August 13, 2025 9:12 PM
12
ৰাজ্যৰ কেইবাখনো জিলাত এইচ আই ভি বিস্তৃত আই ই চি অভিযান আৰম্ভ
ৰাজ্যৰ কেইবাখনো জিলাত আজিৰে পৰা এইচ আই ভি বিস্তৃত আই ই চি অভিযান অনুষ্ঠিত হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত হাটশিঙিমাৰীত আজি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শুভাৰম্ভ কাৰ্যসূচীৰ অন্তত জিলা আয়ুক্তগৰাকীয়ে এখন আই ই চি বাহন মুকলি কৰে। বাহনখনৰ জৰিয়তে জিলাখনৰ ১২০ খন গাঁৱত এইডছৰ বিৰুদ্ধে সজাগতা অভিযান চলোৱা হ'ব৷ চৰাইদেউ, পশ্চিম কাৰ্বি আংলং আৰু বিশ্বনাথ জিলাতো এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। চৰাইদ...