September 3, 2024 7:17 PM

views 34

বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঁইৰ সৈতে মুখ্যমন্ত্রীৰ সৌহাদ্যপূর্ণ সাক্ষাৎ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ কইনাধৰাত থকা এক নম্বৰ ৰাজ্যিক অতিথিশালাত বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঁইৰ সৈতে সৌহাদ্যপূর্ণ সাক্ষাতত মিলিত হয়। বার্তালাপত মুখ্যমন্ত্ৰীয়ে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰি অসমলৈ উভতি অহা লাভলীনাক ভৱিষ্যৎ ক্রীড়া জীৱনৰ বাবে আন্তৰিক শুভ কামনা জ্ঞাপন কৰে।

September 2, 2024 3:42 PM

views 31

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বৰ্তমানৰ ৰাজ্য চৰকাৰে এক লাখ নিযুক্তি প্ৰদান কৰিবলৈ সক্ষম হ’লঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বৰ্তমানৰ ৰাজ্য চৰকাৰে এক লাখ নিযুক্তি প্ৰদান কৰিবলৈ সক্ষম হ'ল। আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৩ হাজাৰ ৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰি তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, আজি নিযুক্তি দিয়া শিক্ষকসকলক ধৰি বৰ্তমান ৰাজ্য চৰকাৰে নিযুক্তি দিয়া পদৰ সংখ্যা এক লাখ ৩৮৯টা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ২০২১ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে নিযুক্তি দ...

August 31, 2024 8:02 PM

views 32

অসম বিধানসভাৰ এইবাৰৰ শৰৎকালীন অধিবেশন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে

♦ অসম বিধানসভাৰ এইবাৰৰ শৰৎকালীন অধিবেশন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে, এইবাৰৰ অধিবেশনত গৃহীত বিধেয়কসমূহ ৰাজ্যবাসীৰ কল্যাণৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। এইবাৰৰ অধিবেশনত গৃহীত প্ৰতিখন বিধেয়কৰ সুকীয়া মৰ্যাদা থকাৰ লগতে ৰাজ্যবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই বিধেয়কসমূহ উত্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। বিশেষকৈ মহিলা সৱলীকৰণ, থলুৱা কৃষ্টি, সংস্কৃতিৰ সুৰক্ষা আৰু আদিবাসী জনসাধাৰণৰ কল্যাণৰ দিশত এই বিধেয়ক...

August 19, 2024 8:40 PM

views 38

সমগ্র দেশজুৰি ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনক গৰিমামণ্ডিত কৰাৰ পৱিত্ৰ উৎসৱ ৰাখী বন্ধন পালন

ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনক গৰিমামণ্ডিত কৰাৰ পৱিত্ৰ উৎসৱ ৰাখী বন্ধন আজি সমগ্র দেশজুৰি পালন কৰা হয়। এই উৎসৱত ভগ্নীসকলে ভাতৃৰ হাতত ৰং-বিৰঙৰ ৰাখী বান্ধি তেওঁলোকৰ সু-স্বাস্থ্য আৰু সমৃদ্ধিৰ হকে প্ৰাৰ্থনা জনায়। ইয়াৰ বিনিময়ত ভাতৃয়ে ভগ্নীৰ সুৰক্ষা আৰু সহযোগিতাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক উপহাৰ প্ৰদান কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ভাতৃ-ভগ্নীৰ পৱিত্ৰ বন্ধনৰ উৎসৱ ৰাখী বন্ধন পালন কৰা হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত তথা এটা স্বেচ্ছাসেৱী সংস্থাৰ...

August 8, 2024 1:43 PM

views 26

ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু ৬০০ গৰাকী বন সুৰক্ষা বাহিনীৰ জোৱানৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’বঃ মুখ্যমন্ত্ৰী

ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু ছশ গৰাকী বন সুৰক্ষা বাহিনীৰ জোৱানৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি কালি তেওঁ এই কথা ঘোষণা কৰে। লগতে লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন অহা অক্টোবৰ মাহত উদ্বোধন কৰা হ'ব বুলিও তেওঁ কয়। এই একাডেমীলৈ প্ৰশিক্ষণ লাভৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জোৱানসকল আহিবলৈ আৰম্ভ কৰাত একাডেমীখন ৰাষ্ট্ৰীয় পর্যায়ত...

August 8, 2024 1:56 PM

views 35

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন কৰিব

ৰাজ্যৰ ছাত্ৰীসকলৰ সৱলীকৰণ, উচ্চ শিক্ষাৰ বাট প্রশস্তকৰণ আৰু বাল্য বিবাহ ৰোধৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন কৰিব। এই আঁচনিখন অহা ৩ বছৰত ১০ লাখ ছাত্ৰীক সামৰি ল'ব। সকলো পৰিয়ালৰ কন্যাৰ বাবে উপলব্ধ হ'বলগীয়া আঁচনিখনৰ অধীনত একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে ১০ মাহলৈ মাহিলী এহেজাৰ টকাকৈ, স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা যোগ্য ছাত্ৰীয়ে ১০ মাহলৈ মাহিলী ১,২৫০ টকাকৈ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীয়ে ১...

August 7, 2024 5:58 PM

views 38

অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। তেওঁ এই সমাৰোহত ৯৮১ গৰাকী বন সুৰক্ষা বাহিনীৰ কনিষ্টবলক দীক্ষান্ত প্রমাণ-পত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত পৰিবেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ দিশত এক দৃঢ় পদক্ষেপ গ্ৰহণৰ অংশৰূপে প্ৰথম বাৰৰ বাবে এই দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছিল। বন সু...

July 16, 2024 12:22 PM

views 34

বেটকুছিত উপস্থিত হৈ অঞ্চলটোৰ বাট-পথ, নলা নর্দমা আদি পৰিদর্শন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী মহানগৰীৰ বেটকুছিত উপস্থিত হৈ অঞ্চলটোৰ বাট-পথ, নলা নর্দমা আদি পৰিদর্শন কৰে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে স্থানীয় ৰাইজৰ সৈতে তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহ সন্দৰ্ভত আলোচনা কৰে। তেওঁ নির্দিষ্ট সময়ত এই সমস্যাসমূহ সমাধানৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। বেটকুছিৰ শিৱশক্তি নগৰত আয়োজিত সভাত মুখ্যমন্ত্ৰীয়ে ভাষণ দিয়ে। এই অনুষ্ঠানত বিধায়ক তৰংগ গগৈ, কমলেক্ষ দে পুরকায়স্থ, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ ...

July 2, 2024 11:03 AM

views 53

বান পৰিস্থিতিৰ বুজ ল’বলৈ গোলাঘাটলৈ মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা বান পৰিস্থিতিৰ বুজ ল'বলৈ আজি গোলাঘাটলৈ যাব। জিলা তথ্য আৰু জনসংযোগ বিভাগে প্রকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মহুৰামুখৰ বংকোৱাল মথাউৰি আৰু কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰিব। ৰাজ্যৰ বান পৰিস্থিতিৰ অৱনতি হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰয়োজন সাপেক্ষে সেনা বাহিনীৰ সহায় লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী-বিধায়কসকলক নিজৰ নিজৰ জিলা আৰু সমষ্টিত পৰিস্থিতি তদাৰক কৰাৰ নিৰ্দেশ দিছে। ইপিন...

June 28, 2024 7:44 PM

views 39

কামাখ্যা মন্দিৰত ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে মুখ্যমন্ত্রীৰ প্ৰাৰ্থনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰস্তাৱিত কামাখ্যা ক’ৰিডৰ প্ৰকল্প সন্দৰ্ভত গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে জনায় যে, নিবিদাৰ পাছত ব্যক্তিগত কোম্পানী এটাই এই প্ৰকল্পটোৰ কাম লাভ কৰিছে। কোম্পানীটোৱে নক্সা আৰু পৰিকল্পনা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীক প্ৰদান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠানে সকলো পৰীক...