July 14, 2024 6:55 PM

views 68

জম্মু-কাশ্মীৰৰ উপৰাজ্যপালক অধিক ক্ষমতা প্ৰদান

কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ উপৰাজ্যপালক অধিক ক্ষমতা প্ৰদান কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জম্মু-কাশ্মীৰ পুনৰগঠন আইন ২০১৯ সংশোধন কৰি উপৰাজ্যপালৰ কৰ্তৃত্ব যথেষ্ট শক্তিশালী কৰি তুলিছে। কেন্দ্ৰীয় চৰকাৰে এই আইনৰ অধীনত ব্যৱসায়িক লেনদেন নিয়ম সংশোধন কৰি এক অধিসূচনা জাৰি কৰিছে। এই নিয়মসমূহ চৰকাৰী ৰাজপত্ৰত প্ৰকাশ পোৱা তাৰিখ অনুসৰি বলবৎ কৰা হব। পূৰ্বতে আৰক্ষী, জনশৃংখলা, সৰ্বভাৰতীয় সেৱা আৰু দুৰ্নীতি বিৰোধী বিভাগ সম্পৰ্কীয় প্ৰস্তাৱসমূহ উপ ৰাজ্যপালৰ ওচৰলৈ যোৱাৰ পূৰ্বে জন্ম কাশ্মীৰৰ বিত্ত বিভাগ...

July 8, 2024 6:43 PM

views 19

শ্রীঅমৰনাথ জী যাত্ৰা ২০২৪ ৰ বিশেষ পনী এম্বুলেঞ্চ সেৱা মুকলি

জম্মু কাশ্মীৰত স্বাস্থ্যসেৱা সঞ্চালকালয়ে শ্রীঅমৰনাথ জী যাত্ৰা ২০২৪ ৰ বাবে বিশেষ পনী এম্বুলেঞ্চ সেৱা মুকলি কৰিছে। এই এম্বুলেঞ্চৰ দ্বাৰা তীর্থযাত্ৰীসকলে যাত্ৰাৰ সময়ছোৱাত সন্মুখীন হোৱা জটিল স্বাস্থ্যজনিত সেৱা আগবঢ়োৱা হ'ব। কাশ্মীৰৰ স্বাস্থ্যসেৱা সঞ্চালক ডº মুস্তাক আহমদ ৰাথাৰে চিকিৎসা শিক্ষা আৰু স্বাস্থ্য বিভাগৰ সচিব ডº ছৈয়দ অবিধ ৰাছিদ শ্বাহৰ নিৰ্দেশনাত মুকলি কৰা এই বিশেষ এম্বুলেঞ্চে সেৱা যাত্ৰীসকলৰ মাজত বহুলভাৱে প্ৰশংসিত হোৱা পৰিলক্ষিত হৈছে। এই পনী এম্বুলেঞ্চখনত বিশেষভাৱে প্রশিক্ষিত স্বাস্থ্যকর্...

July 7, 2024 6:18 PM

views 33

দক্ষিণ কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষীৰে মুখামুখি সংঘৰ্ষত ৫ জন সন্ত্রাসবাদী নিহত

কাশ্মীৰ উপত্যকাৰ দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত দুবাৰকৈ নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ৫ জন সন্ত্রাসবাদী নিহত হয়। কালি নিৰাপত্তাৰক্ষীৰ দলে সন্ত্ৰাসবাদী কেইজন এই অঞ্চলত আত্মগোপন কৰি থকাৰ খবৰ পোৱাৰ পাছত জিলাখনৰ ফিচল চিনিগাম আৰু মৰ্টেগাম অঞ্চলত এই মুখামুখি সংঘর্ষ সংঘটিত হৈছিল। কাশ্মীৰ মণ্ডলৰ আৰক্ষী মহা পৰিদৰ্শক ভি কে বিদীয়ে আকাশবাণীৰ বাতৰি বিভাগক নিশ্চিত কৰা অনুসৰি ফিচল চিনিগামত ৪ জন সন্ত্রাসবাদীক হত্যা কৰাৰ বিপৰীতে মৰ্টেগামত এজন সন্ত্ৰাসবাদীক নিৰাপত্তা বাহিনীয়ে গুলিয়াই হত্যা কৰে। কৰ্...

July 6, 2024 6:14 PM

views 27

জম্মু-কাশ্মীৰৰ বাৰ্ষিক অমৰনাথ যাত্রা সুকলমে অব্যাহত আছে

জম্মু-কাশ্মীৰৰ বাৰ্ষিক অমৰনাথ যাত্রা সুকলমে অব্যাহত আছে। যাত্ৰাৰ কালি সপ্তম দিনত ২১ হাজাৰ ৬৮৬ গৰাকী তীর্থ যাত্ৰীৰ অমৰনাথ গুহা দৰ্শন কৰে। ইয়াকে ধৰি যোৱা ২৯ জুনৰ পৰা আৰম্ভ হোৱা অমৰনাথ যাত্ৰাত এতিয়ালৈকে এক লাখ ৫২ হাজাৰ ৯৬৪ গৰাকী তীর্থযাত্ৰীয়ে অমৰনাথ গুহা দর্শন কৰে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি নিচেই পুৱা জন্মৰ ভগৱতী নগৰ শিবিৰৰ পৰা পাঁচ হাজাৰ ৮৭৬ গৰাকী যাত্ৰী ২৪৫ খন বাহনেৰে অমৰনাথলৈ যাত্ৰা কৰিছে।

June 28, 2024 3:03 PM

views 35

জম্মুৰ ভগৱতী নগৰ বেচ কেম্পৰ পৰা পতাকা জোকাৰি অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰাৰ শুভাৰম্ভ জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাৰ

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই আজি পুৱা জম্মুৰ ভগৱতী নগৰ বেচ কেম্পৰ পৰা পতাকা জোকাৰি অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। কাশ্মীৰ উপত্যকাত থকা অমৰনাথ গুহা দৰ্শনৰ বাৰ্ষিক অমৰনাথ যাত্ৰা কাইলৈৰ পৰা পেহেলগাম আৰু বালতল পথেৰে আৰম্ভ হ'ব। সংবাদ মাধ্যমৰ আগত উপ ৰাজ্যপাল শ্রীসিনহাই কয় যে বিগত তিনি চাৰি বৰ্ষত অমৰনাথ যাত্ৰাৰ যাত্ৰীসকলৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে চলিত বৰ্ষটো জম্মু-কাশ্মীৰ প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি গঢ়ি তোলাৰ লগতে যাত্ৰীসক...

June 24, 2024 6:06 PM

views 30

অমৰনাথ যাত্ৰাৰ বাবে স্বাস্থ্য সেৱা বিভাগৰ সঞ্চালকৰ বেচ কেম্প হাস্পতাল পৰিদৰ্শন

জম্মু-কাশ্মীৰত কাশ্মীৰ স্বাস্থ্য সেৱা বিভাগৰ সঞ্চালক ডাঃ মুস্তাফ আহমেদ ৰাডাৰে এই মাহৰ ২৯ তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া পৱিত্ৰ অমৰনাথ যাত্ৰাৰ বাবে চন্দনৱাড়ী বেচ কেম্প হাস্পতালৰ পৰা শেষনাগ বেচ কেম্প হাস্পতাললৈ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ কালছোৱাত তেওঁ পেহেলগামত স্থাপন কৰা স্বাস্থ্য সেৱা সুবিধাসমূহো নিৰীক্ষণ কৰে। তেওঁ বেচ হাস্পতাল চন্দনৱাড়ী, মিড পিচ্চু, পিচ্চু টপ, জজিবাল, নাগাকটি আৰু বেচ হাস্পতাল শেষনাগ পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালছোৱাত ডাঃ ৰাডাৰে স্বাস্থ্য সেৱাসমূহ সুচাৰুৰূপে কাৰ্যক্ষম কৰিবলৈ আৱশ্য...

June 23, 2024 9:03 PM

views 62

কাশ্মীৰৰ উৰি খণ্ডত অব্যাহত অনুপ্রবেশ বিৰোধী অভিযানত এজন সন্ত্রাসবাদী নিহত

কাশ্মীৰ উপত্যকাৰ বাৰামুল্লা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ উৰি খণ্ডত অব্যাহত অনুপ্রবেশ বিৰোধী অভিযানত এজন সন্ত্রাসবাদী নিহত হৈছে। প্ৰতিৰক্ষা সূত্ৰৰ পৰা জানিব পৰা মতে, সুৰক্ষা বাহিনীয়ে কেইজনমান সন্ত্রাবাদীক অনুপ্ৰবেশৰ সম্ভেদ লাভ কৰাৰ পাছত শনিবাৰে বজৰং-উৰি খণ্ডত চলোৱা অভিযানৰ সময়ত সূত্রপাত হোৱা গুলিয়াগুলীত এই সন্ত্রাসবাদীজন নিহত হয়।

June 10, 2024 6:31 PM

views 32

জম্মু-কাশ্মীৰত তীর্থযাত্রীৰ বাছত হোৱা সন্ত্রাসবাদীৰ আক্ৰমণত নিহত হোৱা সকললৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ গভীৰ সমবেদনা জ্ঞাপন

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ তেৰিয়াথ গাঁৱৰ সমীপত কালি সন্ধিয়া সংঘটিত সন্ত্রাসবাদী আক্ৰমণত তীর্থযাত্রী কঢ়িওৱা এখন বাছ খাৱৈত বাগৰি পৰাৰ ফলত ১০ জন তীর্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৩৩ জন আহত হয়। বাছখন শিৱ খ’ৰি পবিত্র গুহা দৰ্শন কৰি কাট্টা অভিমুখে গৈ আছিল। ৰিয়াছিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহিত শর্মাই কৈছে যে, বাছখনৰ চালকজনৰ গাত গুলী লগাৰ ফলত বাছখন নিয়ন্ত্রণহীন হৈ পৰে। আহত লোকসকলক তেৰিয়াথ, ৰিয়েছি আৰু জন্মৰ চিকিৎ‍সালয়ত ভৰ্তি কৰোৱা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে লেফট...

May 31, 2024 7:06 PM

views 31

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ বাফলিয়াজ অঞ্চলৰ মাৰাহ গাঁৱত কালি নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা অনুসৰি যোৱানিশা নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ সম্ভেদ লাভ কৰে। পাছত পুঞ্চ জিলাত ছুৰাণকোট উপ-সংমণ্ডলৰ ডেহৰা কী গলিৰ সমীপত বাফলিয়াজৰ মাৰাহ গাঁৱৰ বিশেষ অঞ্চলত আৰক্ষী আৰু সেনা বাহিনীয়ে অভিযান চলায়। দলটোলৈ উদ্দেশ্যি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ প্ৰত্যুত্তৰত নিৰপত্তা বাহিনীয়েও গুলীচালনা কৰে। পাছত সন্ত্ৰাসবাদীকেইট...

May 30, 2024 8:27 PM

views 28

জম্মু-কাশ্মীৰত তীর্থ যাত্রী কঢ়িয়াই নিয়া এখন বাছ দ’ খাৱৈত পৰাৰ ফলত ২০ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৫ গৰাকী আহত

জম্মু-কাশ্মীৰৰ জম্মু জিলাৰ আখৰ উপখণ্ডৰ টুংগি ম'ৰ অঞ্চলত আজি বিয়লি তীর্থ যাত্রী কঢ়িয়াই নিয়া এখন বাছ দ খাৱৈত পৰাৰ ফলত অতি কমেও ২০ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৫ গৰাকী যাত্ৰী আহত হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি আহত লোকসকলক আখনুৰৰ উপ-চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে আৰু গুৰুতৰভাৱে আহতসকলক জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আহত আৰু মৃত্যু হোৱা লোকসকলক এতিয়াও চিনাক্ত কৰা হোৱা নাই। উত্তৰ প্ৰদেশৰ পৰা সৰ্বাধিক তীর্থযাত্রী কঢ়িয়াই নিয়া বাছখন জন্মৰ পৰা ৰিছি জ...