June 12, 2024 2:10 PM

views 19

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অহা ২৪ জুনত আৰম্ভ হ’ব

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অহা ২৪ জুনত আৰম্ভ হ'ব। এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলৰ শপতগ্ৰহণ, অধ্যক্ষ নির্বাচন, ৰাষ্ট্ৰপতিৰ ভাষণ আদিকে ধৰি আন কেতবোৰ বিষয় আলোচনা কৰা হ'ব। আনহাতে ৰাজ্যসভাৰ ২৬৪ সংখ্যক অধিৱেশন ২৭ জুনত আৰম্ভ হ'ব আৰু ৩ জুলাইত অন্ত পৰিব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, দেশৰ জনসাধাৰণে তেওঁলোকৰ নেতা নির্বাচন কৰিলে আৰু এতিয়া দেশৰ সেৱা কৰাটোৱে হৈছে আমাৰ কৰ্তব্য। তেওঁ লগতে কয় যে, সংসদ হৈছে ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰ্ণ কৰাৰ বাবে আলোচনা, সমালোচনা তথা বিত...

June 12, 2024 12:48 PM

views 22

লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিৱেদীক পৰৱৰ্ত্তী স্থল সেনাধ্যক্ষ হিচাপে নিযুক্তি

লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিৱেদীক পৰৱৰ্ত্তী স্থল সেনাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। অহা ৩০ জুনত তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিব। বৰ্তমানৰ স্থল সেনাধ্যক্ষ জেনেৰেল মনোজ পাণ্ডেৰ অৱসৰৰ বাবে শ্রী দ্বিৱেদীক তেওঁৰ স্থলাভিষিক্ত কৰা হ'ব। ১৯৬৪ চনৰ পহিলা জুলাইত জন্মগ্রহণ কৰা লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিৱেদীয়ে ১৯৮৪ চনৰ ১৫ ডিচেম্বৰত ভাৰতীয় সেনাৰ পদাতিক বাহিনী জম্মু-কাশ্মীৰ ৰাইফলছত যোগদান কৰিছিল। প্ৰায় ৪০ বছৰজোৰা দীঘলীয়া আৰু বিশিষ্ট সেৱা কালত তেওঁ বিভিন্ন পদত সেৱা আগবঢ়াইছে। স্থলসেনা বাহিনীৰ উপ-সেনা ...

June 12, 2024 12:22 PM

views 35

২০২৪ চনৰ জুনৰ বাবে কৰৰ অংশ হিচাপে ৰাজ্যসমূহলৈ ১ লাখ ৩৯ হাজাৰ কোটিতকৈও অধিক টকা মুকলি বিত্ত মন্ত্ৰালয়ৰ

কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ে ২০২৪ চনৰ জুনৰ বাবে কৰৰ অংশ হিচাপে ৰাজ্যসমূহলৈ ১ লাখ ৩৯ হাজাৰ কোটিতকৈও অধিক টকা মুকলি কৰি দিছে। ইয়াৰে অসমে ৪ হাজাৰ ৩৭১ কোটি ৩৮ লাখ টকা লাভ কৰিছে। বিত্ত মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই ধনৰাশিয়ে ৰাজ্যসমূহক উন্নয়নমূলক কাম-কাজ খৰতকীয়া কৰাৰ লগতে মূলধনী ব্যয়ৰ ক্ষেত্ৰত সহায় কৰিব। উত্তৰ প্রদেশে সৰ্বাধিক ২৫ হাজাৰ কোটিতকৈও অধিক টকা লাভ কৰিছে। বিহাৰে ১৪ হাজাৰ কোটিতকৈও অধিক টকা, মধ্যপ্রদেশে প্রায় ১১ হাজাৰ কোটি আৰু পশ্চিমবংগই ১০ হাজাৰ কোটিতকৈও অধিক টকা লাভ কৰিছে। উল্লেখযোগ্...

June 8, 2024 2:52 PM

views 25

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে বিশেষ কাৰ্যসূচীৰ প্ৰস্তুতি

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে যোগ সাধনাৰ ইতিবাচক দিশ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কেতবোৰ বিশেষ কাৰ্যসূচীৰ প্ৰস্তুতি চলাইছে। কালি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজু আৰু আয়ুস বৈদ্য ৰাজেশ কোটেশাই এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা কৰ্মসূচীসমূহ পৰ্যৱেশন কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আকাশবাণী আৰু দূৰদৰ্শনে যোগ বিশেষজ্ঞৰ সাক্ষাৎকাৰ আৰু কেতবোৰ প্ৰাতঃ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ কৰিব৷

June 8, 2024 1:30 PM

views 28

বুধবাৰে এন চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব

তেলেগু দেশম পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি এন চন্দ্ৰবাবু নাইডুৱে অহা বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। বিজয়ৱাড়াৰ সমীপত আয়োজিত শপতগ্রহণ অনুষ্ঠানত এন ডি এৰ ভালে কেইগৰাকী জ্যেষ্ঠ নেতা আৰু চুবুৰীয়া ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থকাৰ সম্ভাৱনা আছে। এন ডি এ মিত্ৰজোঁটৰ সহযোগী দল তেলেগু দেশম পার্টি, জনসেনা আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত ১৭৫ খন আসনৰ ভিতৰত ১৬৪ খনতে জয় লাভ কৰিছে।

June 1, 2024 8:32 PM

views 34

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে দিল্লীত বিৰোধী আই এন ডি আই মিত্ৰজোঁটৰ বৈঠক

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে নতুন দিল্লীত আজি বিৰোধী আই এন ডি আই মিত্ৰজোঁটৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মিত্রজোঁটটোৱে লোকসভা নিৰ্বাচনত তেওঁলোকে ২৯৫ৰো অধিক আসন লাভ কৰিব বুলি বিশ্বাস ব্যক্ত কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই কয় যে, তেওঁলোকে নির্বাচন আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে। বিৰোধী পক্ষৰ নেতাসকলে লগতে ভোট গণনাৰ দিনা ল'ব লগীয়া সতৰ্কতামূলক ব্যৱস্থাৰ বিষয়েও আলোচনা কৰা বুলি কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে। তেও...

June 1, 2024 8:30 PM

views 32

১৯ এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়াৰ সামৰণি

◊লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে ১৯ এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়াৰো আজি সামৰণি পৰিল। বিগত ৪৩ দিনত দেশৰ ৫৪২টা সমষ্টিৰ ভোটদাতাসকলে অষ্টাদশ লোকসভালৈ নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ উদ্দেশ্যে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে এইবেলি দেশৰ মুঠ ৫৪৩টা সমষ্টিৰ ভিতৰত ৫৪২টাৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হৈছে। ছুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীগৰাকী বিনা প্রতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে। সপ্তম পৰ্যায়ত আজি পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰ...

June 1, 2024 2:39 PM

views 21

তেল বিপণন কোম্পানীসমূহে প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডৰৰ মূল্য ৬৯ টকা ৫০ পইচাকৈ হ্ৰাস কৰিছে

তেল বিপণন কোম্পানীসমূহে প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডৰৰ মূল্য ৬৯ টকা ৫০ পইচাকৈ হ্ৰাস কৰিছে। ভাৰতীয় তেল নিগম লিমিটেড অর্থাৎ আই অ' চি এল এ ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এতিয়াৰ পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰ এহেজাৰ ৬৭৪ টকাত ক্ৰয় কৰিব পাৰিব। সমান্তৰালভাৱে কলকাতাত প্ৰতিটো এল পি জি চিলিণ্ডাৰৰ মূল্য ৭২ টকা, মুম্বাইত ৬৯ টকা ৫৯ পইচা আৰু চেন্নাইত ৭০ টকা ৫০ পইচাকৈ হ্ৰাস পাইছে। এই পৰিশোধিত মূল্য আজিৰে পৰা প্ৰযোজ্য হ’ব।

May 31, 2024 8:28 PM

views 31

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন ৮.২ শতাংশলৈ বৃদ্ধি পোৱাৰ ধাৰণা

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন ৮.২ শতাংশলৈ বৃদ্ধি পোৱাৰ ধাৰণা কৰা হৈছে। যোৱাটো বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ৭ শতাংশ হৈছিল। পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, ২০২৩-২৪ বৰ্ষত মুঠ প্রকৃত ঘৰুৱা উৎপাদনে ১৭৩ লাখ কোটি টকা অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে।

May 31, 2024 6:51 PM

views 39

বিহাৰত গ্ৰীষ্ম প্ৰৱাহৰ ফলত ২৯ গৰাকী লোকৰ মৃত্যু

বিহাৰত গ্ৰীষ্ম প্ৰৱাহৰ ফলত ২৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০০ গৰাকীতকৈ অধিক লোক ৰোগাক্ৰান্ত হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত ২৪ ঘণ্টাত ঔৰংগাবাদ জিলাৰ তাপমাত্রা ৪৮ ডিগ্ৰী ছেলছিয়াছ অতিক্রম কৰাৰ লগতে জিলাখনত ১২ গৰাকী লোকৰ মৃত্যু হয়। ইপিনে, ভোজপুৰ জিলাত ছগৰাকী তথা ৰোহতাছ আৰু জেহানাবাদ জিলাত চাৰিগৰাকীকৈ লোকৰ মৃত্যু হয়। আনহাতে, ৰাজ্যখনৰ বুক্সাৰ, আৰৱাল আৰু নালন্দা জিলাত এগৰাকীকৈ লোকৰ মৃত্যু হয়। জিলাকেইখনত নিৰ্বাচনী কর্তব্য সম্পন্ন কৰি থকাৰ সময়ত গ্ৰীষ্ম প্ৰৱাহৰ বাবে দুগৰাকী গৃহৰক্ষী জ...