December 7, 2024 7:34 PM
21
দেশজুৰি যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ১০০ দিনীয়া কাৰ্যসূচী গ্ৰহণ
২০২৫ৰ ভিতৰত ভাৰতবৰ্ষক যক্ষ্মা মুক্ত কৰাৰ উদ্দেশ্যে দেশজুৰি কেন্দ্ৰীয় চৰকাৰে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে এশদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিক যক্ষ্মা আক্রান্ত ৰোগী থকা জিলাসমূহক কেন্দ্ৰ কৰি ৰোগটো নিৰ্মূল কৰিবলৈ হাতত লোৱা কাৰ্যসূচীত জনসাধাৰণৰ সক্ৰিয় সহযোগ আশা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে নতুন ঔষধ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু উন্নত নিদান প্ৰক্ৰিয়াৰ দ্বাৰা দেশবাসীয়ে যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছে বুলি অৱগত কৰে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে তেওঁ ৰোগ...