August 13, 2025 9:12 PM | hiv iec assam

printer

ৰাজ্যৰ কেইবাখনো জিলাত এইচ আই ভি বিস্তৃত আই ই চি অভিযান আৰম্ভ

ৰাজ্যৰ কেইবাখনো জিলাত আজিৰে পৰা এইচ আই ভি বিস্তৃত আই ই চি অভিযান অনুষ্ঠিত হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত হাটশিঙিমাৰীত আজি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শুভাৰম্ভ কাৰ্যসূচীৰ অন্তত জিলা আয়ুক্তগৰাকীয়ে এখন আই ই চি বাহন মুকলি কৰে। বাহনখনৰ জৰিয়তে জিলাখনৰ ১২০ খন গাঁৱত এইডছৰ বিৰুদ্ধে সজাগতা অভিযান চলোৱা হ’ব৷

চৰাইদেউ, পশ্চিম কাৰ্বি আংলং আৰু বিশ্বনাথ জিলাতো এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। চৰাইদেউৰ সোণাৰি মহাবিদ্যালয়ত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত ডাঃ নেহা যাদৱে এখন আই ই চি বাহনৰ ফ্লেগঅফ কৰে। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত কৰ্মচাৰীসকলৰ মাজত নিচামুক্তি শপতবাক্য পাঠ কৰোৱা হয়। পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত জিলা আয়ুক্ত সাৰংগপাণি শৰ্মাই ৬০ দিনীয়া এই সজাগতা কাৰ্যসূচী মুকলি কৰে। ইফালে বিশ্বনাথ জিলাৰ ১২০ খন গাঁৱত এই অভিযান চলিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।