আই পি এল ক্রিকেট প্রতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ‘ব। মুল্লানপুৰত আজি হ‘বলগীয়া প্ৰথমখন কোৱালিফায়াৰত পইণ্ট তালিকাৰ শীৰ্ষত থকা পঞ্জাৱ কিংছ দ্বিতীয় স্থানৰ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ‘ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ‘ব।
প্ৰতিযোগিতাত কাইলৈ এলিমিনেটৰ খেলৰ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানৰ গুজৰাট টাইটানছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ‘ব। এলিমেনেটৰ খেলত জয়লাভ কৰা দলটো দেওবাৰে দ্বিতীয়খন কোৱালিফায়াৰত প্ৰথমখন কোৱালিফায়াৰত পৰাজিত দলটোৰ সন্মুখীন হ‘ব। এই খেলখনত জয়লাভ কৰা দলটো ৩ জুনত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হবলগীয়া ফাইনেলত প্ৰথমখন কোৱালিফায়াৰত জয়লাভ কৰা দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ‘ব।