June 3, 2025 1:17 PM

views 39

ৰয়েল চেলেঞ্জাৰ্ছ আৰু পাঞ্জাৱ কিংছৰ মাজত আজি আই পি এল ক্রিকেটৰ চলিত সংস্কৰণৰ ফাইনেল খেল

আই পি এল ক্রিকেট প্রতিযোগিতাৰ চলিত সংস্কৰণৰ ফাইনেল খেলখন আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পাঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া চাৰে ৭ বজাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হ'ব। ৰজত পাৰ্টিদাৰ নেতৃত্বাধীন বেংগালুৰুৰ দলটোৱে চণ্ডীগড়ত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰ খেলত পঞ্জাৱ কিংছক ৮ উইকেটত আৰু শ্ৰেয়াছ আয়াৰৰ নেতৃত্বাধীন পাঞ্জাৱ কিংছে আহমেদাবাদত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰ খেলত মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্ল...

June 2, 2025 10:09 AM

views 39

পাঞ্জাব কিংছ আই পি এলৰ ফাইনেলত প্ৰৱেশ

আই পি এল ক্রিকেট প্রতিযোগিতাত পাঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছে বান্ধি দিয়া ২০৪ ৰানৰ বিজয় লক্ষ্য পাঞ্জাব কিংছে এটা অভাৰ বাকী থকা অৱস্থাত সহজে অতিক্ৰম কৰে। পাঞ্জাব কিংছৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে অপৰাজিত ৮৭ ৰান সংগ্রহ কৰে। নিহাল ৱাধেৰাই ৪৮ ৰানৰ বৰঙণি আগবঢ়ায়। মুম্বাই ইণ্ডিয়ানছৰ হৈ আশ্বানী কুমাৰে দুটা উইকেট দখল কৰে। শ্রেয়াছ আয়াৰক প্লেয়াৰ অৱ মেচ ঘোষণা কৰ...

May 29, 2025 6:12 PM

views 9

সন্ধিয়া ৭.৩০ বজাত আই পি এলত প্লে অফত পঞ্জাৱ কিংছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

আই পি এল ক্রিকেট প্রতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। মুল্লানপুৰত আজি হ'বলগীয়া প্ৰথমখন কোৱালিফায়াৰত পইণ্ট তালিকাৰ শীৰ্ষত থকা পঞ্জাৱ কিংছ দ্বিতীয় স্থানৰ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কাইলৈ হ'বলগীয়া এলিমিনেটৰ খেলত পইণ্ট তালিকাৰ তৃতীয় স্থানত থকা গুজৰাট টাইটানছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এলিমিনেটৰ খেলত জয়লাভ কৰা দলটো দেওবাৰে হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত প্ৰথম কোৱালিফায়াৰত পৰাজিত দলটোৰ সন...

May 29, 2025 12:28 PM

views 26

আই পি এল ক্রিকেট প্রতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। মুল্লানপুৰত আজি হ'বলগীয়া প্ৰথমখন কোৱালিফায়াৰত পইণ্ট তালিকাৰ শীৰ্ষত থকা পঞ্জাৱ কিংছ দ্বিতীয় স্থানৰ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কাইলৈ এলিমিনেটৰ খেলৰ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানৰ গুজৰাট টাইটানছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এলিমেনেটৰ খেলত জয়লাভ কৰা দলটো দেওবাৰে দ্বিতীয়খন কোৱালিফায়াৰত প্ৰথমখন কোৱালিফায়াৰত পৰাজিত দলটোৰ সন্মুখীন হ'ব। এই ...

May 28, 2025 9:33 PM

views 11

আই পি এলৰ কাইলৈ প্ৰথমখন কোৱালিফায়াৰত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু বনাম পঞ্জাব কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাত কাইলৈ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু, পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনত জয়লাভ কৰা দলটোৱে পোনে পোনে ফাইনেলত প্ৰবেশ কৰিব। পৰাজিত দলটোৱে ফাইনেলত স্থান নিশ্চিত কৰাৰ আৰু এটা সুযোগ লাভ কৰিব। প্রতিযোগিতাৰ পইণ্ট তালিকাত তৃতীয় স্থানত থকা গুজৰাট টাইটানছ অহা শুকুৰবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে এলিমিনেটৰ খেলাত অৱতীৰ্ণ হ'ব। এই খেলখনত জয়লাভ কৰা দলটো দ্বিতীয়খন কোৱালিফায়াৰত প্ৰথমখন কোৱালিফায়াৰত পৰাজিত দলটোৰ সন্মুখীন হ'ব।

May 27, 2025 12:06 PM

views 31

IPL: সন্ধিয়া ৭.৩০ বজাত লক্ষ্ণৌ ছুপাৰ জায়েন্ট বনাম ৰয়েল ছেলেঞ্জার্ছ বেংগালুৰু

■ আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক ৭ উইকেটত পৰাস্ত কৰে। এই জয়ৰ সুবাদত পাঞ্জাবে প্রতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ শীৰ্ষ দুটা দলৰ মাজত নিজৰ স্থান সুনিশ্চিত কৰে। দলটোৱে লগতে অহা বৃহস্পতিবাৰে ছণ্ডিগড়ত হ'বলগীয়া প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলৰ বাবেও যোগ্যতা অর্জন কৰে। কালিৰ খেলখনত ১৮৫ ৰানৰ জয়ৰ লক্ষ্যৰে খেলি দলটোৱে ১৮ অভাৰ আৰু ৩ টা বলত তিনিটা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্রম কৰে। দলৰ হৈ জছ ইংলিছে ৭৩ আ...

May 26, 2025 12:34 PM

views 50

আই পি এলত আজি পাঞ্জাৱ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত পাঞ্জাৱ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। আনহাতে, কালি নিশা দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত হোৱা এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে কলকাতা নাইট ৰাইডাৰ্ছক ১১০ ৰানত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰণ কৰি দিয়া ২৭৯ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা কলকাতাৰ দলটোৱে নিৰ্ধাৰিত অভাৰত শেষ হ'বলৈ ৮টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ১৬৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। কলকাতা ন...

May 24, 2025 12:35 PM

views 40

আই পি এলত সন্ধিয়া ৭.৩০ বজাত পঞ্জাব কিংছ বানান দেলহী কেপিটেলছ

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ৪২ ৰানত পৰাস্ত কৰে। ২৩২ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা বেংগালুৰুৰ দলটোৱে নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ এটা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই ১৮৯ বানহে কৰিবলৈ সমৰ্থ হয়। ১৪ অভাৰলৈ দলটোৰ প্ৰদৰ্শন আশাব্যঞ্জক আছিল যদিও ইয়াৰ পাছত মাত্র ১৬ ৰানতেই শেষৰ ৭টা উইকেট হেৰুৱাই পৰাজয়ৰ দিশে গতি কৰে। ছানৰাইজাৰ্ছ হায়দাবাদৰ হৈ পেট কামিন্সে ৩টা আৰু এশ্বান মালিংগাই দুটা উইকেট ...

May 23, 2025 12:41 PM

views 31

আই পি এলত সন্ধিয়া ৭.৩০ বজাত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দাবাদৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে গুজৰাট টাইটানছক ৩৩ ৰানত পৰাস্ত কৰে। খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্ট ছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত দুটা উইকেট হেৰুৱাই ২৩৫ ৰান সংগ্ৰহ কৰে। লক্ষ্ণৌৰ হৈ মিছেল মার্শ্বে ৬৪টা বলত ১১৭ ৰান কৰে আৰু নিকোলাচ পূৰণে ২৭টা বলত ৫৬ ৰান কৰি আউট নোহোৱাকৈ থাকে। প্ৰত্যুত্তৰত গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ২০২ ৰানহে কৰিবলৈ সমৰ্থ হয়। মিছেল মাৰ্শ্বক প্লেয...

May 22, 2025 12:20 PM

views 11

আই পি এলত আজি সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ’ব

■ আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ডেলহি কেপিটেলছক ৫৯ বানত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰা চতুর্থ তথা অন্তিমটো দল ৰূপে পৰিগণিত হয়। ইয়াৰ বিপৰীতে আই পি এলৰ এইবাৰৰ সংস্কৰণত ডেলহি কেপিটেলছৰ যাত্ৰাৰ সামৰণি পৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেটৰ বিনিময়ত ১৮০ বান কৰে। মুম্বাইৰ হৈ সূৰ্য কুমাৰ যাদৱে ৪৩টা বলত ৭৩ ৰান কবি আউট নোহোৱাকৈ থাকে। দিল্লীৰ মুকেশ কুমাৰে দুটা উইকে...