথম অৱস্থাত কঁহৰা, অগৰাতলী, ব...

July 15, 2025 12:42 PM

views 32

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনি অঞ্চলত বিচৰণ কৰা পক্ষীৰ জৰীপ সম্পন্ন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনি অঞ্চলত বিচৰণ কৰা পক্ষীৰ জৰীপ সম্পন্ন হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক ড° সোণালী ঘোষে এই কথা প্ৰকাশ কৰি এই জৰীপত মুঠ ৪৩ টা প্ৰজাতিৰ পক্ষীৰ বিচৰণ নিশ্চিত কৰিছে। ইয়াৰ ভিতৰত এটা অতি বিপন্ন আৰু দুটা বিপন্নপ্ৰায় প্ৰজাতিৰ পক্ষীৰ উপস্থিতি ধৰা পৰিছে বুলি তেওঁ প্ৰকাশ কৰে। সঞ্চালকগৰাকীয়ে কয়, যে প্ৰথমবাৰৰ বাবে কাজিৰঙাত হোৱা এই জৰীপৰ ফলাফল অতি সন্তোষজনক। বিপন্ন প্ৰজাতিৰ পক্ষীবিদ বেংগল ফ্লৰিকান বুলিও সঞ্চালকগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে দুটা পদ্ধতিৰে এই জৰীপ চলোৱা হ...

July 12, 2025 7:02 PM

views 25

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৭ সংখ্যক প্ৰকৃতি শিবিৰ অনুষ্ঠিত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ সৌজন্যত ১০ জুলাইৰ পৰা কাজিৰঙাত ১৭ সংখ্যক প্ৰকৃতি শিবিৰ অনুষ্ঠিত হৈছে। এই আৱাসিক শিবিৰত স্থানীয় বিদ্যালয়সমূহৰ শতাধিক শিক্ষার্থীয়ে পক্ষী নিৰীক্ষণ আৰু প্ৰকৃতি অধ্যয়ন সন্দৰ্ভত প্রশিক্ষণ গ্রহণ কৰিছে।

July 5, 2025 12:44 PM

views 33

ৰাজহুৱা খণ্ডৰ মহাৰত্ন কোম্পানী আৰ ই চি লিমিটেডৰ কাজিৰঙালৈ ৫ কোটি ৩০ লাখ টকা অনুদান

■ ৰাজহুৱা খণ্ডৰ মহাৰত্ন কোম্পানী আৰ ই চি লিমিটেডে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উন্নয়নৰ বাবে কোম্পানীৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ৫ কোটি ৩০ লাখ টকা অনুদান আগবঢ়াইছে। এই অনুদানৰ ধনৰাশিৰে ১২০টাৰো অধিক অবৈধ চিকাৰ বিৰোধী শিবিৰত সৌৰ শক্তি আৰু খোৱাপানীৰ সুবিধা উন্নত কৰা হ'ব। ইয়াৰ ফলত বন বিভাগৰ কৰ্মচাৰীসকলৰ বাবে কৰ্মৰ পৰিবেশ অধিক অনুকূল হৈ উঠিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিশত আগবঢ়োৱা এই অৱদানৰ বাবে কোম্পানীটোৰ শলাগ লৈছে।

May 29, 2025 6:32 PM

views 28

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত চোৰাং চিকাৰী নিহত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱানিশা বনকৰ্মী আৰু আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত এজন চোৰাং চিকাৰী নিহত হয়। উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ ধানবাৰী বনশিবিৰ এলেকাত বনকৰ্মী আৰু আৰক্ষীৰ যুটীয়া অভিযানত আঘাতপ্রাপ্ত চিকাৰীজনক বোকাখাতৰ ছহিদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। নিহত চিকাৰীজনৰ পৰা এটা বন্দুক উদ্ধাৰ কৰা হৈছে। চোৰাং চিকাৰীজনক বাতৰি যুগুতোৱাৰ পৰলৈ চিনাক্ত কৰিব পৰা হোৱা নাই।

May 29, 2025 1:04 PM

views 24

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত এজন চোৰাং চিকাৰী নিহত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱানিশা বনকৰ্মী আৰু আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত এজন চোৰাং চিকাৰী নিহত হয়। উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ ধানবাৰী বনশিবিৰ এলেকাত বনকৰ্মী আৰু আৰক্ষীৰ যুটীয়া অভিযানত আঘাতপ্রাপ্ত চিকাৰীজনক বোকাখাতৰ ছহিদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । নিহত চিকাৰীজনৰ পৰা এটা বন্দুক উদ্ধাৰ কৰা হৈছে। চোৰাং চিকাৰীজনক বাতৰি যুগুতোৱাৰ পৰলৈ চিনাক্ত কৰিব পৰা হোৱা নাই ।