November 5, 2024 2:00 PM November 5, 2024 2:00 PM

views 8

ব্যক্তিগত সম্পত্তি সম্প্ৰদায়ৰ ভৌতিক সম্পদ অংশ নহয়, যিবোৰ সংবিধানৰ ৩৯ (খ) অনুচ্ছেদৰ অধীনত চৰকাৰে পুনৰ বিতৰণ কৰিব পাৰেঃ উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে আজি এটা সংখ্যাগৰিষ্ঠ ৰায়েৰে সকলো ব্যক্তিগত সম্পত্তি সম্প্ৰদায়ৰ ভৌতিক সম্পদ অংশ নহয়, যিবোৰ সংবিধানৰ ৩৯ (খ) অনুচ্ছেদৰ অধীনত চৰকাৰে পুনৰ বিতৰণ কৰিব পাৰে। অৱশ্যে সম্প্ৰদায়ৰ বাবে অতিকে গুৰুত্বপূৰ্ণ আৰু উপযোগী বুলি বিবেচিত হ’লে একাংশ ব্যক্তিগত সম্পত্তি এই শ্ৰেণীত অন্তৰ্ভুক্ত হ’ব পাৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন এখন ৯জনীয়া বিচাৰপীঠৰ ৮ গৰাকী সদস্যই ৰায়টোৰ সপক্ষে মত প্ৰকাশ কৰে। বিচাৰপীঠখনৰ সদস্য ন্যায়াধীশ নাগৰত্নাই আংশিকভাৱে সন্মতি প্ৰকাশ কৰাৰ বিপৰীতে ন্যায়া...

November 4, 2024 5:58 PM November 4, 2024 5:58 PM

views 17

ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাৰ্ট নবীকৰণযোগ্য শক্তি লাভ কৰাৰ লক্ষ্যৰে ৯০ গিগাৱাট সৌৰ শক্তি স্থাপন কৰিছেঃ প্রহ্লাদ যোশী

নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে আজি কৈছে যে, ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাৰ্ট নবীকৰণযোগ্য শক্তি লাভ কৰাৰ লক্ষ্যৰে ৯০ গিগাৱাট সৌৰ শক্তি স্থাপন কৰিছে৷ শ্ৰী যোশীয়ে নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ সপ্তম সত্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে ৩৭ দশমিক ৫ গিগাৱাট নৱীকৰণযোগ্য শক্তিৰ ৫০ খন সৌৰ উদ্যানৰ বাবে অনুমোদন জনাইছে। তেওঁ লগতে কয় যে এইবছৰ বিশ্বৰ সৌৰ খণ্ডই প্ৰায় ২ টেৰাৱাট স্থাপন কৰা সৌৰ ফটোভল্টায়িক ক্ষমতা লাভ কৰিবলৈ সাজু হৈছে। উল্...

November 1, 2024 5:40 PM November 1, 2024 5:40 PM

views 9

ৰাজেশ কুমাৰ সিঙৰ দেশৰ প্ৰতিৰক্ষা সচিবৰ দায়িত্বভাৰ গ্ৰহণ

কেৰালা কেডাৰৰ ১৯৮৯ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ৰাজেশ কুমাৰ সিঙে আজি দেশৰ প্ৰতিৰক্ষা সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ এই পদৰ পৰা কালি অৱসৰ গ্ৰহণ কৰা অন্ধ্ৰ প্ৰদেশ কেডাৰৰ ১৯৮৮ বৰ্ষৰ প্ৰশাসনিক বিষয়া গিৰিধৰ আৰামানেৰ স্থলাভিষিক্ত হৈছে। আজি দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে শ্ৰী সিঙে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হৈ বীৰ যোদ্ধাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। উল্লেখযোগ্য যে ইতিপূর্বে কেন্দ্ৰীয় চৰকাৰৰ ভালেমান পদবীত কাৰ্যনিৰ্বাহ কৰি অহা শ্ৰী সিং শেহতীয়াকৈ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যাল...

November 1, 2024 5:34 PM November 1, 2024 5:34 PM

views 8

নমো ড্রোন দিদি আঁচনিৰ কাৰ্য্যকৰী নিৰ্দেশনাৱলীসমূহ প্ৰকাশ

কেন্দ্রীয় আঁচনি নমো ড্রোন দিদি আঁচনিৰ কাৰ্য্যকৰী নিৰ্দেশনাৱলীসমূহ চৰকাৰে প্ৰকাশ কৰিছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে দীনদয়াল অন্ত্যোদয় যোজনা ৰাষ্ট্ৰীয় গ্রাম্য জীৱিকা অভিযানৰ অধীনত মহিলা আত্মসহায়ক গোটসমূহক এক হাজাৰ ২৬ কোটি টকা ব্যয়ৰে ড্ৰ’ন প্ৰদানৰ বাবে এই কেন্দ্ৰীয় আঁচনিৰ অনুমোদন জনাইছে। ২০২৪-২৫ৰ পৰা ২০২৫-২০২৬ চনলৈকে ১৪ হাজাৰ ৫০০ নির্বাচিত মহিলা আত্মসহায়ক গোটক ড্র’ন প্ৰদান কৰাৰ লক্ষ্য এই আঁচনিৰ জৰিয়তে লোৱা হৈছে। নিৰ্দেশাৱলী অনুসৰি এই আঁচনি কেন্দ্রীয় পৰ্যায়ত গ্ৰাম্য উন্নয়ন, সাৰ আৰু ...

October 13, 2024 8:53 PM October 13, 2024 8:53 PM

views 17

২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস উপলক্ষে গুৰুত্বপূৰ্ণ ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ৰাষ্ট্ৰসংঘৰ পতাকা উৰুৱাবলৈ গৃহ মন্ত্ৰ্যালয়ৰ অনুৰোধ

গৃহ মন্ত্ৰ্যালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ কেন্দ্ৰীয় বিভাগ আৰু প্ৰশাসনসমূহক অহা ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস উপলক্ষে গুৰুত্বপূৰ্ণ ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ৰাষ্ট্ৰসংঘৰ পতাকা উৰুৱাবলৈ অনুৰোধ কৰিছে। অৱশ্যে ৰাষ্ট্ৰপতি ভৱন, উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহ, সংসদ ভৱন, উচ্চতম ন্যায়ালয় ভৱন, ৰাজভৱন, ৰাজনিৱাস অথবা বিধান পৰিষদৰ ভৱন, বিধানসভা আৰু উচ্চ ন্যায়ালয়সমূহত ৰাষ্ট্ৰসংঘৰ পতাকা উৰুৱাব নালাগে বুলি মন্ত্ৰালয়ে জাৰি কৰা এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে।

October 12, 2024 9:20 PM October 12, 2024 9:20 PM

views 11

উৎসৱৰ সময়ত সকলো সংখ্যালঘূ আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ বাংলাদেশ চৰকাৰক আহ্বান ভাৰতৰ

ভাৰতে বাংলাদেশ চৰকাৰক বিশেষকৈ উৎসৱৰ সময়ত সকলো সংখ্যালঘূ আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। বিদেশ মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে ঢাকাৰ তান্তিবাজাৰ পূজা মণ্ডপত সংঘটিত আক্রমণ আৰু ছটখীৰাৰ যশোৰেশ্বৰী কালী মন্দিৰত হোৱা চুৰি কাণ্ডক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে এনেধৰণৰ ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। ভাৰতে আক্ৰমণকাৰীসকলে মন্দিৰৰ ওপৰত আক্ৰমণ কৰি অপবিত্ৰ তথা প্ৰতিমাৰ ক্ষতি সাধন কৰাৰ উদ্দেশ্যে পৰিকল্পিত কৌশল অৱলম্বন কৰা দেখা পাইছে বুলি মন্ত্ৰ্যালয়ে উ...

October 12, 2024 7:16 PM October 12, 2024 7:16 PM

views 9

প্রধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত শিক্ষা নবিচ হিচাপে নিযুক্ত হ’বলৈ pminternship.mca.gov.in পোৰ্টেল মুকলি

প্রধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত শিক্ষা নবিচ হিচাপে নিযুক্ত হ’বলৈ ইচ্ছুক যুৱক-যুৱতীসকলৰ বাবে আজি বিয়লি ৫ বজাৰ পৰা pminternship.mca.gov.in পোৰ্টেল মুকলি কৰা হৈছে। এই পোৰ্টেলত এতিয়ালৈকে ১৯৩ টা কোম্পানীয়ে ৯০ হাজাৰ ৮৪৯ টা ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে। যুৱক- যুৱতীসকলক ২৪টা ক্ষেত্ৰত ইণ্টাৰ্ণশ্বিপৰ বাবে সুবিধা আগবঢ়োৱা হৈছে। কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, চলিত বিত্তীয় বৰ্ষত এক লাখ ২৫ হাজাৰ প্ৰাৰ্থীক এই আঁচনিৰ দ্বাৰা সামৰি লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লক্ষ্য লৈছে। এই প...

October 10, 2024 8:34 PM October 10, 2024 8:34 PM

views 12

কৰ হস্তান্তৰৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে এক লাখ ৭৮ হাজাৰ কোটিৰো অধিক টকাৰ ধনৰাশি মোকলাই দিছে

কেন্দ্ৰীয় চৰকাৰে আজি কৰ হস্তান্তৰৰ অংশ হিচাপে এক লাখ ৭৮ হাজাৰ কোটিৰো অধিক টকাৰ ধনৰাশি মোকলাই দিয়ে। বিত্ত মন্ত্রালয়ে প্ৰকাশ কৰা মতে আসন্ন উৎসৱৰ বতৰলৈ চাই ৰাজ্যসমূহৰ মূলধনী ব্যয় আৰু বিকাশমূলক কামকাজ আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই অগ্রিম কিস্তি মুকলি কৰি দিয়া হৈছে। ইয়াৰ অধীনত উত্তৰ প্ৰদেশলৈ সৰ্বাধিক ৩১ হাজাৰ ৯৬৫ কোটি টকা মোকলাই দিয়া হৈছে। এই ক্ষেত্ৰত বিহাৰ আৰু মধ্যপ্রদেশ দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

October 9, 2024 8:07 PM October 9, 2024 8:07 PM

views 22

তেজ আৰু পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে পোষিত চাউলৰ যোগানৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে তেজ আৰু পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে ভিটামিন আদি সংযোগ কৰি পুষ্টিদায়ক কৰি তোলা পোষিত চাউলৰ যোগানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ এই সিদ্ধান্তক সৰ্বাত্মক বিকাশ আৰু পুষ্টি সুৰক্ষা সুনিশ্চিতকৰণৰ এটা পদক্ষেপ বুলি উল্লেখ কৰে। তেওঁ কয় যে এই যোজনাৰ বাবদ ১৭ হাজাৰ কোটিৰো অধিক টকা ব্যয় হ'ব। বিকাশ ভি বিৰাছট ভি উদ্যম সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় য...

October 7, 2024 2:32 PM October 7, 2024 2:32 PM

views 8

বাওঁপন্থী সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে পর্যালোচনা বৈঠকত গৃহমন্ত্রীৰ অধ্যক্ষতা

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত বাওঁপন্থী সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত অন্ধ্রপ্রদেশ, বিহাৰ, ছত্তিশগড়, ঝাৰখণ্ড, তেলেংগানা, ওড়িশা, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিছে। তদুপৰি এই বৈঠকত ৰাষ্ট্ৰীয় সুৰক্ষা উপ পৰামৰ্শদাতাৰ লগতে কেন্দ্ৰ, ৰাজ্য তথা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ শীর্ষ বিষয়াসকলেও অংশগ্রহণ কৰিছে। বৈঠকৰ পূৰ্বে গৃহ মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰ...