October 10, 2024 7:16 PM

views 55

গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দেৱী দুৰ্গাৰ আশিস গ্ৰহণ

শাৰদীয় দুর্গা পূজাৰ আজি সপ্তমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। পূজা মণ্ডপসমূহত আজি যথাবিহিত ৰীতি-নীতিৰে সপ্তমী পূজা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটকধুনীয়াকৈ সজোৱা পূজা মণ্ডপসমূহ নানাৰঙী আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। পূজাৰ মন্ত্রোচাৰণ, আয়তীৰ উৰুলি, ঢাক-শংখধবনিয়ে মাংগলিক তথা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে। লোকবিশ্বাস অনুসৰি দেৱী দুৰ্গাক আবাহন আৰু বোধনৰ জৰিয়তে অশুভ শক্তিৰ বিনাশ কৰা হয়। আনহাতে, বিভিন্ন অপায়-অমংগল, দুর্যোগ বিভীষিকা নাশ কৰি শান্তি আৰু...

October 1, 2024 2:44 PM

views 49

ভাৰতীয় জনতা পাৰ্টীয়ে বৃহস্পতিবাৰে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সংক্ষিপ্ত নির্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিবঃ হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনৰ দায়িত্বত থকা সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে পৰহিলৈ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সংক্ষিপ্ত নির্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব। ৰাঁচীত সংবাদ মাধ্যমৰ আগত শ্ৰী শৰ্মাই কয় যে ইয়াৰ পাছত অচিৰেই সম্পূৰ্ণ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হ'ব। তেওঁ কয় যে ঝাৰখণ্ড ৰাজ্য গঠন কৰাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত হেমন্ত চোৰেণ চৰকাৰ ব্যৰ্থ হৈছে। শ্ৰী শৰ্মাই কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে নক্সা প্রস্তুত কৰিছে।

October 1, 2024 10:04 AM

views 38

ৰাজ্যত বৰ্তমানলৈ ৫২ লাখ লোকৰ বিজেপিৰ সদস্য ভৰ্তি অভিযানত যোগদানৰ বাবে মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভৰ্তি অভিযানৰ অধীনত ৰাজ্যত বৰ্তমানলৈ ৫২ লাখ লোকে অনলাইনযোগে বিজেপিত যোগদান কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে। কালি গুৱাহাটীৰ বশিষ্ঠত থকা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ী ভৱনত সদস্য ভৰ্তি অভিযানৰ পৰ্যালোচনা কৰি তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সমগ্ৰ দেশতে অব্যাহত থকা সদস্য ভৰ্তি অভিযানৰ অধীনত ৰাজ্যত দেশৰ ভিতৰত ৮৫ শতাংশ সদস্য ভৰ্তিৰ লক্ষ্য প্রাপ্তিৰে বিশেষ নজিৰ স্থাপন কৰিছে। এইক্ষেত্ৰত অসম সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম স্থানত থকা ব...

September 13, 2024 8:13 PM

views 32

বৰ্তমানৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশত গুৰুত্ব আৰোপৰ লগতে আধুনিক শিক্ষা পদ্ধতি গ্রহণ কৰি বিভিন্ন ক্ষেত্ৰৰ দক্ষতা বৃদ্ধি কৰিব লাগিবঃ মুখ্যমন্ত্রী

বৰ্তমানৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশত গুৰুত্ব আৰোপ কৰাৰ লগতে তেওঁলোকৰ সৱলীকৰণৰ উদ্দেশ্যে আধুনিক শিক্ষা পদ্ধতি সমূহ গ্রহণ কৰি বিভিন্ন ক্ষেত্ৰৰ দক্ষতা বৃদ্ধি কৰিব লাগিব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। বি বৰুৱা মহাবিদ্যালয়ৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে, প্রগতিশীল বিশ্বৰ পৰিৱৰ্তিত দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলে নিজকে চাকৰিৰ বজাৰখনত যোগ্য কৰি ৰখাৰ বাবে বিভিন্ন দক্ষতা আহৰণ কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে, পৰিৱৰ্তিত শ...

September 13, 2024 8:02 PM

views 37

চুমি বৰা আৰু তার্কিক বৰাক গ্ৰেপ্তাৰৰ পাছত থানালৈ নিনি জিমখানালৈ নি সেই স্থানত ব্যক্তিগত চেনেলে সাক্ষাৎকাৰ লোৱা বিষয় সন্দৰ্ভত মুখ্যমন্ত্রীৰ তদন্তৰ নিৰ্দেশ

অনলাইন ট্রেডিং কেলেংকাৰী গোচৰত জড়িত চুমি বৰা আৰু তার্কিক বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পাছত পোনে পোনে থানালৈ নিনি ডিব্ৰুগড় জিমখানালৈ নিয়া আৰু সেই স্থানত এটা ব্যক্তিগত চেনেলে সাক্ষাৎকাৰ লোৱা বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই তদন্তৰ নিৰ্দেশ দিছে। একেটা বিষয় সন্দৰ্ভত লগতে আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও মুখ্যমন্ত্ৰীয়ে আলোচনা কৰা বুলি প্ৰকাশ কৰিছে। আনহাতে, ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চই অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্ত দাবী কৰি...

September 13, 2024 6:26 PM

views 33

সোণাপুৰৰ কচুতলিত কালি সৃষ্টি হোৱা অনাহূত পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্রতিক্রিয়া প্ৰকাশ

সোণাপুৰৰ কচুতলিত কালি সৃষ্টি হোৱা অনাহূত পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রতিক্রিয়া প্ৰকাশ কৰি কয় যে, ঠাইখনত বে-আইনীভাৱে বসতি স্থাপন কৰাৰ আঁৰত এটা দালাল চক্ৰই কাম কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। প্ৰশাসনে অতি সোনকালেই দালাল চক্ৰটোক চিনাক্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা ল'ব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, জনজাতিয় লোকসকলৰ ভূমি সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে আপোচ নকৰে। আইনী প্ৰক্ৰিয়াৰে উচ্ছেদ চলাই যোৱা হ'ব। আনহাতে ট্রাইবেল বেল্ট এণ্ড ব্লক আইনখন কংগ্ৰেছ চৰকাৰে প্ৰৱৰ্তন কৰা বুলি উল্লেখ কৰ...

September 11, 2024 11:36 AM

views 37

ব্ৰহ্মপুত্র উপত্যকা সাৰ নিগমক পুনৰ জীৱিতকৰণৰ বাবে বিত্তমন্ত্রীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

■ ব্ৰহ্মপুত্র উপত্যকা সাৰ নিগমক পুনৰ জীৱিতকৰণৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ সৈতে আলোচনাত মিলিত হয়। এই সাক্ষাতত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ কাষত এখন নতুন উপগ্রহীয় মহানগৰ নিৰ্মাণৰ বিষয়টো লৈয়ো বিত্তমন্ত্ৰীগৰাকীৰ সৈতে কথা পাতে। এই মহানগৰ নিৰ্মাণৰ ক্ষেত্ৰত মুখ্যমন্ত্রী শর্মাই কেন্দ্রীয় বিত্তমন্ত্রীগৰাকৰ সমর্থন বিচাৰে আৰু পৰামর্শ গ্রহণ কৰে। শ্রীমতী সীতাৰমনক সাক্ষাতৰ পাছত সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ত...

September 7, 2024 6:17 PM

views 29

আইন-শৃংখলা পৰিস্থিতি উন্নতৰ দিশত আৰক্ষী আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সহযোগিতাৰে থানা পৰ্যায়ৰ নাগৰিক সমিতিসমূহ গঠন কৰা হৈছেঃ মুখ্যমন্ত্ৰী

ৰাজ্যত আইন-শৃংখলা পৰিস্থিতি উন্নত কৰাৰ দিশত আৰক্ষী আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সহযোগিতাৰে থানা পৰ্যায়ৰ নাগৰিক সমিতিসমূহ গঠন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই নাগৰিক সমিতিসমূহৰ সন্মিলনত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ আৰক্ষী আৰু জনসাধাৰণৰ মাজত সহযোগিতাৰ সেতুবন্ধনৰ বাবে থানা পৰ্যায়ৰ নাগৰিক সমিতি গঠন কৰাটো চৰকাৰৰ এটা দীৰ্ঘদিনীয়া সপোন আছিল। https://x.com/himantabiswa/status/1832368415253635514 ইয়াৰ জৰিয়ত...

September 6, 2024 6:38 PM

views 53

ডিব্ৰুগড়ত ‘মুখ্যমন্ত্ৰীৰ সচিবালয়’ মুকলিঃ অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰীসহ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অন্যান্য মন্ত্রী-বিধায়ক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্রী-বিধায়ক উপস্থিত থাকে। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ লোকৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি তথা প্ৰকল্পৰ ধাৰাবাহিক নিৰীক্ষণ আৰু স্থানীয় উন্নয়ন ত্বৰান্বিত ক...

September 5, 2024 8:59 PM

views 40

ঠগ, প্ৰৱঞ্চনাৰ বলি নহ’বলৈ ৰাজ্যবাসীক ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুমোদিত প্ৰতিষ্ঠানতহে ধন জমা থ’বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

ঠগ, প্ৰৱঞ্চনাৰ বলি নহ'বলৈ ৰাজ্যবাসীক ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুমোদিত প্ৰতিষ্ঠানতহে ধন জমা থ'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। অনলাইন ট্রেডিং প্ৰৱঞ্চনা সন্দৰ্ভত প্রতিক্রিয়া আগবঢ়াই তেওঁ জনসাধাৰণক এই সন্দৰ্ভত সজাগ হ'বলৈ আহ্বান জনায়। তেওঁ কয় যে, আৰ বি আই অনুমোদন অবিহনে কোনো লেনদেন কৰিব নোৱাৰে। ৰিজাৰ্ভ বেংকৰ নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। প্ৰয়োজন হ'লে এই সন্দৰ্ভত বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব বুলিও তেওঁ কয়।