February 22, 2025 12:06 PM

views 26

আই এছ এলত নর্থ ইষ্ট ইউনাইটেডক পৰাস্ত কৰি বেংগালুৰু ফুটবল ক্লাব পইন্ট তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত

ইণ্ডিয়ান চুপাৰ লীগ, আই এছ এল ফুটবল প্রতিযোগিতাত বেংগালুৰু ফুটবল ক্লাবে নর্থ ইষ্ট ইউনাইটেডক ২-০ গ'লত পৰাস্ত কৰি পইন্ট তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত হৈছে । কালি শ্বিলঙৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত বেংগালুৰু এফ চিৰ ৰিয়ান উইলিয়ামছ এ তৃতীয় মিনিটত আলবার্টো নোগুৱেৰাই ৮১ মিনিটত গ'ল দিয়ে। বেংগালুৰুৱে ২১ খন খেলত মুঠ ৩৪ পইন্ট লাভ কৰাৰ বিপৰীতে হাইলেণ্ডাৰছ এ মুঠ ৩২ পইন্টেৰে পঞ্চম স্থানত আছে । আজি পাঁচ বজাত নতুন দিল্লীত পঞ্জাৱ এফ চিয়ে ইষ্ট বেংগলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু সন্ধিয়া চাৰে সাত বজাত গোৱাত গোৱ...

February 14, 2025 12:33 PM

views 30

আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত নর্থ ইষ্ট ইউনাইটেড ক্লাৱৰ হাতত জামছেদপুৰ ক্লাৱ ২-০ গলত পৰাস্ত

নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাৱে কালি জামছেদপুৰত অনুষ্ঠিত আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত জামছেদপুৰ ফুটবল ক্লাৱক ২-০ গলত পৰাস্ত কৰে। নৰ্থ ইষ্ট ইউনাইটেডে আই এছ এল ফুটবল প্রতিযোগিতাৰ ইতিহাসত দুয়োটা দলৰ মাজত হোৱা ৬ খন খেলৰ ভিতৰত এইবাৰ প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে। নৰ্থ ইষ্ট ইউনাইটেড এতিয়া ২১ ফেব্ৰুৱাৰীত শ্বিলঙত হ'বলগীয়া এখন খেলত বেংগালুৰু ফুটবল ক্লাৱৰ সন্মুখীন হ'ব। ইপিনে, প্রতিযোগিতাত আজি ভূৱনেশ্বৰত হ'বলগীয়া এখন খেলত ওড়িশা ফণ্টিয়াৰ ক্লাৱ হায়দাবাদ ফ্লণ্টিয়াৰ ক্লাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

January 17, 2025 10:47 AM

views 29

আই এছ এল ফুটবল প্রতিযোগিতাৰ পাঞ্জাৱ এফ চি আৰু মুম্বাই চিটীৰ মাজৰ কালিৰ খেলখন ১-১ গলত ড্র’

আই এছ এল ফুটবল প্রতিযোগিতাত কালি নিশা নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত পাঞ্জাৱ এফ চি আৰু মুম্বাই চিটীৰ মাজৰ খেলখন ১-১ গলত ড্র' হয়। প্রতিযোগিতাৰ পইণ্ট তালিকাত মুম্বাই চিটী এফ চি ২৪ পইণ্টেৰে ষষ্ঠ স্থানত আৰু পাঞ্জাৱ এফ চি ২০ পইণ্টেৰে অষ্টম স্থানত আছে। প্রতিযোগিতাত আজি জামছেদপুৰৰ জে আৰ ডি টাটা স্পৰ্টছ কম্পলেক্সত জামছেদপুৰ এফ চি, মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব।

January 15, 2025 10:23 AM

views 36

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবলত মহমেদান এছ এচি, চেন্নাই এফ এচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবলত আজি মহমেদান এছ এচি, চেন্নাই এফ এচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন কলকাতাৰ কিশোৰ ভাৰতী ক্রীড়াংগণত সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। আই এছ এল-ৰ ৰেংকিং তালিকাত ১৫ খন খেলত লাভ কৰা ১০ পইণ্টেৰে মহম্মেদান এছ এচি দ্বাদশ আৰু ১০ খন খেলত লাভ কৰা ১৬ পইণ্টেৰে চেন্নাইন এফ এচি দশম স্থানত আছে।

January 12, 2025 11:36 AM

views 36

আই এছ এল ফুটবল প্রতিযোগিতাত মোহন বাগানৰ বিৰুদ্ধে ইষ্ট বেংগল ১-০ গলত পৰাস্ত

মোহন বাগানে জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি কালি গুৱাহাটীত অনুষ্ঠিত আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত ইষ্ট বেংগলক ১-০ গলত পৰাস্ত কৰে। মোহন বাগানৰ জেমি মেকলাৰেনে বিজয়সূচক গলটো দিয়ে। ইয়াৰ পূৰ্বে বেংগালুৰুত অনুষ্ঠিত প্রতিযোগিতাৰ আন এখন খেলত মোহম্মদান স্পোর্টছ ক্লাবে বেংগালুৰু এফ চিক ১-০ গলত পৰাভূত কৰে। মিৰ্জালোল কাছিমোফে খেলৰ ৮৮ মিনিটত একমাত্র গলটো দিয়ে। প্রতিযোগিতাত আজি মুম্বাইত হ'বলগীয়া এখন খেলত জামছেদপুৰ এফ চি মুম্বাই চিটীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে সাত বজাত অনুষ্ঠিত হ'ব।

January 5, 2025 8:50 PM

views 43

ইণ্ডিয়ান চুপাৰ লীগ ফুটবল প্রতিযোগিতাত  পাঞ্জাৱ এফ চি- কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি

ইণ্ডিয়ান চুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ আজি নতুন দিল্লীৰ জৱাহৰলাল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাৱ এফ চি- কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি হৈছে।  প্ৰতিযোগিতাৰ লীগ পৰ্যায়ত এতিয়ালৈকে দুয়োটা দল ৩ বাৰকৈ মুখামুখি হৈছে। ইয়াৰ ভিতৰত পাঞ্জাৱ এফ চিয়ে দুখনত আৰু কেৰালা ব্লাষ্টাৰ্ছে এখনত জয়লাভ কৰে। পাঞ্জাৱ এফ চিয়ে ১২ খন খেলৰ পৰা ১৮ পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাত অষ্টম স্থান আৰু কেৰালা ব্লাষ্টাৰ্ছে ১৪ খন খেলৰ পৰা ১৪ পইণ্ট লাভ কৰি দশম স্থানত আছে। ২০২৪-২৫ বৰ্ষৰ আই এছ এল ফুটবল প্রতিযোগিতাত...

January 2, 2025 10:10 AM

views 44

আই এছ এল ফুটবল প্রতিযোগিতাত মোহন বাগান ছুপাৰ জায়েণ্ট হায়দাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মোহন বাগান ছুপাৰ জায়েণ্ট আজি বিবেকানন্দ যুৱভাৰতী ক্রীড়াঙ্গনত হ'বলগীয়া আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত হায়দাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহন বাগান ছুপাৰ জায়েণ্টে বৰ্তমানলৈ ১৩খন খেলৰ পৰা ২৯ পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে। হায়দাবাদ এফ চিয়ে ১৩খন খেলৰ পৰা মাত্র ৮ পইণ্ট লাভ কৰি দ্বাদশ স্থানত আছে।

December 28, 2024 11:13 AM

views 39

আই এছ এলৰ কালি মহম্মেদান স্পর্টিং ক্লাব আৰু ওড়িশা এফ চিৰ খেলখন গলশূন্যভাবে সমাপ্ত

আই এছ এল ফুটবল প্রতিযোগিতাত যোৱা নিশা কলকাতাৰ কিশোৰ ভাৰতী ষ্টেডিয়ামত মহম্মেদান স্পর্টিং ক্লাব আৰু ওড়িশা এফ চিৰ মাজত অনুষ্ঠিত খেলখন গলশূন্যভাবে সমাপ্ত হয়। প্রতিযোগিতাত আজি ইষ্ট বেংগল এফ চি হায়দাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দিনটোৰ দ্বিতীয়খন খেলত চেন্নাই এফ চি বেংগালুৰু এফ চিৰ মুখামুখি হ'ব।

December 8, 2024 12:21 PM

views 35

গুৱাহাটীত আই এছ এল ফুটবল প্রতিযোগিতাৰ খেলত মোহন বাগান ছুপাৰ জায়েণ্টৰ মুখামুখি

নর্থ-ইষ্ট ইউনাইটেড এফ চি আজি গুৱাহাটীৰ সৰু সজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ'বলগা আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত মোহন বাগান ছুপাৰ জায়েণ্টৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে নৰ্থ-ইষ্ট ইউনাইটেড এফ চি কলকাতাত অনুষ্ঠিত প্রথম লেগৰ খেলত মোহন বাগানৰ হাতত পৰাজিত হৈছিল। মোহন বাগান ছুপাৰ জায়েণ্টে বৰ্তমানলৈ খেলা ৯ খনৰ ভিতৰত ৬ খনত জয়লাভ কৰি ২০ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে। নৰ্থ-ইষ্ট ইউনাইটেড এফ চি ১০ খন খেলৰ পৰা ১৫ পইণ্ট লাভ কৰি তা...

November 27, 2024 11:46 AM

views 37

আই এছ এল ফুটবল প্রতিযোগিতা এখন খেলত মুম্বাই চিটী ফুটবল ক্লাবৰ বিৰুদ্ধে পাঞ্জাব ফুটবল ক্লাবৰ জয়

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ মুম্বাই ফুটবল এৰিনাত অনুষ্ঠিত এখন খেলত কালি পাঞ্জাব ফুটবল ক্লাৱে মুম্বাই চিটী ফুটবল ক্লাৱক ৩-০ গ'লত পৰাস্ত কৰে। পাঞ্জাৱৰ হৈ ইজেকুৱেল ভিডাল, লুকা মাজচেন আৰু মুছাগা বাকেংগাই এটাকৈ গ'ল দি দলৰ বিজয় নিশ্চিত কৰে। এয়া হ'ল প্ৰতিযোগিতাৰ চলিত সংস্কৰণত ঘৰুৱা মাটিত মুম্বাইৰ প্ৰথম পৰাজয়। প্ৰতিযোগিতাত আজি কলকাতাৰ কিশোৰ ভাৰতী ক্রীড়াংগনত হ'বলগীয়া এখন খেলত বেংগালুৰু ফুটবল ক্লাৱ মহম্মেদান স্প'র্টিং ক্লাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ'ব।