ডাউনলোড
মোবাইল এপ

android apple
signal

নিয়ন্ত্ৰণৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাৰামুল্লাৰ পৰা ভূজলৈকে ২৬টা স্থানত পাকিস্তানে চলোৱা ড্রোন আক্ৰমণ প্ৰতিহত ভাৰতৰ

পাকিস্তানৰ সৈতে থকা নিয়ন্ত্ৰণৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাৰামুল্লাৰ পৰা ভূজলৈকে প্ৰায় ২৬টা স্থানক লক্ষ্য কৰি যোৱানিশা পাকিস্তানে চলোৱা ড্রোন আক্ৰমণ ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই সফলতাৰে প্ৰতিহত কৰে। এই ড্রোনসমূহৰ ভিতৰত অসামৰিক তথা সামৰিক ঘাটিৰ বাবে ভাবুকি সৃষ্টি কৰিব পৰা ড্রোনো আছিল। প্ৰতিৰক্ষা সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি বাৰামুল্লা, শ্ৰীনগৰ, অৱন্তিপুৰ, নাগবোটা, জম্মু, ফিৰোজপুৰ, পাঠানকোট, ফাজিল্কা, লালগড় জট্টা, জয়ছলমেৰ, বাড়মেৰ, ভূজ, কোৱাৰবেট আৰু লখীনালা আদি অঞ্চলত এই ড্রোনসমূহ প্রত্যক্ষ কৰা হয়, কিন্তু প্রতিৰক্ষা বাহিনীয়ে সফলতাৰে এই আক্রমণ প্রতিহত কৰি ড্রোনসমূহ নিষ্ক্ৰিয় কৰে। অৱশ্যে ড্রোন আক্ৰমণত ফিৰোজপুৰত এটা বাসগৃহ ধ্বংস হোৱাৰ লগতে পৰিয়ালৰ ৩ জন সদস্য অগ্নিদগ্ধ হয়। আহত লোককেইজনক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তেওঁলোক বর্তমান নিৰাপদে আছে বুলি আকাশবাণীৰ সংবাদদাতাই জনাইছে।

ভাৰতীয় সশস্ত্র বাহিনীসমূহ সম্পূৰ্ণ সষ্টম হৈ আছে আৰু গতিশীল তথা ভূমিভাগৰ পৰা নিক্ষেপ কৰা অস্ত্রপ্ৰণালীৰ জৰিয়তে পাকিস্তানৰ ড্রোনসমূহ প্রতিহত আৰু ধ্বংস কৰি আহিছে। পৰিস্থিতি সন্দৰ্ভত চোকা দৃষ্টি ৰখা হৈছে আৰু প্ৰয়োজন সাপেক্ষে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সীমান্ত অঞ্চলত থকা অসামৰিক লোকসকলক প্রয়োজন নহ’লে ঘৰৰ ভিতৰতে থাকিবলৈ স্থানীয় প্রশাসনে নিৰ্দেশনা জাৰি কৰিছে। প্ৰশাসনে লগতে ভীতিগ্রস্ত নহ’বলৈ আৰু সষ্টম তথা সতৰ্ক হৈ থাকিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।

ইপিনে, ভাৰতীয় বিমান প্ৰাধিকৰণে সকলো অসামৰিক বিমান সঞ্চালনৰ বাবে অহা ১৫ মে’লৈ উত্তৰ আৰু পশ্চিম ভাৰতৰ ৩২টা বিমানবন্দৰ সাময়িকভাৱে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। গুৰুত্বপূৰ্ণ স্থানসমূহৰ ভিতৰত অমৃতসৰ, চণ্ডীগড়, জম্মু, শ্রীনগৰ, ভূজ, জামনগৰ, জয়ছলমেৰ, পাঠানকোট আৰু আন কেইবাটাও স্থানৰ বিমানবন্দৰ আছে। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে আজি পুনৰ স্বাভাৱিক সেৱা আৰম্ভ কৰিছে। অৱশ্যে পাকিস্তানৰ সৈতে সামৰিক উত্তেজনাৰ মাজতে সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলৰ বাবে কিছু নির্দেশনাও জাৰি কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক