October 10, 2024 5:12 PM
32
মহিলাৰ আই চি চি টি-টুৱেন্টি বিশ্বকাপৰ গ্ৰু-এৰ এখন খেলত শ্রীলংকাক ৮২ ৰানত পৰাস্ত ভাৰতৰ
ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰু-এৰ এখন খেলত ভাৰতে যোৱানিশা শ্রীলংকাক ৮২ ৰানত পৰাস্ত কৰে। ৰানৰ দিশৰ পৰা মহিলা টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ইতিহাসত ভাৰতৰ এয়া সৰ্ববৃহৎ জয়। ভাৰতে কালি এই জয়ৰ সুবাদত প্ৰতিযোগিতাৰ পইণ্ট তালিকাত ৰান ৰেটৰ আধাৰত পাকিস্তান আৰু নিউজিলেণ্ডক চেৰ পেলাবলৈ সক্ষম হৈছে। ভাৰতে খেলখনত প্ৰথমে বেট ধৰি হৰমনপ্রীত কৌৰ আৰু স্মৃতি মান্ধানাৰ অৰ্ধ শতকৰ সহায়ত ১৭২ ৰান কৰে। স্মৃতি মান্ধানাই ৫০ ৰান...