August 28, 2024 10:11 AM

views 22

আৰক্ষীৰ ব্যৱস্থাক লৈ পশ্চিম বংগ চৰকাৰক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা তীব্র সমালোচনা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কলকাতাত প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে লোৱা ব্যৱস্থাক লৈ পশ্চিম বংগ চৰকাৰক তীব্র সমালোচনা কৰিছে। শ্ৰীনাড্ডাই কালি সামাজিক মাধ্যমযোগে কয় যে কলকাতাত আৰক্ষীয়ে বলপূর্বকভাৱে ক্ষমতা প্রদর্শন কৰাৰ ছবিয়ে গণতান্ত্ৰিক প্ৰমূল্যৰাজিক সন্মান কৰা প্ৰতিগৰাকী ব্যক্তিক ক্ষোভিত কৰি তুলিছে। তেওঁ লগতে মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ শাসন কালত মহিলাৰ সুৰক্ষাৰ বিষয়ে কোৱাটো অপৰাধ নেকি বুলি আশ্চৰ্য প্ৰকাশ কৰিছে। বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াইও কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ...

July 24, 2024 10:27 AM

views 24

এন ডি এৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটৰ ওপৰত স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ মন্তব্য

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী তথা বিজেপিৰ সভাপতি জে পি নাড্ডাই কয় যে নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটে ভাৰতৰ সৰ্বাংগীন বৃদ্ধি, বহনক্ষম উন্নয়ন আৰু অর্থনৈতিক স্থিতিস্থাপকতাৰ প্ৰমাণ হিচাপে থিয় দিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী নাড্ডাই কয় যে এই দূৰদৰ্শী বাজেটে দেশৰ তাৎক্ষণিক প্ৰয়োজনীয়তাক পুৰণ কৰাৰ লগতে দীৰ্ঘম্যাদী সমৃদ্ধিৰ বাবেও এক শক্তিশালী পৰিকাঠামো নিৰ্মাণ কৰিছে। তেওঁ কয় যে বাজেটত আন্তঃগাঁথনি উন্নয়ন, প্রযুক্তিগত উদ্ভাৱন আৰু সমাজ কল্যাণকো অগ্ৰাধিক...

June 25, 2024 12:42 PM

views 25

দিল্লীত STOP DIARRHOEA শীর্ষক বিশেষ অভিযান মুকলি

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কালি দিল্লীত আয়োজিত এটা অনুষ্ঠানত STOP DIARRHOEA শীর্ষক এটা বিশেষ অভিযান মুকলি কৰে। স্বাস্থ্য ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেল আৰু প্ৰতাপৰাও যাধবৰ উপস্থিতিত শ্রী নাড্ডাই শিশুসকলৰ মাজত অ' আৰ এছ আৰু জিংক টেবলেট বিতৰণ কৰি এই অভিযানৰ মুকলি কৰে। অহা পহিলা জুলাইৰ পৰা দুমাহ জোৰা এই অভিযান আৰম্ভ হ'ব আৰু ৩১ আগষ্টত ইয়াৰ সামৰণি পৰিব। ডায়েৰীয়াৰ ফলত যাতে কোনো শিশুৰ মৃত্যু নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই অভিযান মুকলি কৰা হৈছে। এই উপলক্ষে আয়োজি...

June 23, 2024 8:55 PM

views 40

ড° শ্যামা প্রসাদ মুখাৰ্জীৰ মৃত্যু বার্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ শ্ৰদ্ধাৰ্ঘ্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ শ্বহীদ দিৱস উপলক্ষে বিশিষ্ট চিন্তাবিদ তথা শিক্ষাবিদগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। শ্রীমোডীয়ে সামাজিক মাধ্যমযোগে কৈছে যে ড০ মুখার্জীয়ে তেওঁৰ সমগ্ৰ জীৱন ভাৰত মাতৃৰ সেৱাৰ নামত উসৰ্গা কৰি থৈ গৈছে। প্রধানমন্ত্ৰীয়ে লগতে ড০ মুখাৰ্জীৰ গতিশীল ব্যক্তিত্বই দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ড° শ্যামা প্রসাদ মুখাৰ্জীৰ মৃত্যু বার্ষিকী উপলক্ষে পুষ্পঞ্জলি অ...

June 19, 2024 9:16 PM

views 25

দেশৰ ভালেমান অংশত গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপৰ ওপৰত মন্ত্রী জে পি নাড্ডাৰ পৰ্যালোচনা

দেশৰ ভালেমান অংশত গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপলৈ চাই কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি গ্রীষ্ম প্ৰবাহজনিত পৰিস্থিতি আৰু কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয়সমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলায় আৰু চিকিৎসালয়সমূহক গ্রীষ্ম প্রবাহৰ ফলত হোৱা ৰোগৰ চিকিৎ‍সাৰ বাবে বিশেষ গোটৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বিষয়াসকলক সকলো চিকিৎসালয়ত প্ৰভাৱিতসকলৰ বাবে সর্বোৎকৃষ্ট চিকিৎ‍সাৰ সুনিশ্চিত কৰিবলৈ কয়। সূত্ৰৰ পৰা জানিব পৰা মতে, স্বাস্থ্য মন্ত্ৰালয়ে বিশেষকৈ উত্তৰ ভাৰতত অব্যাহত থকা গ্ৰীষ্ম প্রবাহৰ প্রভাবলৈ...

June 6, 2024 8:29 PM

views 42

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী আৰু দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে জে পি নাড্ডাৰ বৈঠক

ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা-এন ডি এই চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ সভাপতি জে পি নাড্ডাই আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী আৰু দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, ৰাজনাথ সিং, মনসুখ মন্দাভিয়া, পীয়ুষ গোৱেল, অশ্বিনী বৈষ্ণৱকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। ইপিনে, বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউৰ নেতা নীতিশ কুমাৰৰ ৰাষ্ট্ৰীয় ৰাজধানীত থকা বাসগৃহতো দলটোৰ কেইবাগৰাকীও নেতাই এখন বৈঠকত মিলিত হয়। এন ডি এৰ নেতাসকলে সৰ...

May 8, 2024 11:34 AM

views 40

জে পি নাড্ডাৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকলৰ বৈঠক অনুষ্ঠিত

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অধ্যক্ষতাত কালি নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ টাৱড়ে, অৰুণ সিং, বি এল সন্তোষ আৰু দলৰ জ্যেষ্ঠ নেতা অশ্বিনী বৈষ্ণৱ উপস্থিত থাকে।

April 27, 2024 11:29 AM

views 14

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতক বিশ্বৰ সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰ অন্যতম ৰূপে গঢ়ি তোলাৰ কৃতিত্ব প্ৰদান জে পি নাড্ডাৰ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতক বিশ্বৰ সৰ্ববৃহৎ অৰ্থব্যৱস্থাসমূহৰ অন্যতম ৰূপে গঢ়ি তোলাৰ কৃতিত্ব প্ৰদান কৰিছে। তেওঁ দেশৰ পৰিবৰ্তন আনিবলৈ সমর্থ হৈছে আৰু বিগত এটা দশকত উন্নয়নৰ ন ন পৰিকল্পনাই আগবাঢ়িছে। শ্রী নাড্ডাই কয় যে যি সময়ত ইউৰোপ, জাপান আৰু ৰাছিয়াৰ দৰে দেশৰ অৰ্থনীতি থৰণ বৰক হৈ পৰিছে সেই সময়তো ভাৰত উজ্বল নক্ষত্ৰৰ দৰে অবিৰতভাবে আগবাঢ়ি গৈছে। কৰ্ণাটকৰ বিদ্ৰত কালি এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰী নাড্ডাই এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ১০ বছৰ পূৰ্...