June 19, 2024 12:35 PM

views 24

আজিৰে পৰা আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ খেলসমূহ আৰম্ভ

আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। এই পৰ্যায়ৰ আটাইকেইখন খেল ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'ব। ছুপাৰ এইট পৰ্যায়ৰ প্ৰথমখন খেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মুঠ আঠটা দলে এই পর্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। দলসমূহক দুটা ভাগত বিভক্ত কৰা হৈছে। ভাৰত, অষ্ট্ৰেলিয়া, বাংলাদেশ আৰু আফগানিস্তানক প্ৰথমটো গ্ৰুপত স্থান দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাক দ্বিতীয়টো গ্ৰুপত অন্তৰ্ভুক্ত কৰা...

June 16, 2024 12:56 PM

views 15

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতীয় দলৰ ছুপাৰ -৮ লৈ যোগ্যতা অৰ্জন

ভাৰতীয় ক্রিকেট দলে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা গ্রুপ পর্যায়ত অপৰাজেয় হৈ থকাৰ লগতে ৭ পইণ্ট লাভ কৰি শীৰ্ষস্থানত উপনীত হৈ ছুপাৰ -৮ লৈ যোগ্যতা অৰ্জন কৰিছে। যোৱা নিশা ভাৰতে নিজৰ চতুৰ্থ তথা অন্তিম লীগ খেলখনত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হয় যদিও বৰষুণৰ বাবে খেলখন পৰিত্যক্ত হয়। ফলত উভয় দলে ১ পইণ্টকৈ লাভ কৰে। ভাৰতে ইয়াৰ পূৰ্বে আয়াৰলেণ্ড, পাকিস্তান আৰু আমেৰিকাক পৰাস্ত কৰিছিল। উল্লেখযোগ্য যে ছুপাৰ-৮ত ভাৰতে তিনিখন খেল খেলিব। অহা ২০ জুনত আফগানিস্তান আৰু ২৪...

June 15, 2024 12:37 PM

views 23

টি-টুৱেণ্টি বিশ্বকাপত আজি নিশা ৮ বজাত ভাৰত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি ফ্লৰিডাত হ'বলগীয়া আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে, আয়াৰলেণ্ডৰ বিৰুদ্ধে লৌডেৰহিলত হ'বলগীয়া খেলখন নেৰা নেপেৰা বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতিযোগিতাৰ ছুপাৰ এইট পর্যায়ত স্থান লাভ কৰে। আমেৰিকাই এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতৰ পাছত আমেৰিকা ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰা গ্ৰুপ-এৰ...

June 4, 2024 8:58 PM

views 14

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত উগাণ্ডাক ১২৫ ৰানত পৰাস্ত আফগানিস্তানৰ

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিঞ্জত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি অনুষ্ঠিত এখন খেলত আফগানিস্তানে উগাণ্ডাক ১২৫ ৰানত পৰাস্ত কৰে। প্ৰভিডেন্সত অনুষ্ঠিত খেলখনত আফগানিস্তানে প্রথমে বেটিং কৰি ৫ উইকেটৰ বিনিময়ত ১৮৩ ৰান কৰাৰ প্ৰত্যুত্তৰত উগাণ্ডা ৫৮ ৰানত অল আউট হয়। আফগানিস্তানৰ হৈ ফজলহক ফাৰুকীয়ে ৪ অভাৰত ৯ ৰান খৰচ কৰি ৫টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে আফগানিস্তানৰ ইনিংছত ৰহমনউল্লাহ গুৰবাজে ৭৬ আৰু ইব্রাহিম জাদানে ৭০ ৰানৰ বৰঙণি আগবঢ়ায়। ইপিনে আজি ৱেষ্ট ইণ্ডিজৰ ব্ৰীজটাউনত নিশা ৮ বজাৰ পৰা অ...

June 2, 2024 9:04 PM

views 26

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটত ৱেষ্ট ইণ্ডিজ পাপুৱা নিউগিনিৰ বিৰুদ্ধে অৱতীৰ্ণ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা আজি গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত সহআয়োজক ৱেষ্ট ইণ্ডিজ পাপুৱা নিউগিনিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা ৮ বজাত আৰম্ভ হ'ব। আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে এইবাৰ যৌথভাৱে আয়োজন কৰা প্ৰতিযোগিতাৰ নৱম সংস্কৰণ আজি আমেৰিকাত আৰম্ভ হৈছে। আজি ডালাছৰ প্ৰেইৰি ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত আমেৰিকা যুক্তৰাষ্ট্ৰই কানাডাক ৭ উইকেটত পৰাস্ত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই ১৯৫ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু...

June 1, 2024 1:28 PM

views 12

নিউয়র্কত নিশা ৮ বজাত আই চি চি টি-২০ বিশ্বকাপৰত ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰতীয় ক্রিকেট দলে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আয়োজিত হোৱা আই চি চি টি-২০ বিশ্বকাপৰ একমাত্র অনুশীলন খেলখনত আজি বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। নিউয়র্কত নিশা ৮ বজাৰ পৰা এই খেলখন আৰম্ভ হ’ব। উল্লেখযোগ্য যে বোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলে অহা ৫ জুনত নিউয়র্কতে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলি বিশ্বকাপত অভিযান আৰম্ভ কৰিব। আনহাতে অহা ৯ জুনত ভাবতে পাকিস্তানৰ বিৰুদ্ধে তথা ১২ জুনত আমেৰিকা আৰু ১৫ জুনত কানাডাৰ বিৰুদ্ধে গ্ৰুপৰ খেলত অংশ ল’ব।