October 8, 2024 11:34 AM
7
যোৰহাটত দুদিনীয়া ৰবটিক্স আৰু এৰ’ম’ডেলিং শীৰ্ষক কর্মশালাৰ আয়োজন
উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত কাইলৈ আৰু পৰহিলৈ আঞ্চলিকৰ অন্তর্গত শাখা মইনা পাৰিজাতসমূহৰ মইনাসকলৰ অংশগ্রহণেৰে দুদিনীয়া ৰবটিক্স আৰু এৰ'ম'ডেলিং শীৰ্ষক এখন কর্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত প্রায় ৬০ গৰাকী মইনাই অংশগ্ৰহণ কৰে। সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষৰ বিভিন্ন কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা কর্মশালা খনিৰ অংশগ্ৰহণকাৰী মইনাসকলক জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞান মেললৈ আঞ্চলিকৰ পৰা নিৰ্বাচন কৰি পঠোৱা হ'ব বুলিও আয়োজকসকলে জানিবলৈ দিছে।