June 14, 2024 12:27 PM

views 32

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদ তথা গুৱাহাটী জিলা আদালত চৌহদ ন’ ফ্লাই জন ঘোষণা

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদ তথা গুৱাহাটী জিলা আদালত চৌহদ সামৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কামৰূপ মহানগৰ জিলা দণ্ডাধিশে ন' ফ্লাই জন হিচাপে ঘোষণা কৰিছে। এই ব্যৱস্থা পৰৱৰ্তী নির্দেশ নিদিয়ালৈকে বাহাল থাকিব।

June 11, 2024 8:51 PM

views 21

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াক ন্যায়াধীশ হিচাপে নিযুক্তি

কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰ্যালয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুগৰাকী অতিৰিক্ত ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াক ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে দুয়োগৰাকীক অতিৰিক্ত ন্যায়াধীশৰূপে নিযুক্তিত অনুমোদন জনাইছিল। কলেজিয়ামৰ অনুমোদনৰ ভিত্তিত আজি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক ন্যায়াধীশৰূপে নিযুক্তি প্ৰদান কৰিছে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুমোদিত ৩০টা পদৰ বিপৰীতে বর্তমান ২৪গৰাকী ন্যায়াধীশে কাৰ্যনিৰ্বাহ ...

June 3, 2024 7:58 PM

views 33

ৰৌনক আলী হাজৰিকাৰ আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে আয় বর্হিভূত সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-আৰক্ষী মহাপৰিদৰ্শক ৰৌনক আলী হাজৰিকাৰ এখন আবেদন আজি নাকচ কৰে। বৈধ আয়তকৈ অধিক সম্পত্তি আহৰণ কৰা সন্দৰ্ভত বিশেষ ন্যায়াধীশৰ আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই অভিযুক্ত হাজৰিকাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। সকলো পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ অন্তত উচ্চ ন্যায়ালয়ে আবেদনখন খাৰিজ কৰে।

June 1, 2024 8:08 PM

views 25

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে গঠিত সমিতিৰ সদস্যসকলৰ প্রতিনিধি দলৰ শিশু গৃহ পৰিদৰ্শন আৰু পর্যালোচনা

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে গঠিত সমিতিৰ সদস্যসকলৰ এটা প্রতিনিধি দলে ৰাজ্যৰ বিভিন্ন ঠাইৰ শিশু গৃহ পৰিদৰ্শন কৰি শিশু সুৰক্ষা আৰু নিৰাপত্তাৰ বিভিন্ন দিশ পর্যালোচনা কৰি বিশেষ প্রতিবেদন প্রস্তুত কৰিছে। সমিতিৰ সদস্য ববিতা শ‍ইকীয়া, সুনন্দা দাস আৰু সুবোধ দাসে আজি গোৱালপাৰা জিলাৰ জি ভি এছ শিশু গৃহ পর্যবেক্ষণ কৰে। তদুপৰি তেওঁলোকে কালি মানকাচৰ জিলাৰ বেজা শিশু গৃহ আৰু এটা বিশেষ দত্তক প্রতিষ্ঠান পৰিদর্শন কৰে। তেওঁলোকে শিশু গৃহৰ শিশুসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে শিশু ন্যায় আৰু সুৰক্ষা আইন ২০১৫ৰ শুদ...

May 31, 2024 12:36 PM

views 33

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা লটাৰী খেলসমূহৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজৰিত আবেদন দাখিল

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা লটাৰী খেলসমূহৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ্জৰিত আবেদন দাখিল কৰা হৈছে। ন্যায়ালয়ে গোচৰটোৰ শুনানি গ্ৰহণ কৰি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু ৩৪ খন জিলাৰ আয়ুক্তলৈ জাননী জাৰি কৰিছে। ডেৰ মাহৰ ভিতৰত এই সন্দৰ্ভত সংশ্লিষ্ট কেউটা পক্ষই শপতনামা দাখিল কৰিব লাগিব। উল্লেখযোগ্য যে যোৰহাটৰ ৰূপম বৰবৰা নামৰ এজন সচেতন ব্যক্তিয়ে ৰাজ্যত অনলাইন আৰু অফলাইন যোগে চলি থকা লটাৰী খেলসমূহ বন্ধ কৰাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আবেদন তেওঁ উল্লেখ কৰে...

May 3, 2024 11:33 AM

views 26

গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ৰাজ্যতে ম’হ যুঁজ অনুষ্ঠিত নকৰিবলৈ অসম চৰকাৰক নিৰ্দেশ

◊ গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ৰাজ্যতে ম’হ যুঁজ অনুষ্ঠিত নকৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। পিপ্‌ল ফৰ দ্য ইথিকেল ট্রিটমেণ্ট অব্ এনিমেলছ চমুকৈ পেটা নামৰ সংগঠনটোৱে দাখিল কৰা এখন আবেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্রদান কৰিছে। উল্লেখযোগ্য যে অসম চৰকাৰে কেবিনেট সিদ্ধান্তযোগে এছ অ’ পি জাৰি কৰি মাঘ বিহুৰ সময়ত ম’হযুঁজ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল।

April 5, 2024 8:02 PM

views 27

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত

♦গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত দেশৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুই আৰু ন্যায়াধীশ এল এছ জমীৰকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

April 4, 2024 8:53 PM

views 36

সাংসদ নৱ কুমাৰ শৰণীয়াৰ সপক্ষে পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

♦ গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ সপক্ষে পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া এটা নিৰ্দেশ খাৰিজ কৰিছে। ইয়াৰ লগে লগে শ্ৰীশৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা পুনৰ সাংসদ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনাত জটিলতাৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে এজন ব্যক্তিব অভিযোগৰ ভিত্তিত অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে সাংসদগৰাকী বড়ো-কছাৰী সম্প্ৰদায়ৰ অন্তর্গত নহয় বুলি নির্দেশনা প্রদান কৰিছিল। এই নির্দেশৰ পাছতেই জনজাতি পৰিক্ৰমা বিভাগে শ্ৰীশবণীয়াৰ অনুসূচিত জনজাতি...

April 4, 2024 1:19 PM

views 28

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱসঃ কটন বিশ্ববিদ্যালয়ত অনুষ্ঠানৰ আয়োজন

♦ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত সন্ধিয়া ৫ বজাৰ পৰা এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷