May 21, 2025 9:26 PM

views 39

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত বন আৰক্ষীৰ গুলীত চোৰাংচিকাৰীৰ মৃত্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত আজি বন আৰক্ষীৰ গুলীত এটা চোৰাংচিকাৰীৰ মৃত্যু হৈছে। বনাঞ্চলখনৰ দোৱামাৰি বন শিবিৰ এলেকাত চোৰাংচিকাৰীটোৰ মৃতদেহ উদ্ধাৰ হয়। চোৰাংচিকাৰীটোৰ পৰা আৰক্ষীয়ে এটা ৰাইফল উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত বন বিভাগ আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

May 19, 2025 7:36 PM

views 38

চলিত পর্যটন বৰ্ষত সর্বাধিক পর্যটকে পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাৰ তৃতীয় স্থানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চলিত পর্যটন বৰ্ষত সর্বাধিক পর্যটকে পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত তৃতীয় স্থান লাভ কৰিছে। ২০২৪-২৫ পৰ্যটন বৰ্ষত ৪ লাখ ৪৩ হাজাৰ পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰিছিল। ইয়াৰ পৰা ১১ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ হৈছে বুলি উদ্যানখনৰ সঞ্চালক ড° সোণালী ঘোষে প্ৰকাশ কৰিছে। যোৱা বছৰৰ তুলনাত এইবাৰ ৩৫ শতাংশ পৰ্যটক বৃদ্ধি হৈছে বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যোৱা ১ মে'ত হাতী চাফাৰী...

May 3, 2025 12:06 PM

views 37

কাজিৰঙাৰ কহঁৰাস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত ৩ দিনীয়া কাৰ্যসূচীৰে প্রকৃতি সম্পর্কে কৰ্মশালা অনুষ্ঠিত

■ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যোগত আৰু আজিম প্রেমজী বিশ্ববিদ্যালয়, বেচৰকাৰী স্বেচ্ছাসেবী সংগঠন আৰণ্যক, কৰবেট ফাউণ্ডেশ্যন, নেচনেল বুক ট্রাষ্ট অফ ইন্ডিয়া, বিশ্ব প্রকৃতি নিধি চমুকৈ ডব্লিউ ডব্লিউ এফৰ সহযোগত কাজিৰঙাৰ কহঁৰাত অৱস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে কালি প্রকৃতি সম্পর্কে লিখা এখন কৰ্মশালা আৰম্ভ হয়। ৪ মেলৈকে অনুষ্ঠিত হবলগীয়া এই কর্মশালা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে আনুষ্...

January 30, 2025 2:06 PM

views 37

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ এবিধ বিৰল প্ৰজাতিৰ পক্ষীৰ উপস্থিতি প্ৰত্যক্ষ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ এবিধ বিৰল প্ৰজাতিৰ পক্ষীৰ উপস্থিতি প্ৰত্যক্ষ কৰা হৈছে। কাজিৰঙাৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ সমীপৰ পল্লৱ প্ৰকাশ শ‍ইকীয়া আৰু হেমন্ত গগৈ নামৰ দুজন যুৱ পর্যটক গাইডে এবিধ ব্লু এণ্ড হোৱাইট ফ্লাইকেচাৰ প্ৰত্যক্ষ কৰে। এই চৰাইবিধে এছিয়া অর্থাৎ জাপান, কোৰিয়া, চীনৰ কিছু অংশ আৰু ৰাছিয়াত প্ৰজনন কৰে আৰু শীতকালত দক্ষিণ পূব এছিয়াত কটায়। ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ এই বিৰল ব্লু এণ্ড হোৱাইট ফ্লাইকেচাৰক দেখা পোৱাৰ বাবে সামাজিক মাধ্যমত উৎসাহ প্ৰকাশ কৰ...

January 29, 2025 1:13 PM

views 34

সাপ উদ্ধাৰ আৰু সৰ্পদংশন প্ৰতিৰোধী দক্ষতা বৃদ্ধিৰ উদ্দেশ্যেৰে কাজিৰঙা অনুষ্ঠিত দুদিনীয়া কৰ্মশালাৰ সামৰণি

সাপ আৰু মানুহৰ সহাৱস্থান, নীতিগতভাৱে সাপ উদ্ধাৰ আৰু সৰ্পদংশন প্ৰতিৰোধী দক্ষতা বৃদ্ধিৰ উদ্দেশ্যেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত কঁহৰাত অনুষ্ঠিত দুদিনীয়া কৰ্মশালাৰ কালি সামৰণি পৰে এই কৰ্মশালাত কাজিৰঙা, নগাঁও, বিশ্বনাথ, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড় আৰু তিনিচুকীয়াকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুকেইগৰাকী প্ৰকৃতিপ্ৰেমী আৰু বন বিষয়াই অংশগ্ৰহণ কৰে। দা মাদ্ৰাছ ক্ৰক’ডাইল বেংক ট্ৰাষ্টৰ বিশেষজ্ঞ ড° জ্ঞানেশ্বৰ শ্বই সৰ্প উদ্ধাৰৰ উন্নত কৌশল, সৰ্প দংশনৰ ফলপ্ৰসু প্ৰাথমিক চিকিৎসা, মানুহ আৰু সা...

December 28, 2024 10:04 PM

views 34

বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে ৰাজ্যৰ পৰ্যটন মানচিত্ৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় স্থান দখল

বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে ৰাজ্যৰ পৰ্যটন মানচিত্ৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানে দ্বিতীয় স্থান দখল কৰিছে। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো ২০২২-২৩ চনৰ ১৪ লাখ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত ২৭ লাখ টকাৰ বিপৰীতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাজহ সংগ্ৰহৰ লক্ষ্য ৪২ লাখ টকা স্থিৰ কৰিছে। অসম-অৰুণাচল প্ৰদেশ সীমান্তত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখন জৈৱ বৈচিত্ৰৰে ভৰপূৰ। ৰাজ্যিক পক্ষী দেওহাহ, ধণেশ, বনৰীয়া হাতী, ৰাষ্ট্ৰীয় পশু ঢেকিয়াপতিয়া বাঘ, ইত্যাদি প্রাণীকুলৰ উপৰিও ৰাষ্ট্ৰীয়...

December 21, 2024 7:18 PM

views 34

অহা মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পক্ষী গণনা আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা মাহত পক্ষী গণনা আৰম্ভ হ'ব। স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ বিষয়ে তথ্য সংগ্ৰহ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে এই গণনা কৰা হয়। উল্লেখযোগ্য যে, সম্প্ৰতি কাজিৰঙাৰ নদী, বিল, জলাশয়সমূহত ভালেমান পৰিভ্ৰমী পক্ষীৰ আগমন হৈছে। সেয়েহে এই গণনাত বিভিন্ন প্ৰজাতিৰ পক্ষীৰ বিষয়ে তথ্য লাভ কৰিব পৰা যাব বুলি উদ্যানখনৰ বন সংমণ্ডল বিষয়া অৰুণ ভিগনেছে প্রকাশ কৰিছে। উদ্যানখনৰ ছহলা, কাৰাছিং, ডোঙা, ৰৌমাৰী আদি অঞ্চলত পর্যটকে নিচেই ওচৰৰ পৰা পৰিভ্ৰমী পক্ষীৰ জাক দৃষ্টিনন্দন ৰূপত প্ৰত্যক্ষ কৰিছে। ...

December 14, 2024 3:44 PM

views 30

দেশ বিদেশৰ পৰ্যাটকৰ বাবে কাজিৰঙাত প্ৰথমখন চৰকাৰী অৰ্কিড পার্ক মুকলি হ’ব

দেশ বিদেশৰ পৰ্যাটকৰ বাবে কাজিৰঙাত প্ৰথমখন চৰকাৰী অৰ্কিড পার্ক মুকলি হ'ব। ২০২৫ চনৰ জুলাই মাহত এই চৰকাৰী অৰ্কিড পাৰ্কৰ আৰম্ভণি কৰা হ'ব। কাজিৰঙাত নিৰ্মাণ হৈ থকা চৰকাৰী অৰ্কিড পাৰ্কৰ কাম-কাজ নিৰীক্ষণ কৰি বিভাগীয় মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত এইদৰে কয়।

December 6, 2024 10:38 AM

views 40

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা দুটা মাহত ৮১ হাজাৰ ৬৮ গৰাকী পৰ্যটকে দৰ্শন কৰিছে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি উদ্যানখনত যোৱা দুটা মাহত পৰ্যটকৰ সংখ্যা যথেষ্ট বাঢ়িছে। অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া উদ্যানখন যোৱা দুটা মাহত ৮১ হাজাৰ ৬৮ গৰাকী পৰ্যটকে দর্শন কৰে। ইয়াৰে ৩ হাজাৰ ৪২৫ গৰাকী বিদেশী পৰ্যটক। অক্টোবৰত ২৯ হাজাৰ ৫৭৯ গৰাকী পৰ্যটক আৰু নৱেম্বৰত ৫১ হাজাৰ ৪৮৯ গৰাকী পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰে। পৰ্যটকৰ পৰা যোৱা দুটা মাহত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ প্রায় ডেৰ কোটি টকা ৷ ইফালে, সৰ্বভাৰতীয় ভিত্তিত চলি থকা হাতীৰ সংখ্যা নিৰূপণৰ অংশ হিচাপে অসমকে ধৰি উত্তৰ...

November 28, 2024 6:31 PM

views 36

কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ তৃতীয় দিনত দেশ-বিদেশৰ প্ৰতিনিধিসকলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন

কাজিৰঙাত চলি থকা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আজি তৃতীয় দিনা দেশ-বিদেশৰ প্ৰতিনিধিসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ পাছত অ’কিড উদ্যান, হাতীখুলি চাহ বাগিচা পৰিভ্ৰমণ কৰি অসমৰ থলুৱা খাদ্যৰ জুতি লয়। কাজিৰঙাৰ অনুপম সৌন্দৰ্য উপভোগ কৰি পৰ্যটকসকল আপ্লুত হৈ পৰে। পৰ্যটন মেলালৈ অহা মহাৰাষ্ট্ৰ পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাড’ৰ নাভেলি দেশমুখেও কাজিৰঙাৰ সৌন্দৰ্যক প্ৰশংসা কৰে। উল্লেখযোগ্য যে কাইলৈ এই পৰ্যটন মেলাৰ অন্ত পৰিব।