August 1, 2025 8:42 PM August 1, 2025 8:42 PM

views 41

যোৰহাট জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা সেউজীয়া পাতৰ মূল্য নিৰীক্ষণ সমিতিৰ পর্যালোচনা সভা অনুষ্ঠিত

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত আজি জিলা সেউজীয়া পাতৰ মূল্য নিৰীক্ষণ সমিতিৰ এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। পর্যালোচনা সভাখনত যোৰহাট জিলাৰ চাহ উদ্যোগৰ সামগ্রীক উন্নয়নৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাখনত ভাৰতীয় চাহ সংস্থা, উত্তৰ পূৰ্বাঞ্চল চাহ সন্থা, ভাৰতীয় চাহ সন্থাৰ অসম শাখা, অসম চাহ ৰোপনকাৰী সন্থাৰ প্ৰতিনিধি, যোৰহাট জিলাৰ ক্ৰয় কৰা পাত কাৰখানাৰ মালিক আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভ...

July 14, 2025 11:40 AM July 14, 2025 11:40 AM

views 2

যোৰহাট ষ্টেডিয়ামত ১৫ বছৰ অনুৰ্ধ আন্তঃজিলা ছাব জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপ প্রতিযোগিতা

যোৰহাট ষ্টেডিয়ামত কালি ১৫ বছৰ অনুৰ্ধ আন্তঃজিলা ছাব জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপ প্রতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতাত ল'ৰাৰ শ্ৰেষ্ঠ দল হিচাপে গুৱাহাটী বক্সিং দল নির্বাচিত হোৱাৰ লগতে লখিমপুৰৰ ছোৱালী বক্সিং দল ছোৱালীৰ শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয়।

July 14, 2025 10:46 AM July 14, 2025 10:46 AM

views 4

যোৰহাটৰ তিতাবৰত ৪টা পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

■ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি যোৰহাট জিলাৰ তিতাবৰত ৪টা পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। অঞ্চলটোৰ চাহ বাগিচাসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে পৰিবহণ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ বাবে নাবাৰ্ডৰ পুঁজিৰ অধীনত তিতাবৰ বিধানসভা সমষ্টিৰ ৩৪ খন চাহ বাগিচাৰ বাবে মুঠ ২৩টা পেকেজ সামৰি ৩ হাজাৰ ৪৩ লাখতকৈ অধিক টকাৰ ব্যয় সাপেক্ষে ৪২ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ৬৩টা পথ নিৰ্মাণ কৰা হ'ব। ৰাজ্যিক মন্ত্ৰীগৰাকীৰ লগত অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয...

July 11, 2025 5:51 PM July 11, 2025 5:51 PM

views 13

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত ২০২৪-২৫ বৰ্ষৰ খাৰিফ শস্যৰ বিপনণ বতৰৰ ধান ক্রয় সন্দৰ্ভত পর্যালোচনা বৈঠক অনুষ্ঠিত

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত ২০২৪-২৫ বৰ্ষৰ খাৰিফ শস্যৰ বিপনণ বতৰৰ ধান ক্রয় সন্দৰ্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে অতিৰিক্ত জিলা আয়ুক্ত, খাদ্য আৰু অসামৰিক যোগান বিভাগ, জিলা কৃষি বিষয়া, ভাৰতীয় খাদ্য নিগমৰ সংমণ্ডল পৰিচালকৰ উপস্থিতিত জিলাখনত ধান ক্রয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। জিলাখনৰ অন্তৰ্গত ধান ক্রয় কেন্দ্ৰসমূহে বৰ্ষটোত পাঁচ হাজাৰ ২০০ মেট্রিকটন ধান ক্ৰয় কৰাৰ লক্ষ্য লৈছিল যদিও পাঁচ হাজাৰ ১৩৫ মেট্রিকটন ধান ক্রয় কৰে বুলি বৈঠকত প্ৰকাশ কৰা হয়। এই বৈঠকত জিল...

June 30, 2025 6:43 PM June 30, 2025 6:43 PM

views 6

যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে ভিন্ন স্থানত গছপুলি ৰোপণ

যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু লোক নির্মাণ বিভাগৰ সৌজন্যত যোৰহাট পৌৰ সভা এলেকাৰ অন্তৰ্গত ক্লাব ৰোড, নআলি আৰু জিলাখনৰ কাকডোঙা নদীৰ সোঁ কাষৰ মথাউৰি আৰু পথত গছপুলি ৰোপণ কৰা হয়। জিলা আয়ুক্ত, তিতাবৰ সম-জিলা আয়ুক্ত আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়কৰ উপস্থিতিত পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ চেতনা প্রবহমান কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী হাতত লোৱা হয়। ইয়াৰ পূৰ্বে যোৰহাট পৌৰসভা এলেকাৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু গুৰুত্বপূৰ্ণ ৰাজহুৱা ...

June 21, 2025 7:14 PM June 21, 2025 7:14 PM

views 38

যোৰহাটত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ প্ৰতিনিধি দলৰ বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ প্ৰতিনিধি দলে আজি যোৰহাট জিলাৰ লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্রকল্প, অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। সমিতিৰ অধ্যক্ষ তথা বিধায়ক নুৰুল হুদাৰ নেতৃত্বত যোৱা দলটোৱে যোৰহাট এ টি ৰোডত গছপুলি ৰোপণ কৰাৰ লগতে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন কৰে। অধ্যক্ষ হুদাৰ লগতে সমিতিৰ সদস্য ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কৰিমুদ্দিন বৰভূঞাসহ আন বিশেষজ্ঞসকলে আঁচনিৰ কাম-কাজ পৰিদৰ্শনৰ অন্তত যোৰহাট আৱৰ্ত ভৱনত এখন সভাত মিলিত হয়।

June 10, 2025 1:06 PM June 10, 2025 1:06 PM

views 42

যোৰহাট জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগৰ কৃষক পঞ্জীয়ন কাৰ্যসূচী অব্যাহত

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে কৃষক পঞ্জীয়ন কাৰ্যসূচী অব্যাহত ৰাখিছে। জিলাখনৰ বিভিন্ন পঞ্চায়ত পৰ্যায়ত কৃষক পঞ্জীয়ন শিবিৰ সম্পন্ন হোৱাৰ পাছত সম্প্রতি জিলা কৃষি বিষয়াৰ কাৰ্যালয় আৰু সাধাৰণ সেৱা কেন্দ্ৰসমূহত এই প্রক্রিয়া চলি আছে। উল্লেখযোগ্য যে প্রধানমন্ত্রী কৃষক সন্মান নিধিকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে এই কৃষক পঞ্জীয়নৰ প্ৰয়োজন হয়।

June 10, 2025 12:53 PM June 10, 2025 12:53 PM

views 20

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা গজ মিত্ৰ কাৰ্যসূচীৰ অধীনত যোৰহাট জিলা অন্তৰ্ভূক্ত

হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা গজ মিত্ৰ কাৰ্যসূচীৰ অধীনত যোৰহাট জিলাকো সামৰি লোৱা হ'ব। কালি বিধানসভাত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে হাতী-মানুহৰ সংঘাত সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে যোৰহাট জিলাৰ গিবন অভয়াৰণ্যৰ পৰা যাতে হাতী জনাঞ্চললৈ ওলাই আহিব নোৱাৰে তাৰবাবে চৰকাৰে সৌৰ বেৰ দিয়াৰ প্রকল্প লৈছে। সেই অনুসৰি ২০২৫-২৬ বৰ্ষত অভয়াৰণ্যখনৰ সমীপৰ ৬ কিলোমিটাৰ এলেকাত সৌৰ বেৰ দিয়া হ'ব। উল্লেখযোগ্য যে হাতী-মানুহৰ সংঘাত ...

June 2, 2025 8:14 PM June 2, 2025 8:14 PM

views 18

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ ৩ দিনীয়া কাৰ্যসূচীৰে গছপুলি ৰোপণ আৰু বনানিকৰণৰ বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৃষকৰ বাবে পুলি বাগান স্থাপন, গছপুলি ৰোপণ আৰু বনানিকৰণৰ বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত বিভিন্ন জিলাৰ ভালেসংখ্যক কৃষক আৰু উদ্যমী ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। অসম কৃষি বনানিকৰণ উন্নয়নৰ পৰিষদৰ অৰ্থসাহায্যত আয়োজন কৰা এই প্ৰশিক্ষণ আজি বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ নীতিন কুলকার্ণীয়ে উদ্বোধন কৰে। কাৰ্যসূচীত গুণগত বীজ ৰোপণ, বিজ্ঞানসন্মতভাৱে পুলি বাগানৰ পৰিচালনা, বাঁহৰ সংবর্ধন পদ্ধতি, কৃত্...

May 27, 2025 11:47 AM May 27, 2025 11:47 AM

views 10

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা

● যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে কালিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে ভাৰতীয় বন সেৱা বিষয়াৰ পৰিবেশ তন্ত্র স্বাস্থ্য পত্ৰ প্ৰস্তুতকৰণ শীর্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন কৰিছে। পৰিবেশ, বন আক জলবায়ু পৰিৱর্তন মন্ত্ৰালয়ৰ অর্থসাহায্যত অনুষ্ঠিত এই কৰ্মশালাত দেশৰ ৭ খন ৰাজ্যৰ ১০ গৰাকী উচ্চ পদস্থ বিষয়াই অংশগ্রহণ কৰিছে। বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী তথা পাঠ্যক্ৰম সঞ্চালক ৰাজীৱ কুমাৰ কলিতাৰ দ্বাৰা পৰিচালিত এই প্রশিক্ষণত পৰিবেশ তন্ত্ৰ সেৱা, জীৱিকা আৰু পৰিবেশতন্ত্র স্বাস্থ্...