তেল বিপণন কোম্পানীসমূহে প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডৰৰ মূল্য ৬৯ টকা ৫০ পইচাকৈ হ্ৰাস কৰিছে। ভাৰতীয় তেল নিগম লিমিটেড অর্থাৎ আই অ’ চি এল এ ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এতিয়াৰ পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰ এহেজাৰ ৬৭৪ টকাত ক্ৰয় কৰিব পাৰিব। সমান্তৰালভাৱে কলকাতাত প্ৰতিটো এল পি জি চিলিণ্ডাৰৰ মূল্য ৭২ টকা, মুম্বাইত ৬৯ টকা ৫৯ পইচা আৰু চেন্নাইত ৭০ টকা ৫০ পইচাকৈ হ্ৰাস পাইছে। এই পৰিশোধিত মূল্য আজিৰে পৰা প্ৰযোজ্য হ’ব।
Assamese | June 1, 2024 2:39 PM | Gas Cylinder | India | Local news | LPG
তেল বিপণন কোম্পানীসমূহে প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডৰৰ মূল্য ৬৯ টকা ৫০ পইচাকৈ হ্ৰাস কৰিছে