November 13, 2024 8:29 PM

views 36

ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন

ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্রহণ আজি শান্তিপূর্ণভাৱে সম্পন্ন হয়। ৰাজ্যখনত বিয়লি ৫ বজালৈ ৬৪ দশমিক ৮-৬ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰা বুলি জানিব পৰা গৈছে। ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত এই হাৰ আছিল ৬৩ দশমিক ৯ শতাংশ। ভোটদাতাসকলে নির্বাচন বৰ্জনৰ আহ্বান নেওচি সন্তোষজনক হাৰত ভোটদান কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। আয়োগে লগতে ৰাজ্যখনৰ বাওঁপন্থী উগ্রবাদ প্রভাৱিত এলেকাসমূহত ভোটদানৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি পোৱা বুলি জানিবলৈ দিছে।

November 5, 2024 8:39 PM

views 29

ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ

ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। এন ডি এ আৰু আই এন ডি আই উভয় মিত্ৰজোটৰ নেতাসকলে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লোহাৰদাগাত এখন নির্বাচনী সভাত ভাষণ দি কয় যে, বিজেপি শাসনকালত ঝাৰখণ্ড ৰাজ্য গঠন কৰা হৈছিল আৰু ঝাৰখণ্ডক এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাই এই সিদ্ধান্তৰ মূল উদ্দেশ্য আছিল। ইপিনে, হাজাৰীবাগৰ মান্দুত এখন নির্বাচনী সভাত ভাষণ দি কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে বিজেপিয়ে জাতি-ধ...

November 5, 2024 10:50 AM

views 24

ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এন ডি এৰ প্ৰাৰ্থীৰ হৈ নির্বাচনী প্ৰচাৰ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ঝাৰখণ্ডত বিজেপি নেতৃত্বাধীন এন ডি এৰ প্ৰাৰ্থীৰ হৈ ৰাজ্যখনৰ বিধানসভা নির্বাচনী প্ৰচাৰৰ বাবে দুখন ৰেলীত ভাগ ল'ব। ঝাৰখণ্ডৰ বিজেপিৰ সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী বাবুলাল মাৰাণ্ডিয়ে কৈছে যে প্রধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১১.৩০ বজাত গড়ৱাহত প্ৰথমখন ৰাজহুৱা সভা আৰু দুপৰীয়া প্ৰায় ৩ বজাত চাইবাছাত দ্বিতীয়খন সভাক সম্বোধন কৰিব। উল্লেখযোগ্য যে ঝাৰখণ্ডত নির্বাচনী সময়সূচী ঘোষণা কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইখন হ'ব প্ৰথমখন নিৰ্বাচনী ৰেলী। ৰাজ্যখনত অহা ১৩ আৰু ২০ ন...

November 2, 2024 12:25 PM

views 16

ঝাৰখণ্ড বিধানসভাৰ বাবে ১,২১১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত

ঝাৰখণ্ড বিধানসভাৰ আসন্ন নির্বাচনত মুঠ এহেজাৰ ২১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কালি মনোনয়ন পত্ৰ প্ৰত্যাহ্বাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। ৰাজ্যখনৰ ৮১ জনীয়া বিধানসভাৰ বাবে এইবেলি দুটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। ১৩ নৱেম্বৰত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৪৩টা সমষ্টি সামৰি লোৱা হ'ব। প্ৰথম পৰ্যায় বাবে ৬৮৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। একেদৰে ২০ নৱেম্বৰত হ'বলগীয়া দ্বিতীয় পৰ্যায়ত ৩৮টা সমষ্টিত ভোটগ্ৰহণ কৰ...

November 1, 2024 8:26 PM

views 56

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ সামৰণি

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিছে। এই পৰ্য্যায়ৰ বাবে ৬৩৪ জন প্রার্থীয়ে মনোনয়ন দাখিল কৰে। দ্বিতীয় পৰ্যায়ত ২০ নৱেম্বৰত ৰাজ্যখনৰ ৩৮ টা সমষ্টিত ভোটগ্রহণ কৰা হ'ব। ইপিনে, মনোনয়ন পত্ৰ পৰীক্ষাৰ পাছত ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬৮৫ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৩ নবেম্বৰত ৪৩টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। ২৩ নৱেম্বৰত ভোটগণনা কৰা হ'ব।

November 1, 2024 12:23 PM

views 15

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্র প্রত্যাহাৰৰ আজি অন্তিম দিন

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন। এই পৰ্যায়ৰ বাবে ৬৩৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। দ্বিতীয় পৰ্যায়ত ২০ নৱেম্বৰত ৰাজ্যখনৰ ৩৮ টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। ইপিনে, মনোনয়ন পত্ৰ পৰীক্ষাৰ পাছত ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬৮৫ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৩ নবেম্বৰত ৪৩টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। ২৩ নৱেম্বৰত ভোটগণনা কৰা হ'ব।

October 22, 2024 2:58 PM

views 21

ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ২১ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ

কংগ্ৰেছে ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ২১ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত প্ৰথমখন প্রার্থী তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি মন্ত্ৰী ৰামেশ্বৰ ওৰাৱনে লোহাড়দাগা আৰু দলৰ জ্যেষ্ঠ ডা০ অজয় কুমাৰে জামছেদপুৰ পূব বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে ঝাৰখণ্ডৰ মন্ত্ৰী ডা০ ইৰফান আনছাৰীক তেওঁৰ বৰ্তমানৰ সমষ্টি জামতাৰাৰ পৰা প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হৈছে। দলৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰিছে।

September 3, 2024 8:12 PM

views 28

ঝাৰখণ্ড বিজেপিয়ে ৰাজ্যখনত আবকাৰীৰ কনিষ্টবল নিযুক্তিৰ বাবে শাৰিৰীক পৰীক্ষা লোৱাৰ সময়ত প্ৰচণ্ড গৰমত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ১ লাখ টকাকৈ প্ৰদানৰ কথা ঘোষণা

ঝাৰখণ্ড বিজেপিয়ে ৰাজ্যখনত আবকাৰীৰ কনিষ্টবল নিযুক্তিৰ বাবে শাৰিৰীক পৰীক্ষা লোৱাৰ সময়ত প্ৰচণ্ড গৰমৰ বাবে মৃত্যু হোৱা লোকৰ পৰিয়াললৈ এক লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ১২ গৰাকী চাকৰি প্রত্যাশী দৌৰাৰ সময়ত মৃত্যু হয়। ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহ প্ৰভাৰী থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চাকৰি প্রত্যাশীসকলৰ শাৰিৰীক পৰীক্ষাৰ সময়ত মৃত্যু হোৱা ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত তদন্তৰ দাবী উত্থাপন কৰিব। শ্ৰীশৰ্মাই কয় যে হেমন্ত চোৰেণ চৰকাৰে মৃত্যু হোৱা ...

August 30, 2024 8:09 PM

views 16

ঝাৰখণ্ডৰ মন্ত্রীসভাত চম্পাই চোৰেণৰ সলনি ৰামদাস চোৰেণক মন্ত্ৰীত্ব প্ৰদান

ঝাৰখণ্ডৰ হেমন্ত চোৰেণ মন্ত্রীসভাত চম্পাই চোৰেণৰ সলনি ঘটচিলাৰ ঝাৰখণ্ডৰ মুক্তি মৰ্চাৰ বিধায়ক ৰামদাস চোৰেণক মন্ত্ৰীত্ব প্ৰদান কৰা হৈছে। ৰাঁচীৰ ৰাজভৱনত এটা অনুষ্ঠানত ৰাজ্যপাল সন্তোষ কুমাৰ গংৱাৰে ৰামদাস চোৰেণক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত ৰাজখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তসকল উপস্থিত থাকে ।

July 11, 2024 7:56 PM

views 15

ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পর্যালোচনাৰ উদ্দেশ্যে নির্বাচনী বিষয়াৰ বৈঠক

জ্যেষ্ঠ উপ-নির্বাচন আয়ুক্ত নীতেশ ব্যাস আৰু ধর্মেন্দ্ৰ শৰ্মা নেতৃত্বাধীন নির্বাচন আয়োগৰ এটা ৬ জনীয়া দলে ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পর্যালোচনা চলোৱাৰ উদ্দেশ্যে ৰাজ্যখনৰ সকলো জিলা নির্বাচনী বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে। ইয়াৰ পূৰ্বে আয়োগৰ দলটোৱে ঝাৰখণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু অন্য বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। জ্যেষ্ঠ উপ-নির্বাচন আয়ুক্তদ্বয়ে বিষয়াসকলক ভোটাৰ তালিকাৰ সংশোধনৰ সময়ত সতর্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্যখনত ২৫ জুনৰ পৰা ভোটাৰ তালিকাৰ সংশো...