September 24, 2024 1:00 PM

views 25

আই এছ এলৰ এখন খেলত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ বিৰুদ্ধে মোহন বাগান ছুপাৰ জায়েণ্টছৰ জয়লাভ

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত মোহন বাগান ছুপাৰ জায়েণ্টছ দলটোৱে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবক ৩-২ গলৰ ব্যৱধানত পৰাস্ত কৰে। নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ খেলুৱৈ মহম্মদ আলী বেমান্মাৰে খেলৰ চতুৰ্থ মিনিটতেই প্ৰথমটো গল দি দলটোক আগবঢ়াই নিয়ে যদিও খেলখনৰ আৰম্ভণিৰ পৰাই আক্রমণাত্মক ভূমিকা গ্রহণ কৰা মোহন বাগান দলটোৰ খেলুৱৈসকলে নৰ্থ ইষ্ট দলক প্ৰতিহত কৰিবলৈ সমৰ্থ হয়। মোহন বাগানৰ দীপ্যেন্দু বিশ্বাসে খেলৰ দশম মিনিটত প্রতিপক্ষৰ বেহু ভেদ কৰি সমতা স্থা...