May 6, 2024 12:02 PM

views 38

চত্তিশগড়ৰ সুৰজপুৰ চহৰত জনসভা সম্বোধন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ

◊ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডাই কালি চত্তিশগড়ৰ সুৰজপুৰ চহৰত এখন জনসভাক সম্বোধন কৰে। তেওঁ কয় যে, কেন্দ্ৰত থকা বিজেপি চৰকাৰে উন্নয়নৰ নতুন পৰিসৰ স্থাপন কৰিছে। বিগত ১০ বছৰত দেশৰ বেছিভাগ অঞ্চলৰ পৰাই নক্সালবাদ নিৰ্মূল কৰা হৈছে বুলি বিজেপিৰ সভাপতিগৰাকীয়ে মত প্রকাশ কৰে। তেওঁ উল্লেখ কৰে যে, অভিলাসী জিলা কার্যসূচী, গ্রাম বিকাশ আৰু একলব্য আদর্শ বিদ্যালয় আদিৰ দৰে মোদী চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ জৰিয়তে জনজাতীয় অঞ্চলসমূহত উন্নয়নৰ নতুন ধাৰা মুকলি কৰা হৈছে। তেওঁ লগতে বিজেপি চৰকাৰে জনজাতীয়...

May 2, 2024 12:38 PM

views 27

দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত ১০খন দেশৰ ২৮ টা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে সভাপতি জে পি নাড্ডাৰ আলোচনা

♦ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা কালি নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত ১০খন দেশৰ ২৮ টা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে তেওঁৰ দলৰ নিৰ্বাচনী প্ৰচাৰ কৌশল আৰু সামগ্ৰিক নিৰ্বাচনী প্রক্রিয়া সন্দৰ্ভত আলোচনাত মিলিত হয়। দলৰ ন' বিজেপি, অর্থাৎ বিজেপিক জনা উদ্যমৰ অংশ হিচাপে এই আলোচনা অনুষ্ঠিত হৈছিল। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীনাড্ডাই এই উদ্যমৰ জৰিয়তে বিজেপিৰ কৃতিত্বসমূহৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে বিজেপিয়ে আগবঢ়োৱা অৱদান আৰু ত্যাগৰ দ্বাৰা আনক অনুপ্রাণিত কৰাৰ লক্ষ্যৰ বিষয়ে উল্লেখ কৰে। আলোচনাত ...

April 28, 2024 6:15 PM

views 37

পশ্চিমবংগৰ সন্দেশখালীৰ ঘটনাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জী সম্পূৰ্ণৰূপে দায়ী বুলি বিজেপিৰ সভাপতি জে পি নাড্ডাৰ অভিযোগ

বিজেপিৰ সভাপতি জে পি নাড্ডাই পশ্চিমবংগৰ সন্দেশখালীৰ ঘটনাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জী সম্পূৰ্ণৰূপে দায়ী বুলি অভিযোগ উত্থাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত জে পি নাড্ডাই কয় যে, সন্দেশখালিত একাংশ দুস্কৃতিকাৰী প্ৰায়ে সমাজবিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছে। চৰকাৰখনে এই সমাজ বিৰোধী চক্ৰটোক বাধা দিব পৰা নাই। এই চক্ৰটো মহিলাসকলৰ বাবে সদায় ভাবুকি হৈ আহিছে। পশ্চিমবংগ চৰকাৰে ৰাজ্যখনত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি বাৰ্তাটোত তেওঁ কয় যে, তদন্তকাৰী সংস্থাসমূহৰ ওপৰতো এনে সম...

April 21, 2024 8:12 PM

views 35

বিগত ১০ বছৰত বিজেপিয়ে এখন সুস্থিৰ চৰকাৰ দিছেঃ জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৈছে যে, বিগত ১০ বছৰত বিজেপিয়ে এখন সুস্থিৰ চৰকাৰ দিছে, যিখন চৰকাৰে তিনি তালাক প্ৰথা আৰু অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ লেখিয়া গুৰুত্বপূৰ্ণ বিষয়সমূহৰ নিষ্পত্তিত সহায় কৰিছিল। বিজেপি মহা মিত্রজোটৰ প্ৰাৰ্থী প্রতাপ ৰাও যাধৱৰ হৈ নির্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আজি বুলধানা জিলাত এখন জনসভাত ভাষণ দি শ্রীনাড্ডাই এই কথা প্ৰকাশ কৰে। বিগত ১০ বছৰত এন ডি এ চৰকাৰৰ বিভিন্ন সাফল্যৰ বিষয়ে উল্লেখ কৰি শ্ৰীনাড্ডাই কয় যে, কেন্দ্রীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশৰ ৫ ...

April 7, 2024 12:36 PM

views 41

কেৰালাৰ ইউ ডি এউ আৰু এল ডি এফক একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ মন্তব্য

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই যোৱা নিশা কেৰালাৰ ক'জিকোড লোকসভা সমষ্টিৰ প্ৰাৰ্থী এম টি ৰমেশৰ সমৰ্থনত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। ৰোড শ্ব'ৰ অন্তত তেওঁ দলীয় কর্মীসকলক সম্বোধন কৰে। কেৰালাৰ ইউ ডি এউ আৰু এল ডি এফক একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি অভিহিত কৰি তেওঁ দুয়োটা দলেই দুৰ্নীতিৰ প্ৰতি আগ্ৰহী বুলি মন্তব্য কৰে। ৰাজ্যখনত দুর্নীতি চলি থকা বুলি অভিযোগ তুলি তেওঁ কয় যে, দুয়োটা মিত্রজোঁটে স্থানীয়ভাৱে এটাই আনটোৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'লেও ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ মিত্ৰতাই ভণ...

April 4, 2024 6:08 PM

views 65

জে পি নাড্ডা দুদিনীয়া ভ্রমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হ’ব

♦ ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰক শক্তিশালী কৰি তুলিবলৈ আৰু ভোটাদাতাৰ সমৰ্থন আদায় কৰিবলৈ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আজি দুদিনীয়া ভ্রমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হ'ব। শ্রীনাড্ডাই আজি ভ্ৰমণৰ প্ৰথম দিনটোত আলমোৰা লোকসভা সমষ্টিৰ পিথোৰাগড় আৰু তেহৰী লোকসভা সমষ্টিৰ বিকাশনগৰত বিজেপি প্রার্থীৰ সমৰ্থনত আয়োজিত সভাত ভাষণ দিয়াৰ কথা আছে। বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি তেওঁ আজি পিথোৰাগড়ত এখন সভাত ভাষণ দিব। ইয়াৰ পাছতে তেওঁ বিয়লি প্রায় ৪ বজাত ডেৰাডুনৰ বিকাশ নগৰত আন এখন ...