May 21, 2025 7:54 PM

views 29

কেন্দ্ৰীয় চৰকাৰে ২৯ মে’ৰ পৰা ২ জুনৰ ভিতৰত তাপমাত্ৰা ৫৫ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধিৰ সম্ভাৱনা সন্দৰ্ভত উচ্চ সতর্কতা জাৰি কৰা বুলি দাবী কৰি সামাজিক মাধ্যমৰ একাংশ চেনেলযোগে প্ৰচাৰিত বাতৰি চৰকাৰৰ খণ্ডন

কেন্দ্ৰীয় চৰকাৰে ২৯ মে'ৰ পৰা ২ জুনৰ ভিতৰত তাপমাত্ৰা ৫৫ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধিৰ সম্ভাৱনা সন্দৰ্ভত উচ্চ সতর্কতা জাৰি কৰা বুলি দাবী কৰি সামাজিক মাধ্যমৰ একাংশ চেনেলযোগে প্ৰচাৰিত বাতৰি চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফ’ৰমেচন ব্যুৰ’ সত্যাসত্য নিৰূপণ গোটে চৰকাৰে এনে কোনো অধিসূচনা জাৰি কৰা নাই বুলি স্পষ্ট কৰি দিছে আৰু জনসাধাৰণক বতৰৰ বতৰাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৱেবছাইট চাবলৈ আহ্বান জনাইছে।

May 19, 2025 9:28 PM

views 93

আগন্তুক ৫ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে হিমালয়ৰ পাদদেশৰ পশ্চিমবংগ আৰু ছিকিমত বিজুলি ঢেৰেকণিৰ সৈতে ধাৰাষাৰৰ পৰা অতি প্রবল বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৫ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে হিমালয়ৰ পাদদেশৰ পশ্চিমবংগ আৰু ছিকিমত বিজুলি ঢেৰেকণিৰ সৈতে ধাৰাষাৰৰ পৰা অতি প্রবল বৰষুণৰ আগলি বতৰা দিছে। এই সময়ছোৱাত কোংকাণ, গোৱা, কৰ্ণাটক আৰু কেৰালাৰ উপকূলীয় অঞ্চলসমূহতো ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিভাগে লগতে জম্মু-কাশ্মীৰ, লাডাখ, গিলগিট বাল্টিস্তান, মুজাফ্ফৰবাদ আৰু হিমাচল প্ৰদেশতো আজি আৰু কাইলৈ বতাহ, আৰু বিজুলী গাজনিৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগজাননী দিছে। উত্তৰাখণ্ডতো ঠায়ে ঠায়ে অহা ২৪ মে'লৈকে মজলীয়...

May 6, 2025 8:22 AM

views 23

বহুকেইখন ৰাজ্যত আজি মুষলধাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

■ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, অৰুণাচল প্রদেশ, মেঘালয়, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, সৌৰাষ্ট্ৰ, তামিলনাড়ু, পুডুচেৰী, উত্তৰাখণ্ড আৰু পশ্চিম ৰাজস্থানৰ বিভিন্ন অঞ্চলত আজি মুষলধাৰ বৰষুণৰ আগলি বতৰা জাৰি কৰিছে। ইপিনে দিল্লী, মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাড়ু, পুডুচেৰী, তেলেংগানা, পঞ্জাব, ছিকিম আৰু পশ্চিমবংগৰ বিভিন্ন অঞ্চলত বিভাগে পৰৱৰ্তী দুই-তিনি দিনত প্ৰবল বতাহৰ লগতে ধুমুহা বৰষুণৰ সতর্কবাণী জাৰি কৰিছে। বিভাগে আজি পূব মধ্যপ্রদেশ, মধ্য মহাৰাষ্ট্ৰ আৰু উত্তৰাখণ্ডৰ বিভিন্ন অঞ্চলত শিলাবৃষ্টি হ'ব পাৰে বুলি প্ৰকাশ...

May 5, 2025 4:49 PM

views 40

গুজৰাট, অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাত ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি

● ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজি গুজৰাট, অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাত ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে । বতৰ বিভাগে কাইলৈলৈকে বিহাৰ, ওড়িশা, হিমাচল প্রদেশ, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড, অসম, মণিপুৰ আৰু পশ্চিম বংগত ধুমুহা, বজ্রপাত আৰু ধুমুহা বতাহৰ লগতে মধ্যমীয়া বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে। সংস্থাটোৱে জনোৱা মতে, কেৰেলা আৰু মাহে অঞ্চলত গৰম আৰু আৰ্দ্ৰ বতৰৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। পূব ৰাজস্থানৰ কিছু অংশত আজি ধূলিৰ ধুমুহা আহিব পাৰে। বতৰ সংস্থাটোৰ মতে, আজি ছত্তীশগড়, পূব মধ্য প্ৰদেশ,...

April 15, 2025 8:19 PM

views 25

চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্তেম্বৰলৈ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্তেম্বৰলৈ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্রই কয়, যে উত্তৰ পূৰ্বাঞ্চল, উত্তৰ-পশ্চিম আৰু দক্ষিণ উপদ্বীপ অঞ্চলৰ কেতবোৰ অংশৰ বাহিৰে দেশৰ অধিকাংশ ঠাইত এইবাৰ বাৰিষা কালত স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই বছৰ এল-নিনোৰ দৰে পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনা না...

April 1, 2025 12:28 PM

views 33

বতৰৰ বতৰাঃ

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৬.৭ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। আনহাতে, মেঘালয়, নাগালেণ্ড, মিজোৰাম, আৰু মণিপুৰত বতৰ ফৰকাল হৈ থাকিব বুলি কেন্দ...

January 30, 2025 2:15 PM

views 31

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছৰ ভাগলৈ বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছৰ ভাগলৈ বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্ৰী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৪ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অৰুণাচল প্ৰদেশকে ধৰি অসম, মেঘালয় আৰু নাগালেণ্ডত কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বতৰ শুকান হৈ থকাৰ আগলি...

December 18, 2024 10:44 AM

views 25

অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে বতৰ ফৰকাল হৈ থাকিব

বতৰৰ বতৰা– বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে বতৰ ফৰকাল হৈ থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৬.৫ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১১.৪ ডিগ্রী ছেলছিয়াছ। আজি গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১১ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ডাঠ কুঁৱলী পৰাৰ স...

October 13, 2024 9:22 PM

views 24

আগন্তুক ৪ দিনত তামিলনাড়ু, পুডুচেৰী, কাৰাইকাল কেৰালা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত প্ৰৱল বৰষুণৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৪ দিনত তামিলনাড়ু, পুডুচেৰী, কাৰাইকাল কেৰালা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বিভাগে লগতে গুজৰাট, কোংকণ, গোৱা, মধ্য মহাৰাষ্ট্ৰ, মাৰাথৱাড়া, মধ্য প্ৰদেশ, বিদর্ভ আৰু ছত্তিশগড়তো এই সপ্তাহটোত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। দক্ষিণ-পশ্চিম মৌচুমী বতাহজাক, বিহাৰৰ বাকী থকা অঞ্চল, ঝাৰখণ্ড, সমগ্র পশ্চিমবংগ, ছিকিম আৰু ছত্তিশগড়ৰ আৰু অধিক অংশ, মধ্য প্ৰদেশ, ওড়িশা, অসম আৰু মেঘালয়ৰ পৰা আঁতৰি গৈছে বুলি...

October 13, 2024 11:44 AM

views 18

অহা দুদিনত অসমকে ধৰি কেইবাখনো ৰাজ্যত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা দুদিনত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে কেৰালা, মাহে, তামিলনাডু আৰু কৰ্ণাটকৰ দক্ষিণ অংশত ৫-৬ দিনলৈ বৰষুণ অব্যাহত থাকিব পাৰে বুলি প্ৰকাশ কৰিছে।