June 14, 2024 5:19 PM

views 53

বিগত ৬০ ঘণ্টাত উত্তৰ চিকিমত নেৰানেপেৰা বৰষুণৰ ভয়াবহ ৰূপ ধাৰণ

বিগত ৬০ ঘণ্টাত উত্তৰ চিকিমত হোৱা নেৰা নেপেৰা বৰষুণে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ তীষ্টা নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত চাংকালাঙত এখন পুৰণা ওলমা দলং আৰু নতুনকৈ নিৰ্মাণ কৰা বেইলী দলং দুয়োখনেই ভাগি পৰে। ইয়াৰ ফলত প্ৰায় দুহেজাৰ পৰ্যাটক অঞ্চটোত আৱদ্ধ হৈ পৰিছে। উত্তৰ চিকিমৰ জংগো অঞ্চলৰ সৈতে গুৰুত্বপূর্ণ সকলো যোগাযোগ বিচিন্ন হৈ পৰিছে। জিলা দণ্ডাধীশ হেম কুমাৰ চেত্ৰীয়ে কালি এখন বৈঠকত মিলিত হৈ বৰষুণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। বৰষুণৰ ফলত পাকেচেপত ৩ জন আৰু আম্বিথাঙত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ক'বি আৰু আম্বিথা...

June 13, 2024 7:57 PM

views 39

পৰৱৰ্তী ৪-৫ দিনলৈ উত্তৰ-পূৰ্বাঞ্চল, পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চল আৰু ছিকিমত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৪-৫ দিনলৈ উত্তৰ-পূৰ্বাঞ্চল, পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চল আৰু ছিকিমত ধাৰাসাৰ বৰষুণ দিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে উত্তৰপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ডত গ্ৰীষ্ম প্রবাহৰ প্ৰকোপ বৃদ্ধি পাব পাৰে বুলি সকিয়াই দিছে। বিভাগটোৱে কৈছে যে, উত্তৰ প্ৰদেশত পৰৱৰ্তী ৩-৪ দিনৰ বাবে, ঝাৰখণ্ডত তিনি দিনৰ বাবে আৰু বিহাৰত পৰৱৰ্তী দুদিন পর্যন্ত গ্রীষ্ম প্রবাহ অব্যাহত থাকিব পাৰে।

June 9, 2024 12:25 PM

views 25

উত্তৰ-পূৰ্বাঞ্চলকে ধৰি পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত অহা ৫ দিনলৈ বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত অহা ৫ দিনলৈ বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকণিৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। গোৱা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা আৰু লাক্ষাদ্বীপতো অহা ৪ দিনলৈ বতৰ ডাৱৰীয়া হৈ থাকিব বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। আনহাতে জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত আজি বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। ইপিনে, পূব আৰু মধ্য ভাৰতৰ কোনো কোনো অংশ...

June 7, 2024 6:19 PM

views 54

অহা ৪ দিনলৈ মধ্য আৰু দক্ষিণ ভাৰতকে ধৰি দেশৰ বহু ঠাইত বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ আশংকা ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে অহা চাৰিদিনলৈ মধ্য আৰু দক্ষিণ ভাৰতকে ধৰি দেশৰ বহু ঠাইত বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰিছে। আইএমডিয়ে কয় যে, দক্ষিণ-পশ্চিম মৌচুমী বতাহ মধ্য আৰৱ সাগৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, উপকূলীয় অন্ধ্র প্রদেশ আৰু বংগোপসাগৰৰ বেছিভাগ অঞ্চললৈ অগ্ৰসৰ হৈছে । আইএমডিয়ে লগতে পূর্বানুমান কৰিছে যে দক্ষিণ-পশ্চিম মৌচুমী বতাহ অহা ৩-৪ দিনৰ ভিতৰত দক্ষিণ চত্তিশগড়, দক্ষিণ ওড়িশা আৰু বংগোপসাগৰৰ বাকী অংশতো প্ৰবেশ কৰিব। ইফালে দিল্লীত, আইএমডিয়ে অহা দুদিনলৈ ধূলিময় ধুমুহা...

June 1, 2024 2:46 PM

views 45

কেৰালাত ৰাজ্যখনৰ উত্তৰ অংশত প্ৰৱল বৃষ্টিপাত অব্যাহত

কেৰালাত ৰাজ্যখনৰ উত্তৰ অংশত প্ৰৱল বৃষ্টিপাত অব্যাহত আছে। ৰাজ্যখনৰ মালাপ্পুৰম, কোঝিকোৰ, ৱায়ানাড আৰ্ণাকুলম আৰু ইডুক্কি জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যখনত কাইলৈ পৰ্যন্ত বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে৷ কাইলৈ পৰ্যন্ত দক্ষিণ কেৰালা আৰু লাক্ষাদ্বীপ অঞ্চলত মাছমৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

June 1, 2024 1:03 PM

views 39

উত্তৰ প্ৰদেশত প্ৰচণ্ড গ্রীষ্ম প্রবাহৰ ফলত নিৰ্বাচনৰ দায়িত্বত নিয়োজিত গৃহৰক্ষী বাহিনীৰ ৭ গৰাকী জোৱানকে ধৰি মুঠ ১৩ গৰাকী লোকৰ মৃত্যু

উত্তৰ প্ৰদেশত প্ৰচণ্ড গ্রীষ্ম প্রবাহৰ ফলত কালি নিৰ্বাচনৰ দায়িত্বত নিয়োজিত গৃহৰক্ষী বাহিনীৰ ৭ গৰাকী জোৱানকে ধৰি মুঠ ১৩ গৰাকী লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকসকল মীর্জাপুৰ, গোণ্ডা, প্ৰয়াগৰাজ, বস্তি আৰু কুশাম্বীৰ। আমাৰ সংবাদদাতাই জনোৱা মতে নির্বাচনী দলসমূহ পলিটেকনিক চৌহদৰ পৰা ওলাই যোৱাৰ সময়তে কেইবাজনো লোক অসুস্থ হৈ পৰে আৰু তেওঁলোকক মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে কেইগৰাকীমানৰ চিকিৎসালয়লৈ যোৱাৰ পথতে মৃত্যু হয়। উল্লেখযোগ্য যে, মীর্জাপুৰত আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে।

May 31, 2024 6:46 PM

views 35

আজিৰ পৰা মধ্য ভাৰত আৰু দেশৰ উত্তৰ-পশ্চিম অংশত প্ৰৱল গ্ৰীষ্ম প্ৰৱাহ হ্ৰাস পাব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে মধ্য ভাৰত আৰু দেশৰ উত্তৰ-পশ্চিম অংশত প্ৰৱল গ্ৰীষ্ম প্ৰৱাহ আজিৰ পৰা লাহে লাহে হ্ৰাস পাব। হাৰিয়ানা, চণ্ডীগড়, দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু পঞ্জাৱৰ কিছু অংশত গ্ৰীষ্ম প্ৰৱাহ হ্ৰাস পাবলৈ আৰম্ভ কৰিব বুলি বিভাগটোৱে সদৰি কৰিছে। অহা চাৰিদিনৰ ভিতৰত এই অঞ্চলসমূহৰ তাপমাত্ৰা সৰ্বাধিক ২ৰ পৰা ৪ ডিগ্ৰী ছেলছিয়াছ হ্ৰাস পাব বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। অৱশ্যে মধ্য প্ৰদেশ বিদর্ভ আৰু উত্তৰাখণ্ডত আজি গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব। ইতিমধ্যে বতৰ ...

May 30, 2024 1:02 PM

views 40

দক্ষিণ-পশ্চিম মৌচুমী বায়ু আজি কেৰালাত প্ৰৱেশৰ সম্ভাৱনা

দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে আজি কেৰালাত খুন্দা মৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি এইবাৰ স্বাভাৱিক সময়, অর্থাৎ ১ জুনতকৈ দুদিন পূর্বেই মৌচুমী বায়ুৰ প্ৰৱেশ ঘটিব। বিভাগে জনোৱা অনুসৰি আজি মৌচুমী বায়ুৰ প্ৰভাৱ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ কিছু অংশতো পৰিব পাৰে । আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা-বতৰাত বিভাগৰ সঞ্চালক প্ৰধান মুত্যুঞ্জয় মহাপাত্রই কালি এই বিষয়ে জানিবলৈ দিয়ে। বিভাগে কেৰালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু মাহেত শুকুৰবাৰৰ পৰা মঙলবাৰ পৰ্যন্ত প্ৰৱল বৃষ্টিপাতৰ...

May 28, 2024 5:47 PM

views 40

ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণৰ বাবে কেইবাখনো জিলাত সতর্কতা জাৰি

বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূর্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত কালিৰেপৰা জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ৰাজ্যত আজি ধাৰাসাৰ ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে। আনহাতে, গেৰুকামুখত এন এইচ পি চি প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমি স্খলনৰ ফলত মৃত্যু হৈছে। ৰেমল নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰা...

May 28, 2024 5:23 PM

views 31

ঘূৰ্ণী বতাহ ৰেমলৰ সৈতে মোকাবিলাৰ বাবে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহলৈ সহযোগিতা

ভয়াৱহ ঘূৰ্ণী বতাহ ৰেমলৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহলৈ সহযোগিতা আগবঢ়াইছে। বংগোপ সাগৰত সৃষ্টি হোৱা নিম্নচাপ ২২ মে'ত ঘূৰ্ণী বতাহলৈ ৰূপান্তৰিত হৈছিল আৰু তাৰ পাছতেই পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলত প্ৰৱেশ কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কৈছে যে উপকূলৰক্ষী বাহিনীৰ উত্তৰ-পূব সংমণ্ডলৰ মুখ্য কাৰ্যালয়ে পূৰ্বে নিৰ্ধাৰণ কৰা অনুসৰি বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাৰ সৈতে সমন্বয় নিশ্চিত কৰিছে যাতে সাগৰত কোন...