May 9, 2025 11:39 AM

views 27

আই পি এল ক্রিকেটৰ পাঞ্জাব কিংছ-মুম্বাই ইণ্ডিয়ানছৰ মেচ ধৰ্মশালাৰ পৰা আহমেদাবাদলৈ স্থানান্তৰ, পাঞ্জাব কিংছ-ডেলহি কেপিটেলছৰ মেচ বাতিল

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা পাঞ্জাব কিংছ আৰু ডেলহি কেপিটেলছৰ মাজত হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত খেলখন সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে বাতিল কৰা হয়। পাকিস্তান সম্ভাব্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ফ্লাড লাইট নুমুওৱাৰ সময়ত পাঞ্জাব কিংছে ১০ অভাৰ আৰু এটা বলত এটা উইকেটৰ বিনিময়ত ১২২ ৰান কৰি খেলি আছিল । ইপিনে, পাঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত ধৰ্মশালাত হ'বলগীয়া খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ স্থানান্তৰিত কৰা হৈছে। সাম্প্ৰতিক প্ৰত্যাহ্বানৰ বাবে খেলখনৰ স্থান সলনি কৰ...