ডাউনলোড
মোবাইল এপ

android apple
signal

May 9, 2025 11:39 AM | ipl csk mi

printer

আই পি এল ক্রিকেটৰ পাঞ্জাব কিংছ-মুম্বাই ইণ্ডিয়ানছৰ মেচ ধৰ্মশালাৰ পৰা আহমেদাবাদলৈ স্থানান্তৰ, পাঞ্জাব কিংছ-ডেলহি কেপিটেলছৰ মেচ বাতিল

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা পাঞ্জাব কিংছ আৰু ডেলহি কেপিটেলছৰ মাজত হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত খেলখন সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে বাতিল কৰা হয়। পাকিস্তান সম্ভাব্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ফ্লাড লাইট নুমুওৱাৰ সময়ত পাঞ্জাব কিংছে ১০ অভাৰ আৰু এটা বলত এটা উইকেটৰ বিনিময়ত ১২২ ৰান কৰি খেলি আছিল ।

ইপিনে, পাঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত ধৰ্মশালাত হ’বলগীয়া খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ স্থানান্তৰিত কৰা হৈছে। সাম্প্ৰতিক প্ৰত্যাহ্বানৰ বাবে খেলখনৰ স্থান সলনি কৰা হৈছে । দেওবাৰে পূৰ্বৰ সূচী অনুসৰি বিয়লি চাৰে ৩ বজাত খেলখন খেলোৱা হ’ব। প্রতিযোগিতাত আজি লক্ষ্ণৌত হ’বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক