January 22, 2025 6:27 PM

views 29

জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগমন্ত্রী কোগা য়ুইচিবোক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিস্তৃত প্ৰসাৰ আৰু এই পদক্ষেপত বহিঃৰাষ্ট্ৰৰ পৰা সহযোগিতা লাভৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগমন্ত্রী কোগা য়ুইচিবোক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জাপানী প্ৰতিষ্ঠানৰ দ্বাৰা ব্যৱসায়িক উদ্যান স্থাপনৰ বাবে অসমৰ প্ৰস্তুতি সম্পৰ্কত আলোচনা কৰে। মুখ্যমন্ত্রী ড০ শৰ্মাই জাপান চৰকাৰৰ কাৰিকৰী শিক্ষানবীছ প্রশিক্ষণ আৰু নিৰ্দিষ্ট দক্ষতা কর্মী কাৰ্যসূচীৰ বাবে পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰো...

December 14, 2024 10:43 AM

views 30

বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণৰ লক্ষ্যৰে গোলাঘাটত হিতাধিকাৰীসকলৰ সাহায্য বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব

বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত গোলাঘাট জিলাৰ হিতাধিকাৰীসকলৰ মাজত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বান সাহায্য বিতৰণ, বীজ সাহায্য বিতৰণ আৰু প্ৰধানমন্ত্রী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ প্ৰক্ৰিয়া মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে কৃষি মন্ত্রী অতুল বৰা, বিত্ত মন্ত্রী অজন্তা নেওগ আৰু গোলাঘাট জিল...

November 30, 2024 7:44 PM

views 26

অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ কাম-কাজ আনুষ্ঠানিকভাৱে উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যখনত নাগৰিককেন্দ্ৰিক সু-শাসন নিশ্চিত কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ কাম-কাজ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কিছুসময় পূৰ্বে মুখ্যমন্ত্ৰীয়ে এই আয়োগৰ কাম-কাজ শুভাৰম্ভ কৰে। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, যে এই আইনে নাগৰিকসকলৰ কল্যাণৰ বাবে নিৰ্ধাৰিত সময়ত কাম-কাজ সম্পন্ন কৰাৰ লগতে নিৰ্ভৰযোগ্যতা আৰু স্বচ্ছতা বৰ্তাই ৰখাটো নিশ্চিত কৰিব। আজিৰ দিনটো অসমৰ ইতিহাসৰ এটা উল্লেখযোগ্য দিন বুলি উল্লেখ কৰি তেওঁ আয...

November 30, 2024 7:10 PM

views 37

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত উপস্থিত বিশেষজ্ঞসকলৰ পৰা যিমান সম্ভৱ সিমান শিকিবলৈ অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক মুখ্যমন্ত্রীৰ আহ্বান

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত উপস্থিত বিশেষজ্ঞসকলৰ পৰা যিমান সম্ভৱ সিমান শিকিবলৈ অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। মহোৎসৱখনক শিকাৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ চি আই এছ আৰ, বিজ্ঞান প্ৰযুক্তি মন্ত্ৰ্যালয় আৰু ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ...

November 28, 2024 7:31 PM

views 29

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সামান্য হ’ব আৰু বৰাক উপত্যকাৰ পৰা নিৰ্বাচিত এজন বিধায়কক মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰা হ’বঃ মুখ্যমন্ত্ৰী

অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আজি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয়, যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সামান্য হ'ব আৰু বৰাক উপত্যকাৰ পৰা নিৰ্বাচিত এজন বিধায়কক মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰা হ'ব। মুখ্যমন্ত্ৰী শৰ্মাই কয়, যে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য বৰ্তমান অন্তিম পৰ্যায়ত আছে আৰু অহা বছৰৰ জুলাই মাহৰ ভিতৰত এই দলংখনৰ নিৰ্মাণকাৰ্য সম...

November 7, 2024 6:45 PM

views 26

চামগুৰি আৰু বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

অহা ১৩ নৱেম্বৰত ৰাজ্যৰ ৫টা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাই আছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শর্মাই আজি চামগুৰি আৰু বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থী দুগৰাকীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চামগুৰি উচ্চতৰ মাধ্যমিক খেলপথাৰ, বিহালী স্নাতক মহাবিদ্যালয় খেলপথাৰ আৰু মহাবীৰ বিদ্যালয় খেলপথাৰত অনুষ্ঠিত নির্বাচনী সভাত উন্নয়নৰ স্বাৰ্থত দলীয় প্ৰাৰ্থী দুগৰাকীক সমর্থন জনাবলৈ আহ্বান জনায়। ইফালে অসম প্রদেশ ক...

November 6, 2024 12:58 PM

views 52

ষট পূজা উপলক্ষে ৰাজ্যবাসীলৈ মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বার্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে।

November 6, 2024 12:56 PM

views 30

নুনমাটিৰ পৰা ৰিজাৰ্ভবেংক সংযোগী নির্মীয়মান উৰণ সেতু নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যোৱানিশা নুনমাটিৰ পৰা ৰিজাৰ্ভবেংক সংযোগী নির্মীয়মান উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। লোকনিৰ্মাণ বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে গুৱাহাটী ক্লাবত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণসেতুখন সমাপ্ত পৰিবলগীয়া অংশটোৰ বুজ লয়। সাংবাদিকেৰে হোৱা কথা-বতৰাত তেওঁ কয় যে উৰণ সেতুখন পূৰ্বৰ তুলনাত এতিয়া কিছু সৰু কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বতে লোৱা সিদ্ধান্ত অনুসৰি নুনমাটি দিশৰ পৰা আহিলে উৰণসেতুখন ৰিজাৰ্ভ বেংকত শেষ হ'লহেঁতেন, কিন্তু এতিয়া ৰবীন্দ্ৰ ভৱনৰ সন্মুখত ...

November 6, 2024 10:19 AM

views 24

নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংক সংযোগী নির্মীয়মান উৰণ সেতুৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱানিশা নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংক সংযোগী নির্মীয়মান উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। লোকনিৰ্মাণ বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে গুৱাহাটী ক্লাবত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণসেতুখন সমাপ্ত পৰিবলগীয়া অংশটোৰ বুজ লয়। সাংবাদিকেৰে হোৱা কথা-বতৰাত তেওঁ কয় যে উৰণ সেতুখন পূৰ্বৰ তুলনাত এতিয়া কিছু সৰু কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বতে লোৱা সিদ্ধান্ত অনুসৰি নুনমাটি দিশৰ পৰা আহিলে উৰণসেতুখন ৰিজাৰ্ভ বেংকত শেষ হ'লহেঁতেন, কিন্তু এতিয়া ৰবীন্দ্ৰ ভৱনৰ সন্মু...

November 5, 2024 1:20 PM

views 33

ষট পূজা উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ ৰাজ্যবাসীলৈ শুভেচ্ছা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বার্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে। সমাগত ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে গুৱাহাটী আৰক্ষী আয়ুক্তৰ উদ্যোগত জিলা পুথিভঁৰালত এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পূজাৰ সময়ত পালন কৰিবলগীয়া নীতি-নির্দেশনা সন...