April 23, 2025 7:02 PM April 23, 2025 7:02 PM
25
যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ মহিলা প্রিজাইডিং বিষয়া আৰু প্ৰথম প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন
সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত আজি যোৰহাট নির্বাচনী জিলা দ্বিতীয় পৰ্যায়ৰ মহিলা প্রিজাইডিং বিষয়া আৰু প্ৰথম প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। প্রশিক্ষকসকলে নিৰ্বাচনৰ নীতি-নির্দেশনা তথা বেলট বাকচ ব্যৱহাৰ সন্দৰ্ভত প্রশিক্ষণ দিয়ে। এই প্রশিক্ষণ কার্যসূচীতে প্রথম পৰ্যায়ত প্ৰশিক্ষণ ল'বলৈ বাদ পৰি ৰোৱা প্রিজাইডিং আৰু প’লিং বিষয়াসকলকো অন্তৰ্ভুক্ত কৰা হয় ৷ ডিব্ৰুগড় জিলাত পঞ্চায়ত নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত বিক্ৰম কৈ...