January 22, 2025 3:12 PM

views 32

পানীয় প্রস্তুতকাৰী কোম্পানী AB InBev ভাৰতৰ বিভিন্ন প্ৰান্তত ২৫ কোটি ডলাৰ বিনিয়োগৰ কথা ঘোষণা

পানীয় প্রস্তুতকাৰী কোম্পানী AB InBev ভাৰতৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ২-৩ বছৰৰ ভিতৰত ২৫ কোটি ডলাৰ বিনিয়োগৰ কথা ঘোষণা কৰিছে বুলি খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্রী ছিৰাগ পাছোৱানে প্রকাশ কৰিছে। চুইজাৰলেণ্ডৰ ডাভ' ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ বাৰ্ষিক বৈঠকত অংশ লোৱাৰ সময়তে কোম্পানীটোৰ সৈতে অনুষ্ঠিত আলোচনাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ ক্ষেত্ৰখনত এয়া এটা ঐতিহাসিক পদক্ষেপ হিচাপে পৰিগণিত হৈছে।ইয়াৰ ফলত নিয়োগ সৃষ্টি আৰু অৰ্থনৈতিক বিকাশৰ নতুন অধ্যায়ৰ ...

January 2, 2025 9:49 AM

views 35

দেশত যোৱা ডিচেম্বৰ মাহত ১ লাখ ৭৬ হাজাৰ কোটিৰো অধিক টকা সামগ্ৰী আৰু সেৱা কৰ, জি এছ টি সংগ্রহ

ডিচেম্বৰত দেশত সামগ্ৰী আৰু সেৱা কৰ, জি এছ টি সংগ্রহ ২০২৩ বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ৭.৩ শতাংশ বৃদ্ধি পাই ১ লাখ ৭৬ হাজাৰ কোটিৰো অধিক টকা হয়। ২০২৩ চনৰ ডিচেম্বৰত সংগৃহীত জি এছ টিৰ পৰিমাণ আছিল ১ লাখ ৬৪ হাজাৰ কোটি টকা। ডিচেম্বৰত দেশত ৩২ হাজাৰ ৮৩৬ কোটি টকাৰ কেন্দ্ৰীয় জি এছ টি আৰু ৪০ হাজাৰ ৪৯৯ কোটি টকাৰ ৰাজ্যিক জি এছ টি সংগৃহীত হয়। ইয়াৰ উপৰি এই সময়ছোৱাত ৪৭ হাজাৰ ৭৮৩ কোটি টকাৰ সংহত জি এছ টি আৰু ১১ হাজাৰ ৪৭১ কোটি টকাৰ উপকৰ সংগৃহীত হয়। নবেম্বৰত মুঠ জি এছ টি সংগ্ৰহ ৮.৫ শতাংশ বৃদ্ধি পাই ১ লাখ ৮২ হাজা...

December 27, 2024 3:46 PM

views 22

কাইলৈ ড০ মনমোহন সিঙৰ শেষ কৃত্য

যোৱা নিশা দেহাৱসান ঘটা প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ নশ্বৰদেহ বৰ্তমান নতুন দিল্লীৰ মতিলাল নেহৰু মাৰ্গত থকা তেওঁৰ বাসগৃহত ৰখা হৈছে আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে নেতাগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা তৰ্পণ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মূৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰদেহত পুষ্পার্ঘ্য নিবেদন কৰি তেওঁৰ প্ৰতি সন্মান জনায়। কংগ্ৰেছ দলৰ সূত্ৰই জনোৱা মতে কাইলৈ ড০ মনমোহন সিঙৰ অন্তিম যাত্রা অনুষ্ঠিত ...

December 24, 2024 10:11 AM

views 30

কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াই গুজৰাটৰ বদন নগৰত হ’বলগীয়া মাই ভাৰত সু-শাসন পদযাত্ৰাৰ পতাকা উত্তোলন কৰিব

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই আজি গুজৰাটৰ বদন নগৰত হ'বলগীয়া মাই ভাৰত সু-শাসন পদযাত্ৰাৰ পতাকা উত্তোলন কৰিব। প্রাক্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মবার্ষিকী উপলক্ষে ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰক্সা সাদচেও উপস্থিত থাকিব। উল্লেখযোগ্য যে ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে আয়োজিত এই অনুষ্ঠানত প্রায় ১৫ হাজাৰ ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। আমাৰ সং...

December 19, 2024 8:55 PM

views 41

কেন্দ্ৰীয় চৰকাৰে দেশত খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত মুঠ ১,২৫০ টা খেল’ ইণ্ডিয়া কেন্দ্ৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে দেশত খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত মুঠ ১,২৫০ টা খেল’ ইণ্ডিয়া কেন্দ্ৰৰ অনুমোদন দিছে। ৰাজ্যসভাত আজি লিখিত উত্তৰত কেন্দ্ৰীয় যুৱ-পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই জনাই যে, কেন্দ্ৰই বিভিন্ন আঁচনিৰ অধীনত ৰাজ্যসমূহৰ খেলৰ আন্তঃগাঁথনি শক্তিশালী কৰি গঢ়ি তুলিবলৈ সহায় আগবঢ়াই আহিছে। খেল' ইণ্ডিয়া আঁচনিৰ অধীনত সমগ্ৰ দেশতে ৩২৩টা ক্রীড়া আন্তঃগাঁথনি প্ৰকল্পৰ অনুমোদন জনাইছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

December 19, 2024 5:24 PM

views 25

২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত স্বাস্থ্যসেৱা খণ্ড অত্যন্ত গুৰুত্বপূর্ণ উপাদানঃ কেন্দ্রীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্রীবাস্তৱ

ৰাষ্ট্ৰৰ জনসংখ্যাগত লভ্যাংশৰ ব্যৱহাৰ, উদ্ভাৱনক আগুৱাই নিয়া আৰু বহনক্ষম অগ্রগতি নিশ্চিত কৰাৰ বাবে শক্তিশালী স্বাস্থ্যসেৱা আৰু গুণগত শিক্ষা ব্যৱস্থাত বিনিয়োগ অতি প্রয়োজনীয় বুলি কেন্দ্রীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্রীবাস্তৱে মন্তব্য কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বার্ষিক স্বাস্থ্য সন্মিলনত দিয়া ভাষণত শ্ৰীমতী শ্রীবাস্তৱে কয় যে ভাৰতৰ স্বাস্থ্যসেৱাৰ কাৰ্যসূচীয়ে প্ৰতিজন নাগৰিকৰ বাবে স্বাস্থ্যসেৱাক সুলভ, কমখৰচী আৰু সৰ্বাংগীন কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচ...

December 13, 2024 8:37 PM

views 25

২০২৩ চনত দেশত ১৮ হাজাৰৰো অধিক অংগ সংৰোপণ আৰু ১৬ হাজাৰ ৫৪২ টা অংগ দান পঞ্জীয়ন হৈছেঃ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী প্ৰতাপ ৰাও যাধৱে

দেশত ব্যাপক সজাগতা অভিযান আৰু নতুনকৈ গ্ৰহণ কৰা ভালেমান ব্যৱস্থাৰ বাবে অংগদান, অংগ সংৰোপণ আৰু কলা দান বৃদ্ধি পাইছে। লোকসভাত আজি এটা লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী প্ৰতাপ ৰাও যাধৱে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০২৩ চনত দেশত ১৮ হাজাৰৰো অধিক অংগ সংৰোপণ আৰু ১৬ হাজাৰ ৫৪২ টা অংগ দান পঞ্জীয়ন হৈছে। তেওঁ কয়, যে ২০১৮ চনত অংগ সংৰোপণৰ সংখ্যা আছিল প্ৰায় ৭ হাজাৰ আৰু অংগ দানৰ সংখ্যা আছিল ৬,২৯৪।

December 11, 2024 2:33 PM

views 30

নেপাল পর্যটন ব’ৰ্ডৰ সহযোগত কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসৰ প্ৰথম ভাৰত-নেপাল পর্যটন অধিবেশনৰ আয়োজন

কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে নেপাল পর্যটন ব'ৰ্ডৰ সহযোগত কালি প্ৰথম ভাৰত-নেপাল পর্যটন অধিবেশনৰ আয়োজন কৰে। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ প্ৰচাৰ আৰু ভাৰত আৰু নেপালৰ মাজত পাৰস্পৰিক পৰ্যটন ব্যৱস্থাক লাভান্বিত কৰিবলৈ সংযোগ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। নেপাল চৰকাৰৰ সাংস্কৃতিক, পর্যটন আৰু অসামৰিক বিমান পৰিবহণৰ ৰাজ্য মন্ত্ৰী অৰুণ কুমাৰ চৌধুৰীয়ে অধিৱেশন উদ্বোধন কৰে। উদ্বোধনী ভাষণত নেপাল পর্যটন ব'ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক ৰাজ যোশীয়ে ভাৰত, নেপাল অভিমুখী বিদেশী পৰ্য...

December 9, 2024 2:32 PM

views 39

ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য ভাৰতৰ

ভাৰতে ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য কৰিছে। বিদেশ মন্ত্ৰ্যালয়ে এটা বিবৃতে যোগে আজি কয়, যে মন্ত্ৰ্যালয়ে ছিৰিয়াৰ শেহতীয়া পৰিস্থিতি আৰু ঘটনাক্ৰম নিৰীক্ষণ কৰি আছে। নতুন দিল্লী মহলে ছিৰিয়াৰ সমাজৰ সকলো শ্ৰেণীৰ আশা-আকাংক্ষাক সন্মান কৰি এই দেশৰ নেতৃত্বত শান্তিপূৰ্ণ আৰু সৰ্বাত্মক ৰাজনৈতিক প্ৰক্ৰিয়াৰ পোষকতা কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে, ডামাছকাছত থকা ভাৰতীয় দূতাবাসে দেশখনত থকা প্ৰবাসী ভাৰতীয়সকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ...

December 7, 2024 8:47 PM

views 31

৩দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াত উপস্থিত হ’ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াত উপস্থিত হ'ব। এই ভ্ৰমণকালত তেওঁ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলোছ'ভৰ সৈতে মস্কোত যুটীয়াভাৱে সামৰিক আৰু সামৰিক প্ৰযুক্তি সহযোগিতা সম্বন্ধীয় ২১ সংখ্যক ভাৰত-ৰাছিয়া আন্তঃচৰকাৰ আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। মন্ত্ৰী দুগৰাকীয়ে সামৰিক আৰু ঔদ্যোগিক সহযোগিতাৰ ক্ষেত্ৰত দেশ দুখনৰ মাজত থকা বহুমুখী সম্পৰ্কৰ পৰ্যালোচনা কৰিব। পাৰস্পৰিক স্বার্থজড়িত সমসাময়িক আঞ্চলিক আৰু বিশ্বত চলি থকা বিষয়সমূহৰ সন্দৰ্ভতো আলোচনা কৰিব। ভ্রমণসূচ...