February 7, 2025 6:30 PM

views 26

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনৰ মুকলি সভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা মুকলি সভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ভকত-বৈষ্ণৱসকলক আধ্যাত্মিকতাৰ লগতে গুৰুজনাৰ বৌদ্ধিক আৰু সাংস্কৃতিক আন্দোলনক আগবঢ়াই নিবলৈ আহ্বান জনায়। অধিৱেশনত আজি পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণ, প্ৰাতঃপ্ৰসংগ আৰু নাম প্ৰসংগৰে কাৰ্যসূচী অনুষ্ঠিত হয়। কাইলৈ পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পতা...

January 30, 2025 2:17 PM

views 43

অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনখন অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ যোৰহাটৰ ম'হবন্ধা এৰালতলী পথাৰত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে। এৰালতলী পথাৰত প্ৰায় ১২ হাজাৰ বিঘা ভূমি আৱৰি নিৰ্মাণ কৰা অধিৱেশনস্থলীত আদৰণি সমিতিয়ে অধিৱেশনৰ প্ৰস্তুতি চলাইছে।

January 25, 2025 7:56 PM

views 17

যোৰহাটত ১৭ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা আয়োজন

গুৱাহাটী জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ক্রীড়া সন্থাৰ সহযোগত এইবাৰ যোৰহাটত ১৭ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা আয়োজন কৰা হৈছে। যোৰহাট ষ্টেডিয়ামত ২৯ জানুৱাৰীৰ পৰা হ'বলগীয়া প্ৰতিযোগিতাখনত আঠটা দলে অংশগ্রহণ কৰিব। অংশগ্ৰহণকাৰী দলসমূহৰ হ'ল- যোৰহাট টাউন ক্লাৱ, বৰপেটা স্পোর্টছ ক্লাৱ, ভিক্টৰিয়া ক্লাৱ, নেপথ্য ক্লাৱ, ৰণজিৎ ক্লাৱ, গোহাই টেকেলা ফুটবল ক্লাৱ, ৰমাকান্ত ফুটবল ক্লাৱ আৰু অল ষ্টাৰ ক্লাৱ।

December 18, 2024 8:24 PM

views 19

পৰিৱেশ সুৰক্ষা সন্দৰ্ভত যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত সজাগতা সভা অনুষ্ঠিত

যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত আজি পৰিৱেশ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট সমাজকর্মী জগন্নাথ অগ্নি বৰা আৰু প্ৰকৃতিবিদ শান্তা শর্মাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ সুৰক্ষাৰ বিভিন্ন দিশ সন্দৰ্ভত অৱগত কৰে। এই সজাগতা সভাৰ লগত সংগতি ৰাখি বিদ্যালয় চৌহদত কেইবাজোপাও অৰ্কিড ৰোপণ কৰা হয়।

December 9, 2024 1:16 PM

views 24

যোৰহাটৰ টিয়কৰ চিন্তামনি গড় জেলেঙিটুপত পথ দুৰ্ঘটনাত দুজন ব্যক্তিৰ মৃত্যু

যোৰহাট জিলাৰ টিয়কৰ চিন্তামনি গড় জেলেঙিটুপত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত দুজন ব্যক্তিৰ মৃত্যু হয়। মটৰ চাইকেলেৰে আহি থকা লোক দুজনে এজোপা গছত খুন্দা মৰাৰ ফলত অভিজিৎ ৰাজখোৱা নামৰ লোকজনৰ থিতাতে মৃত্যু হোৱাৰ উপৰি গুৰুতৰভাৱে আহত বিদ্যুৎ বৰা নামৰ আনজন লোকৰ চিকিৎ‍সালয়লৈ নিয়াৰ পথত মৃত্যু হয়।একেদৰে শিলচৰ-হাফলং সংযোগী ঘাইপথৰ গোঁসাইপুৰত কালি সংঘটিত আন এটা দুৰ্ঘটনাত তিনিজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোককেইজনক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

November 22, 2024 6:56 PM

views 18

যোৰহাট জিলা পুথিভঁৰালত আজি জিলাখনৰ দিব্যাংগসকলক বিনামূলীয়া সামগ্ৰী বিতৰণ

যোৰহাট জিলা পুথিভঁৰালৰ পীতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহত আজি জিলাখনৰ দিব্যাংগসকলক বিনামূলীয়া সামগ্ৰী বিতৰণ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ বিশেষভাৱে সক্ষম ব্যক্তি সৱলীকৰণ বিভাগৰ তত্বাৱধানত কাম কৰা ৰাজহুৱা খণ্ডৰ উদ্যোগ আলিমক’ৰ পৃষ্ঠপোষকতাত ১০১জন দিব্যাংগক উন্নত মানৰ বেটাৰীচালিত ট্ৰাই চাইকেল, হুইল চেয়াৰ, কাণেৰে শুনা যন্ত্ৰ, ষ্টীলৰ পেং আদি বিতৰণ কৰা হয়। অনুষ্ঠানত বিধায়ক হিতেন্দ্র নাথ গোস্বামী, ভাস্কৰ বৰুৱা আৰু ৰূপজ্যোতি কুৰ্মীয়ে সামগ্ৰীসমূহ বিতৰণ কৰে। যোৰহাট...

November 14, 2024 11:52 AM

views 42

যোৰহাট জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন

যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠকখন কালি অনুষ্ঠিত হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়। সভাত কৃষি, মীন, জলসম্পদ, লোকনিৰ্মাণ, পৰিবহণ, শক্তি, খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী, শ্রম, পশুপালন, জলসিঞ্চন, আবকাৰী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভিন্ন বিভাগৰ কাম-কাজৰ বিষয়ে জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ মুৰব্বী বিষয়াসকলৰ লগত বিতংভাৱে আলোচনা কৰে। তদুপৰি বিভাগীয়...

November 7, 2024 7:03 PM

views 22

যোৰহাট জিলা আয়ুক্তৰ সভাকক্ষত আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিষয়াসকলৰ বাবে প্রশিক্ষণ তথা সামর্থ বিকাশ কার্যসূচী

যোৰহাট জিলা আয়ুক্তৰ সভাকক্ষত আজি জিলাখনৰ আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিষয়াসকলৰ বাবে প্রশিক্ষণ তথা সামর্থ বিকাশ কার্যসূচী অনুষ্ঠিত হয়। বিশ্ব বেংকৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত দুৰ্ঘটনাৰ গোচৰত, দুৰ্ঘটনাৰ পিছৰ তদন্ত কিদৰে আগবাঢ়িব লাগে সেই বিষয়ে কাৰিকৰী বিশেষজ্ঞসকলে প্ৰশিক্ষণ প্ৰদান কৰে।

November 5, 2024 7:12 PM

views 23

অসম কৃষি বিশ্ববিদ্যালয়ত খাদ্য সমৃদ্ধিকৰণ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ খাদ্য, বিজ্ঞান আৰু পৰিপুষ্টি বিভাগৰ উদ্যোগত আজিৰে পৰা খাদ্য সমৃদ্ধিকৰণক বিষয়বস্তু হিচাপে লৈ এখন ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত দুদিনীয়া এই সন্মিলনৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য ডº বিদ্যুৎ চন্দন ডেকাই সু-স্বাস্থ্যৰ বাবে সমৃদ্ধ খাদ্যভাষৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানটোত ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষৰ কাৰ্যবাহী সঞ্চালক ঈনশ্বী শৰ্...

October 24, 2024 9:01 PM

views 16

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পত ‘সমর্থ’ আঁচনি উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

কেন্দ্ৰীয় বস্ত্ৰ শিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটৰ লাহদৈগড়ত কেন্দ্রীয় মুগা, এড়ী, গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই প্রতিষ্ঠানটোৱে ৰেচম উদ্যোগ বিশেষকৈ মূগা আৰু এড়ী, ৰেচম সূতা উৎপাদনৰ ক্ষেত্ৰত বিগত ২৫ বছৰে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই আহিছে। আজি উদ্বোধনী অধিৱেশনৰ পাছতেই প্ৰদৰ্শনী মুকলি, কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ ইতিহাস দেৱাল আদি উন্মোচন, তথ্যচিত্ৰ আৰু স্মাৰক উন্মোচন, গ্রন্থ উন্মোচন কাৰ্যসূচী আদি লোৱা হয়। ...