December 4, 2025 6:26 PM

views 19

বিৰোধী পক্ষই তেওঁলোকে উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনাৰ পৰা চৰকাৰে আঁতৰি ফুৰিছে বুলি অনা অভিযোগক খণ্ডন জে পি নাড্ডাৰ

বিৰোধী পক্ষই তেওঁলোকে উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনা কৰাৰ পৰা চৰকাৰ আঁতৰি ফুৰিছে বুলি অনা অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই খণ্ডন কৰিছে। কংগ্ৰেছ দলৰ সদস্য তথা ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাগেই উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত শ্ৰী নাড্ডাই আজি সদনত কয়, যে সংসদত যিকোনো বিষয় লৈ আলোচনা কৰিবলৈ চৰকাৰ সাজু আৰু ই বিৰোধীয়ে দাবী কৰা বিষয়সমূহক লৈ আলোচনা কৰাৰ পৰা আঁতৰি ফুৰা নাই। শ্ৰী নাড্ডাই লগতে সংসদৰ যোৱাবাৰৰ অধিৱেশনত চৰকাৰে আলোচনাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়া ...

November 17, 2025 8:15 PM

views 20

নৰৱে’ৰ স্বাস্থ্য মন্ত্ৰী জেন ক্রিষ্টিয়ান ভেষ্ট্রেক সাক্ষাৎ কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত নৰৱে'ৰ স্বাস্থ্য মন্ত্ৰী জেন ক্রিষ্টিয়ান ভেষ্ট্রেক সাক্ষাৎ কৰে। সাক্ষাতৰ সময়ত ভাৰত আৰু নৰৱে'ৰ মাজৰ স্বাস্থ্য খণ্ডৰ লগতে ঔষধৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত থকা সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ পোষকতা কৰা হয় বুলি শ্ৰীনাড্ডাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰিছে। ডিজিটেল স্বাস্থ্য খণ্ডত ভাৰতৰ অগ্ৰাধিকাৰ, মানৱ সম্পদৰ উন্নয়ন, শিশু আৰু মাতৃৰ পুষ্টি আৰু বিভিন্ন ৰোগ সম্বন্ধে দুয়োখন দেশৰ সন্মিলিত গৱে...

September 22, 2025 9:08 PM

views 27

নতুন সামগ্ৰী আৰু সেৱা কৰ সংস্কাৰে সমগ্ৰ দেশৰ জনসাধাৰণক লাভান্বিত কৰিবঃ জে পি নাড্ডা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই নতুন সামগ্ৰী আৰু সেৱা কৰ সংস্কাৰে সমগ্ৰ দেশৰ জনসাধাৰণক লাভান্বিত কৰিব বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি ব্যৱসায়ীসকলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই দেশক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে বিপনীৰ স্বত্তাধিকাৰীসকলক তেওঁলোকৰ বিপনীত স্বদেশী সা-সামগ্ৰী বিক্ৰী কৰাত অগ্ৰাধিকাৰ দিয়াৰ বাবে আহ্বান জনায়। ক্ষুদ্ৰ ব্যৱসায়ীসকলক সমর্থন আগবঢ়োৱা আৰু ব্যৱসায়ীক সূচলতা বৃদ্ধিয়ে এই সংস্কাৰৰ মূল লক্ষ্য।

September 16, 2025 8:36 PM

views 36

ভাৰতৰ স্বাস্থ্য খণ্ডলৈ অহা পৰিৱৰ্তনসমূহত এই প্রযুক্তিগত ব্যৱস্থা মাইলৰ খুটি হিচাপে পৰিগণিত হৈছেঃ জে পি নাড্ডা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই বৰ্তমানৰ চিকিৎ‍সা প্ৰযুক্তিৰ দিশটোৰ ওপৰত জোৰ দি কৈছে যে এতিয়াৰ ভাৰতৰ স্বাস্থ্য খণ্ডলৈ অহা পৰিৱৰ্তনসমূহত এই প্রযুক্তিগত ব্যৱস্থা মাইলৰ খুটি হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে একাদশ এছিয়া পেচিফিক মেড টেক ফ'ৰাম ২০২৫ উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীজনে এনেদৰে ব্যক্ত কৰে। এই ক্ষেত্ৰখনত থকা বহল পৰিসৰৰ সুবিধাসমূহ, চিকিৎসা ব্যৱস্থা, উন্নত মানৰ চিকিৎ‍সাৰ আহিলাপাতি, ডিজিটীয় ব্যৱস্থাৰে কৰা স্বাস্থ্য পৰীক্ষা আৰু কৃত্রিম বুদ্ধিমত্...

August 7, 2025 8:33 PM

views 21

পশ্চিমবংগত বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীক টি এম চিৰ কৰ্মীসকলে অন্যায়ভাৱে আক্ৰমণ কৰা কাৰ্য্যৰ গৰিহনা জে পি নাড্ডাৰ

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী তথা বি জে পি নেতা জগৎ প্রকাশ নাড্ডাই আজি পশ্চিমবংগত বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীক টি এম চিৰ কৰ্মীসকলে অন্যায়ভাৱে আক্ৰমণ কৰা কাৰ্য্যৰ গৰিহনা দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী নাড্ডাই কয় যে এই আক্ৰমণ হৈছে গণতন্ত্ৰৰ প্ৰতি কৰা আক্ৰমণ। তেওঁ লগতে কয় যে আৰক্ষীৰ উপস্থিতিত হোৱা এই আক্রমনে ৰাজ্যখনত মমতা বেনাৰ্জী নেতৃতাধীন চৰকাৰখনৰ আইন শৃংখলাৰ শোচনীয় দিশটোকে প্ৰতিফলিত কৰিছে। ৰাজ্যখনত আইন-শৃংখলাহীন অৱস্থা আৰু ৰাজনৈতিক হিংসাত্মক ঘটনাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জীয...

May 29, 2025 9:32 PM

views 16

আয়ুষ্মাণ ভাৰত হৈছে পৃথিৱীৰ পৃথিৱীৰ সৰ্ববৃহৎ স্বাস্থ্য অভিযানঃ জে পি নাড্ডা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কয়, যে আয়ুষ্মাণ ভাৰত হৈছে পৃথিৱীৰ পৃথিৱীৰ সৰ্ববৃহৎ স্বাস্থ্য অভিযান। আয়ুষ্মাণ ভাৰতৰ জৰিয়তে দেশৰ ৬২ কোটি লোকক সামৰি লোৱা হৈছে। নতুন দিল্লীত অনুষ্ঠিত চি আই আই বার্ষিক ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰী নাড্ডাই কয়, যে ৭০ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক অয়ুষ্মাণ ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বছৰি ৫ লাখ টকা মূল্যৰ চিকিৎসা ব্যয় আগবঢ়োৱা হয়। এই আঁচনি প্ৰৱৰ্তনৰ সময়ৰে পৰা বৰ্তমানলৈ ৯ কোটি ৪০ লাখ হাস্পতালত ইয়াৰ সুবিধা অন্তৰ্ভুক্ত হৈছে।

May 24, 2025 11:52 AM

views 31

গৃহমন্ত্রীক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়ত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়লৈ আলোচনা কৰে।   মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটে লাভ কৰা অভূতপূর্ণ সফলতাৰ বিষয়ে গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে। ড০ শৰ্মাই মাওবাদী নিৰ্মূলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ তথা এইক্ষেত্ৰত লাভ কৰা বৃহৎ সফলতাৰ বাবে শ্রীশ্বাহক অভিনন্দন জনায় ৷ মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ পাছত কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি ন...

February 11, 2025 3:49 PM

views 20

চৰকাৰে দেশৰ জনজাতীয় অঞ্চলসমূহত স্বাস্থ্য সেৱাৰ সকলো সুবিধা প্ৰদান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছেঃ জে পি নাড্ডা

স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রী জে পি নাড্ডাই কয়, যে চৰকাৰে দেশৰ জনজাতীয় অঞ্চলসমূহত স্বাস্থ্য সেৱাৰ সকলো সুবিধা প্ৰদান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এনে অঞ্চলসমূহত স্বাস্থ্য সম্পৰ্কীয় সমস্যাসমূহ চিনাক্ত কৰি চিকিৎসা প্ৰদানৰ বাবে এটা বৃহৎ ব্যৱস্থা গঢ়ি তোলা হৈছে। জনজাতীয় অঞ্চলসমূহত গৈ চিকিৎসা সেৱা প্ৰদানৰ বাবে চিকিৎকসকলক উৎসাহিত কৰাৰ ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি শ্ৰী নয়ডাই উল্লেখ কৰে।

February 7, 2025 5:34 PM

views 24

জনজাতি অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ গুৰুত্ব আৰোপ

কেন্দ্ৰীয় চৰকাৰে জনজাতি অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। লোকসভাত এটা প্ৰশ্নৰ উত্তৰ দি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত চৰকাৰৰ পূৰ্ণ সমৰ্থনত কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিগৰাকী নাগৰিকে, বিশেষকৈ জনজাতীয় অঞ্চলসমূহত বসবাস কৰা লোকসকলে যাতে উৎকৃষ্ট চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে আন এটা প্ৰশ্নৰ উত্তৰত কয় যে বিগত ৩০ ব...

January 8, 2025 9:08 PM

views 15

তেজপুৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ অত্যাধুনিক পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি জেপি নাড্ডাৰ

দুদিনীয়া ভ্রমণসূচী লৈ অসমলৈ অহা কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জগৎ প্রসাদ নাড্ডাই আজি দুপৰীয়া তেজপুৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নিৰ্মাণ কৰা অত্যাধুনিক পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় ১২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা এই পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰটোৱে ছাত্ৰ-ছাত্ৰী, চিকিৎসক আৰু ৰোগীসকলক অধিক সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ১৮৭৬ চনত তদানীন্তন ইংৰাজ চৰকাৰৰ দিনত পগলা ফাটেক নামেৰে পৰিচিত হোৱা এই মানসিক চিকিৎসালয়...