January 7, 2025 9:02 PM January 7, 2025 9:02 PM

views 8

দুদিনীয়া অসম ভ্রমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হ’ব কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডা দুদিনীয়া অসম ভ্রমণসূচীৰে আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। নিশাটো তেওঁ গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত কাইলৈ পুৱা তেজপুৰলৈ যাত্ৰা কৰিব৷ ইয়াৰ পাছত তেওঁ দুপৰীয়া মঙলদৈলৈ আহিব আৰু দিনৰ ১২ বজাত মঙলদৈ অসামৰিক চিকিৎসালয়ত নির্মাণ কৰিবলগীয়া ক্রিটিকেল কেয়াৰ ইউনিটৰ আধাৰশিলা স্থাপন কৰিব। আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে প্রধানমন্ত্রী আয়ুস্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ২৩ কোটি ৭৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এই ক্রিটি...

December 29, 2024 11:53 AM December 29, 2024 11:53 AM

views 5

প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ মৃত্যুক লৈ কংগ্ৰেছে ৰাজনীতি কৰা বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অভিযোগ

কংগ্ৰেছে প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ মৃত্যুক লৈ ৰাজনীতি কৰা বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অভিযোগ তুলিছে। শ্রী নাড্ডাই কালি এটা বিবৃতি যোগে কয়, যে কংগ্ৰেছে ৰাজনৈতিক মুনাফাৰ বাবে ড০ মনমোহন সিঙৰ নাম ব্যৱহাৰ কৰি আছে। সভাপতিগৰাকীয়ে কয়, যে এন ডি এ চৰকাৰে দেশৰ সকলো প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে প্ৰধানমন্ত্রী সংগ্ৰহালয় স্থাপন কৰিছে। তেওঁ লগতে কংগ্ৰেছে অকল নিজৰ পৰিয়ালৰ সদস্যসকলৰ বাবে স্মাৰক নিৰ্মাণ কৰাত গুৰুত্ব আৰোপ কৰি আহিছে বুলি অভিযোগ তোলে।

December 15, 2024 11:33 AM December 15, 2024 11:33 AM

views 17

ভাৰতীয় সংবিধান প্ৰণয়নৰ ৭৫ বছৰ সন্দৰ্ভত হোৱা বিতৰ্কৰ সময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ শলাগ বিজেপিৰ সভাপতি জে পি নাড্ডাৰ

বিজেপিৰ সভাপতি জে পি নাড্ডাই ভাৰতীয় সংবিধান প্ৰণয়নৰ ৭৫ বছৰ সন্দৰ্ভত হোৱা বিতৰ্কৰ সময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ শলাগ লৈছে। শ্রী নাড্ডাই কয়, যে প্রধানমন্ত্ৰীৰ এই ভাষণে দেশৰ সংবিধান আৰু অন্যান্য বিষয় লৈ কংগ্ৰেছ আৰু বিৰোধীয়ে বিয়পোৱা বিভ্ৰান্তিসমূহ আঁতৰ কৰিব । সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রী নাড্ডাই কয়, যে সংবিধান দিৱস উদযাপনৰ আৰম্ভণি আৰু সংবিধান প্রণেতা বাবাচাহেব আম্বেদকাৰৰ আদৰ্শৰ অনুসৰণে, বিজেপি যে সঁচা অৰ্থত সংবিধানৰ ৰক্ষক সেই কথাকেই প্ৰমাণ কৰে। বিগত ১০ বছৰত প্ৰ...

November 22, 2024 5:50 PM November 22, 2024 5:50 PM

views 20

মণিপুৰৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে কংগ্ৰেছক অভিযোগ জে পি নাড্ডাৰ

বিজেপিৰ সভাপতি জে পি নাড্ডাই মণিপুৰৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ কৰি তোলা বুলি কংগ্ৰেছক অভিযোগ কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ প্ৰতি সঁহাৰি জনাই শ্ৰী নাড্ডাই এই অভিযোগ তোলে। বিজেপিৰ সভাপতিগৰাকীয়ে শ্ৰী খাৰ্গেলৈ লিখা পত্ৰখনত উল্লেখ কৰে যে সুৰক্ষা আৰু প্ৰশাসনিক ব্যৱস্থাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰত থকা পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দায়িত্বহীন ৰণনীতি হৈছে উগ্ৰপন্থী আৰু হিংসা বিয়পোৱা সংস্থাসমূহে মণিপুৰৰ শান্তি...

October 10, 2024 5:19 PM October 10, 2024 5:19 PM

views 13

কলকাতাত উপস্থিত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জেপি নাড্ডা

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জগত প্রকাশ নাড্ডা আজি কলকাতাত উপস্থিত হয়৷ তেওঁ বেলুৰ মঠ ভ্ৰমণ কৰিব আৰু দুৰ্গা পূজা উদযাপনত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত শ্ৰী নাড্ডা সন্তোষ মিত্র square দুর্গা পূজা মণ্ডপলৈ যাব। তেঁও লগতে শেহতীয়াকৈ ধ্রুপদী ভাষাৰ মৰ্যাদা পোৱা বাংলা ভাষা সন্দৰ্ভত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শেহতীয়াকৈ বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছে।

September 6, 2024 6:58 PM September 6, 2024 6:58 PM

views 14

দুদিনীয়া ভ্ৰমণসূচীৰে বিহাৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি দুদিনীয়া ভ্ৰমণসূচীৰে বিহাৰত উপস্থিত হয়৷ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীনাড্ডাই অহা বছৰ হ'বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পাৰ্টনাত দলৰ নেতা-কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ পূৰ্বে তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰে৷ তেওঁ ইন্দিৰা গান্ধী চিকিৎসা বিজ্ঞান প্রতিষ্ঠানলৈ যাব আৰু প্ৰতিষ্ঠানখনৰ নতুন সা-সুবিধা মুকলি কৰিব। শ্ৰীনাড্ডাৰ এই দুদিনীয়া ভ্ৰমণৰ সময়ছোৱাত স্বাস্থ্য সেৱাৰ আন্...

July 20, 2024 8:05 PM July 20, 2024 8:05 PM

views 14

প্রধানমন্ত্ৰীৰ স্ব-নিধি আঁচনি আৰম্ভ কৰাৰে পৰা পদপথৰ ব্যৱসায়ীসকলৰ মাজত প্ৰায় ৮,৬০০ কোটি টকাৰ ঋণ বিতৰণ হৈছে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কৈছে যে, প্রধানমন্ত্ৰীৰ স্ব-নিধি আঁচনি আৰম্ভ কৰাৰে পৰা পদপথৰ ব্যৱসায়ীসকলৰ মাজত প্ৰায় ৮ হাজাৰ ৬০০ কোটি টকাৰ ঋণ বিতৰণ কৰা হৈছে। নতুন দিল্লীত আজি ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধীকৰণে আয়োজন কৰা পদপথৰ খাদ্য ব্যৱসায়ীসকলৰ প্ৰশিক্ষণ আৰু সজাগতা অনুষ্ঠানত পদপথৰ খাদ্য ব্যৱসায়ীসকলৰ বাবে খাদ্য সুৰক্ষা প'ৰ্টেল আৰু নাতি-নীৰ্দেশনা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশিক্ষণ আৰু দক্ষতাৰ বিকাশৰ জৰিয়ত...

June 15, 2024 1:47 PM June 15, 2024 1:47 PM

views 21

স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ সভাপতিত্বত স্বাস্থ্য মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ সভাপতিত্বত কালি স্বাস্থ্য মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলক লৈ নতুন দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। নতুন চৰকাৰ গঠনৰ প্ৰথম ১০০ দিনৰ ভিতৰত মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ বিষয়ে বৈঠকত পৰ্যালোচনা কৰা হয়। দেশজুৰি চিকিৎসা সুবিধা আৰু স্বাস্থ্য ব্যৱস্থাৰ মান অধিক উন্নত কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্রদান কৰিছে। তেওঁ প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত জৰুৰীকালীন সঁহাৰি ব্যৱস্থাপনাৰ দৰে কাৰ্যসূচীত প্ৰযুক্তিবিদ্যাৰ সহায় লোৱাৰ ওপৰত গুৰ...

June 8, 2024 1:44 PM June 8, 2024 1:44 PM

views 24

একনাথ সিন্দে আৰু নীতিশ কুমাৰৰ বিজেপিৰ সভাপতি জে পি নাড্ডাক সাক্ষাৎ

বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউৰ প্ৰধান নীতিশ কুমাৰ আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শিৱসেনা প্রধান একনাথ সিন্দে কালি নতুন দিল্লীত বিজেপিৰ সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰে। জে ডি এছৰ নেতা এইচ ডি কুমাৰাস্বামী আৰু আৰ এল ডিৰ সভাপতি জয়ন্ত চৌধুৰীয়ে কালি শ্ৰীনাড্ডাক সাক্ষাৎ কৰে। বৈঠকত বিভিন্ন সন্দৰ্ভত আলোচনা কৰা হয়৷

June 1, 2024 8:37 PM June 1, 2024 8:37 PM

views 41

লোকসভা নিৰ্বাচনত ৩৭০ খনৰ অধিক আসন লাভ কৰিব আৰু এন ডি এ মিত্ৰজোঁট ৪০০ খনৰো অধিক আসনত জয়ী হ’বঃ জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই তেওঁৰ দলে লোকসভা নিৰ্বাচনত ৩৭০ খনৰ অধিক আসন লাভ কৰিব আৰু এন ডি এ মিত্ৰজোঁট ৪০০ খনৰো অধিক আসনত জয়ী হ'ব বুলি আস্থা প্ৰকাশ কৰিছে। আজি সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিজেপি নেতাগৰাকীয়ে কয় যে, দেশৰ জনসাধাৰণে এইবাৰৰ নিৰ্বাচনত স্বজনতোষণ আৰু দুৰ্নীতিৰ ৰাজনীতিত প্ৰত্যাখ্যান কৰিব আৰু সৱলীকৰণ, উন্নয়ন তথা আত্মনিৰ্ভৰ ভাৰতবৰ্ষৰ অৱধাৰণাৰ সমৰ্থন কৰিব। শ্ৰী নাড্ডাই বিজেপি আৰু এন ডি এ মিত্ৰজোঁটৰ কৰ্মীসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ নির্বাচন স...