June 10, 2025 12:53 PM

views 40

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা গজ মিত্ৰ কাৰ্যসূচীৰ অধীনত যোৰহাট জিলা অন্তৰ্ভূক্ত

হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা গজ মিত্ৰ কাৰ্যসূচীৰ অধীনত যোৰহাট জিলাকো সামৰি লোৱা হ'ব। কালি বিধানসভাত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে হাতী-মানুহৰ সংঘাত সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে যোৰহাট জিলাৰ গিবন অভয়াৰণ্যৰ পৰা যাতে হাতী জনাঞ্চললৈ ওলাই আহিব নোৱাৰে তাৰবাবে চৰকাৰে সৌৰ বেৰ দিয়াৰ প্রকল্প লৈছে। সেই অনুসৰি ২০২৫-২৬ বৰ্ষত অভয়াৰণ্যখনৰ সমীপৰ ৬ কিলোমিটাৰ এলেকাত সৌৰ বেৰ দিয়া হ'ব। উল্লেখযোগ্য যে হাতী-মানুহৰ সংঘাত ...

June 2, 2025 8:14 PM

views 42

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ ৩ দিনীয়া কাৰ্যসূচীৰে গছপুলি ৰোপণ আৰু বনানিকৰণৰ বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৃষকৰ বাবে পুলি বাগান স্থাপন, গছপুলি ৰোপণ আৰু বনানিকৰণৰ বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত বিভিন্ন জিলাৰ ভালেসংখ্যক কৃষক আৰু উদ্যমী ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। অসম কৃষি বনানিকৰণ উন্নয়নৰ পৰিষদৰ অৰ্থসাহায্যত আয়োজন কৰা এই প্ৰশিক্ষণ আজি বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ নীতিন কুলকার্ণীয়ে উদ্বোধন কৰে। কাৰ্যসূচীত গুণগত বীজ ৰোপণ, বিজ্ঞানসন্মতভাৱে পুলি বাগানৰ পৰিচালনা, বাঁহৰ সংবর্ধন পদ্ধতি, কৃত্...

May 27, 2025 11:47 AM

views 25

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা

● যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে কালিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে ভাৰতীয় বন সেৱা বিষয়াৰ পৰিবেশ তন্ত্র স্বাস্থ্য পত্ৰ প্ৰস্তুতকৰণ শীর্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন কৰিছে। পৰিবেশ, বন আক জলবায়ু পৰিৱর্তন মন্ত্ৰালয়ৰ অর্থসাহায্যত অনুষ্ঠিত এই কৰ্মশালাত দেশৰ ৭ খন ৰাজ্যৰ ১০ গৰাকী উচ্চ পদস্থ বিষয়াই অংশগ্রহণ কৰিছে। বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী তথা পাঠ্যক্ৰম সঞ্চালক ৰাজীৱ কুমাৰ কলিতাৰ দ্বাৰা পৰিচালিত এই প্রশিক্ষণত পৰিবেশ তন্ত্ৰ সেৱা, জীৱিকা আৰু পৰিবেশতন্ত্র স্বাস্থ্...

April 23, 2025 7:02 PM

views 49

যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ মহিলা প্রিজাইডিং বিষয়া আৰু প্ৰথম প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন

সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত আজি যোৰহাট নির্বাচনী জিলা দ্বিতীয় পৰ্যায়ৰ মহিলা প্রিজাইডিং বিষয়া আৰু প্ৰথম প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। প্রশিক্ষকসকলে নিৰ্বাচনৰ নীতি-নির্দেশনা তথা বেলট বাকচ ব্যৱহাৰ সন্দৰ্ভত প্রশিক্ষণ দিয়ে। এই প্রশিক্ষণ কার্যসূচীতে প্রথম পৰ্যায়ত প্ৰশিক্ষণ ল'বলৈ বাদ পৰি ৰোৱা প্রিজাইডিং আৰু প’লিং বিষয়াসকলকো অন্তৰ্ভুক্ত কৰা হয় ৷ ডিব্ৰুগড় জিলাত পঞ্চায়ত নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত বিক্ৰম কৈ...

March 30, 2025 2:13 PM

views 47

যোৰহাট চিকিৎসা মহাবিদ্যালয় সমীপত নিৰ্মিত ৰে’লৱে উৰন সেতুৰ কাম প্ৰায় সম্পূৰ্ণ

যোৰহাট চিকিৎসা মহাবিদ্যালয় সমীপত নিৰ্মিত ৰে'লৱে উৰন সেতুৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰিব। উৰণ সেতুখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট মিছন হাস্পতালৰ সমীপত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ কথা। সেই উদ্দেশ্য কালি যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে সেতুখন পৰিদৰ্শন কৰি অন্তিম পৰ্যায়ৰ কামকাজ সন্দৰ্ভত বুজ লোৱাৰ লগতে সভাস্থলী পৰিদৰ্শন কৰে।

March 21, 2025 7:56 PM

views 19

যোৰহাট জিলাআয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত

যোৰহাট জিলাআয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ বিশিষ্ট নাগৰিকসকললৈ প্ৰেৰণ কৰা বিহু শুভেচ্ছা বিতৰণ সন্দৰ্ভত আৰু সমাগত পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন দিশ সম্পর্কে বিতংভাৱে আলোচনা কৰা হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আঁচনি সন্দৰ্ভতো জিলা আয়ুক্তগৰাকীয়ে বিষয়াসকলৰ সৈতে পর্যালোচনা কৰে। জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অতিৰিক্ত জিলা আয়ুক্ত সহ আন আন প্রশাসনীয় বিষয়াস...

March 6, 2025 7:58 PM

views 29

যোৰহাটত কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত ঘোঁৰা দৌৰ প্ৰতিযোগিতা

যোৰহাটত কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ১৮৭৭ চনত ইংৰাজৰ আমোলত আৰম্ভ হোৱা এই আকর্ষণীয় প্ৰতিযোগিতাখনৰ ১৪২ সংখ্যক সংস্কৰণৰ লগত সংগতি ৰাখি টেনিছ, গল্ফ আদি খেলো অনুষ্ঠিত কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। যোৰহাট জিমখানা ক্লাবৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজিত এই প্রতিযোগিতাত এইবাৰ ডিব্ৰুগড়ৰ এটা অশ্বাৰোহী দলে ঘোঁৰা দৌৰৰ বিভিন্ন পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে এই ঘোঁৰা দৌৰৰ লগত সংলগ্ন গভনৰ্ছ কাপ হৈছে অসমৰ ৰাজ্যপালে প্ৰতিবছৰে প্ৰদান কৰা প্ৰধান বঁটা। যোৰহাটৰ ঘোঁ...

February 17, 2025 6:16 PM

views 39

তিতাবৰৰ ঐতিহাসিক ধলি পথাৰত ১৪ মাৰ্চৰ পৰা ৩ দিনীয়াকৈ তৃতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ’ব

অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত, ভাৰতীয় চলচ্চিত্র মহাসংঘৰ সহযোগত আৰু ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আতিথ্যত অহা ১৪ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ তিতাবৰৰ ঐতিহাসিক ধলি পথাৰত তৃতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। কালি এই মহোৎসৱৰ ঘাইখুঁটা স্থাপন অনুষ্ঠান সম্পন্ন হয়। এই মহোৎসৱৰ প্ৰতিদিনে কমেও ৮ খনকৈ চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি অনুষ্ঠানৰ অংশ হিচাপে চলচ্চিত্র সম্পর্কীয় বিশেষ পাঠদান, কৰ্মশালাকে ধৰি কেইবাটাও কাৰ্যসূচী লোৱা হৈছে।

February 8, 2025 1:33 PM

views 35

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি তৃতীয় দিনা বিভিন্ন কাৰ্যসূচীৰ আয়োজন

যোৰহাটৰ ম'হবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি তৃতীয় দিনা নাম-প্ৰসংগ, মুকলি সভা, সাংস্কৃতিক শোভাযাত্ৰা আদিকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। পৰিৱেশ নিকাকৰণ আৰু প্ৰাতঃ প্ৰসংগৰে আৰম্ভ হোৱা আজিৰ কাৰ্যসূচীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই অধিৱেশনৰ ধৰ্মধবজা উত্তোলন কৰে। ইয়াৰ পাছত ভাগৱত ভ্ৰমণ আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰ...

February 7, 2025 6:42 PM

views 39

যোৰহাটত ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাইজৰ জীৱিকাৰ বাবে বাঁহ সম্পদৰ বিকাশ শীৰ্ষক প্ৰশিক্ষণ কর্মশালাৰ আজি সামৰণি

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাইজৰ জীৱিকাৰ বাবে বাঁহ সম্পদৰ বিকাশ শীৰ্ষক প্ৰশিক্ষণ কর্মশালাৰ আজি সামৰণি পৰে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ অৰ্থ সাহায্যত অনুষ্ঠিত এই প্ৰশিক্ষণত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কৃষি, মীন, ভূমি সংৰক্ষণ, পর্যটন আদি বিভাগ তথা বিভিন্ন প্ৰতিষ্ঠানৰ মুঠ ২৪ গৰাকী বিষয়াই অংশগ্ৰহণ কৰে। এই কৰ্মশালাত দেশৰ বাঁহ উৎপাদন খণ্ডত আলোকপাত কৰাৰ লগতে বাঁহৰ আনুবংশিক উন্নয়ন ব্যৱস্থা, জীৱিকাৰ বাবে বাঁহ, বাঁহ খেতিৰ জড়িয়তে খনিৰ ...