November 29, 2025 10:31 PM

views 24

টি-২০ বিশ্বকাপত জয়ী ভাৰতীয় দৃষ্টিহীন মহিলা ক্রিকেট দলৰ খেলুৱৈসকলক ৰাষ্ট্ৰপতি মুৰ্মুৰ শুভেচ্ছা

■ ৰাষ্ট্ৰপতি শ্ৰীমতি দ্রৌপদী মুৰ্মুৱে টি-২০ বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দৃষ্টিহীন মহিলা ক্রিকেট দলৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। আজি ৰাষ্ট্ৰপতিভৱনত দলটোৰ খেলুৱৈসকলে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে। সাক্ষাৎকালত দলটোৱে খেলুৱৈসকলৰ স্বাক্ষৰ সম্বলিত এখন বেট ৰাষ্ট্ৰপতিক উপহাৰ দিয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে খেলুৱৈসকলৰ এই সাফল্যই সকলোকে অনুপ্ৰাণিত কৰা বুলি মন্তব্য কৰি কয় যে এনে প্রদর্শনে উঠি অহা প্ৰজন্মক জীৱন আৰু জিৱিকাৰ দিশত উচ্চাকাংক্ষী হবলৈ উৎসাহিত কৰিব।

February 2, 2025 8:45 PM

views 29

১৯ বছৰ অনুৰ্ধ আইচিচি মহিলাৰ টী-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতীয় দলৰ বিজয়ী খিতাপ দখল

ভাৰতে ১৯ বছৰ অনুৰ্ধ আই চি চি মহিলাৰ টী-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বিজয়ীৰ খিতাপ দখল কৰিছে। মালয়েছিয়াৰ কোৱালালামপুৰৰ বায়ুয়েমাছ অ’ভেল ষ্টেডিয়ামত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতে দক্ষিণ আফ্রিকাক ৯ উইকেটত পৰাস্ত কৰে। ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে। প্ৰথমে বেট ধৰি দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৮২ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত গংগাদি তৃষাৰ অপৰাজিত ৪৪ ৰানৰ সহায়ত ভাৰতে ১২ অ’ভাৰতে ৮৩ ৰান সংগ্ৰহ কৰি নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। তৃষাক প্লেয়াৰ অ...

January 20, 2025 1:19 PM

views 22

আই চি চিৰ মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত জয়েৰে ভাৰতৰ অভিযান আৰম্ভ

আই চি চিৰ ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱাবাৰৰ বিজয়ী ভাৰতে জয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। কালি কোৱালালামপুৰত অনুষ্ঠিত এখন খেলত ৱেষ্ট ইণ্ডিজে বান্ধি দিয়া ৪৫ ৰানৰ লক্ষ্য ভাৰতে মাত্র ৪ অভাৰ আৰু ২ টা বলত এটা উইকেট হেৰুৱায়ে অতিক্ৰম কৰে। দুই অভাৰত ৫ ৰান ব্যয় কৰি দুটা উইকেট লাভ কৰা ভাৰতৰ ভি জে যোছিথাক শ্ৰেষ্ঠ খেলুৱৈ বঁটা আগবঢ়োৱা হয়। ইপিনে গ্ৰুপ-এৰ আন এখন খেলত কালি শ্রীলংকাই আয়োজক মালয়েছিয়াক ১৩৯ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ৬টা উইকেট হেৰুৱাই শ্রীলংকাই নিৰ্ধাৰণ কৰ...

October 8, 2024 12:10 PM

views 22

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ মুখামুখি

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ শ্বাৰজাহ ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ এ-ৰ এখন খেলত অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ'ব। দুয়োটা দলে প্রতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত জয়লাভ কৰিছে আৰু সেয়েহে তেওঁলোকে এই জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ আপ্রাণ চেষ্টা কৰিব। ইয়াৰ পূৰ্বে কালি শ্বাৰজাহত অনুষ্ঠিত এখন খেলত ইংলেণ্ডে দক্ষিণ আফ্রিকাক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰি দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত বিশ অভাৰত ১২৪ ৰান ক...

October 2, 2024 8:22 PM

views 35

আই চি চি মহিলাৰ টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতা আৰম্ভ

সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ শ্বাৰজাহত কাইলৈ আই চি চি মহিলাৰ টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতা আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ নৱম সংস্কৰণৰ উদ্বোধনী খেলত কাইলৈ বাংলাদেশ-স্কটলেণ্ডৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসাৰে বিয়লি চাৰে ৩ বজাত আৰম্ভ হ'ব। আনহাতে, কাইলৈ দ্বিতীয়খন খেলত পাকিস্তান-শ্রীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব। ভাৰত পৰহিলৈ নিজৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ মুখামুখি হ'ব। এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১০ খন দেশে অংশগ্ৰহণ কৰা এই প্রতিযোগিতা অহা ২০ অক্টোবৰলৈ চলিব...

June 29, 2024 12:36 PM

views 30

বিশ্বকাপ আই চি চি টি-২০ বিশ্বকাপত আজি ভাৰত বনাম দক্ষিণ আফ্ৰিকা

ভাৰত আজি বাৰবাডোছত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।আনহাতে দক্ষিণ আফ্রিকাই ছেমি ফাইনেলত আফগানিস্তানক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু দক্ষিণ আফ্রিকা এইবাৰৰ প্ৰতিযোগিতাত বৰ্তমানলৈকে এখনো খেলত পৰাজিত হোৱা নাই। ভাৰতীয় ক্রিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ...

June 25, 2024 1:03 PM

views 32

ভাৰত আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ

ভাৰতে আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কালি ছেণ্ট লুছিয়াৰ ডাৰেন ছাম্মী নেচনেল ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ ছুপাৰ এইট পর্যায়ৰ এখন খেলত অষ্ট্ৰেলিয়াক ২৪ ৰানত পৰাজিত কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ২০৫ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰোহিত শর্মাই সৰ্বাধিক ৯২ ৰান কৰাৰ বিপৰীতে সূর্যকুমাৰ যাদৱে ৩১ আৰু শিৱম ডুবে ২৮ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱ...

June 24, 2024 6:20 PM

views 30

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰতে ছুপাৰ এইট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছেণ্ট লুছিয়াৰ ডানে ছাম্মী নেচনেল ক্রিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত খেলখন আৰম্ভ হ'ব। দুয়োটা দলৰ মাজত অনুষ্ঠিত পূৰ্বৰ ৩১ খন টি-২০ খেলত ভাৰতে ১৯ খনত আৰু অস্ট্রেলিয়াই ১১ খনত জয়লাভ কৰাৰ বিপৰীতে এখন খেল অমিমাংসিত হৈ ৰয় । ইফালে, এণ্টিগুৱাৰ ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত এখন খেলত ৱেষ্ট ইণ্ডিজক তিনি উইকেটত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলত প্রবেশ ...

June 22, 2024 12:57 PM

views 23

আই চি চি টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ সপ্তমখন খেলত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰত আজি এণ্টিগুৱাৰ নৰ্থ ছাউণ্ডৰ ছাৰ ভিভিয়ান ৰিছাৰ্ডছ ষ্টেডিয়ামত হ'বলগীয়া আই চি চি টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ সপ্তমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ব্ৰীজটাউনত অনুষ্ঠিত ছুপাৰ-এইট পর্যায়ৰ ষষ্ঠখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজে জয় লাভ কৰিছে। প্ৰথমে বেট ধৰি আটাইকেইটা উইকেট হেৰুৱাই ১৯ অভাৰ ৫টা বলত আমেৰিকা যুক্তৰাষ্ট্ৰই ১২৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ১০ অভাৰ ৫টা বলতেই নিৰ্ধাৰিত লক্ষ্...

June 20, 2024 7:54 PM

views 25

আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত আফগানিস্তানৰ মুখামুখি

আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি বাৰবাডোছৰ ব্ৰিছটাউনত হ'বলগীয়া ছুপাৰ এইট পৰ্যায়ৰ খেলত ভাৰত আফগানিস্তানৰ মুখামুখি হ'ব। খেলখন খন্তেক পিছতে আৰম্ভ হ'ব। ইপিনে, ভাৰতীয় সময় অনুসৰি আজি পুৱা ছেইণ্ট লুছিয়াত অনুষ্ঠিত ছুপাৰ এইট পর্যায়ৰ খেলত ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক ৮ উইকেটত পৰাস্ত কৰে। টছত জিকি ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক প্রথমে বেট ধৰাৰ বাবে আমন্ত্রণ জনায়। ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত ২০ অ’ভাৰত ৪টা উইকেটৰ বিনিময়ত ১৮০ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ ফিল' ছল্টক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়।