December 19, 2024 7:18 PM

views 23

পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰিৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্যিক নির্বাচন আয়োগৰ ওপৰত ৯ জানুৱাৰীলৈকে নিষেধাজ্ঞা আৰোপ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত ৰাজ্যিক নির্বাচন আয়োগৰ ওপৰত ৯ জানুৱাৰীলৈকে নিষেধাজ্ঞা আৰোপ কৰিছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত যোৱা ৩ আগষ্টত জাৰি কৰা অধিসূচনাৰ প্ৰত্যাহ্বান জনাই জাৰি কৰা কেইবাখনো লেখ আবেদন সন্দৰ্ভত ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ আদালতে ১৭ ডিচেম্বৰত এই নিৰ্দেশ জাৰি কৰে। আবেদনকাৰী সকলে কোনো এটা অঞ্চলত বৃহৎ জনসংখ্যা একেখন পঞ্চায়তৰ অধীনত অন্তৰ্ভুক্ত কৰাকে ধৰি কেইবাটাও সংশোধিত বিধিৰ ব...

December 17, 2024 8:20 PM

views 24

ম’হ যুঁজ আৰু বুলবুলি চৰাই যুঁজ সন্দৰ্ভত ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশাৱলী বাতিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

পেটা ইণ্ডিয়াই দাখিল কৰা এখন আবেদনৰ প্ৰতি সঁহাৰি জনাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰে ম'হ যুঁজ আৰু বুলবুলি চৰাই যুঁজৰ অনুমতি দি ২০২৩ চনৰ ২৭ ডিচেম্বৰত জাৰি কৰা নিৰ্দেশাৱলী বাতিল কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি ন্যায়াধীশ দেৱাশীস বৰুৱাৰ বিচাৰপীঠত পেটা ইণ্ডিয়াৰ হৈ জ্যেষ্ঠ অধিবক্তা দিগন্ত দাসে বিতং তথ্য দাঙি ধৰি কয়, যে ম'হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজে পশু হিংস্রতা প্ৰতিৰোধ আইন উলংঘা কৰিছে। বুলবুলি চৰাইৰ যুঁজে অতিৰিক্তভাৱে বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ উলংঘা কৰা বুলিও জ্যেষ্ঠ অধিবক্তাগৰ...

November 14, 2024 12:17 PM

views 27

জ্যোতি শিক্ষাকেন্দ্ৰসমূহত ১০ বছৰৰ অধিক কাল কর্মৰত শিক্ষা কৰ্মীসকলক পে স্কেল প্রদান সন্দৰ্ভত বিবেচনা কৰিবলৈ সৰ্বশিক্ষা অভিযানক নির্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ জ্যোতি শিক্ষাকেন্দ্ৰসমূহত ১০ বছৰৰ অধিক কাল কর্মৰত শিক্ষা কৰ্মীসকলক পে স্কেল প্রদান সন্দৰ্ভত বিবেচনা কৰিবলৈ সৰ্বশিক্ষা অভিযানক নির্দেশ দিছে। ১০৫ গৰাকী ব্যক্তিয়ে দাখিল কৰা লেখ আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে শিক্ষা কৰ্মীসকলৰ বিষয়টো বিবেচনা কৰিবলৈ নির্দেশ দিছে। আনহাতে আবেদনকাৰীসকলক ২০১৭ চনৰ ৰীট আবেদন সন্দৰ্ভত খণ্ড বিচাৰপীঠে দিয়া ৰায় সংলগ্ন কৰি সৰ্বশিক্ষাৰ ওচৰত ব্যক্তিগতভাৱে আবেদন দাখিল কৰিবলৈও নির্দেশ দিছে। অহা দুমাহৰ ভিতৰত তেওঁলোকে সৰ্বশি...

November 6, 2024 10:30 AM

views 18

গড়ভঙা বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণাৰ অধিসূচনা বাতিলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰক জবাবদিহি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

■ গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা গড়ভঙা বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ অধিসূচনা বাতিল কৰাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক জবাবদিহি কৰিছে। এটা প্রকৃতিপ্রেমী স্বেচ্ছাসেৱী সংগঠনে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে তিনি সপ্তাহৰ ভিতৰত চৰকাৰক এই সন্দৰ্ভত সবিশেষ শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ২০২২ চনৰ ২৮ মে’ত ৰাজ্য চৰকাৰে গড়ভঙাৰ ১১৭ বর্গ কিলোমিটাৰ এলেকা সামৰি বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে অধিসূচনা জাৰি কৰিছিল। ইয়াৰ পাছত ২০২৩ চনৰ ...

November 2, 2024 7:10 PM

views 15

নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনৰ গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিসূচনা জাৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ে নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনৰ গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত চলাই থকা গোচৰসমূহৰ ক্ষেত্ৰত এজাহাৰ, অভিযোগনামা, চূড়ান্ত প্রতিবেদন আদি চিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰিব লাগিব। একেদৰে চিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতে জামিন আবেদন, জিম্মাত বিচৰা আবেদন আদি নিষ্পত্তিৰ দায়িত্ব চিবিআইৰ ২ আৰু ৩ নম্বৰ অতিৰিক্ত আদালতক ...

September 10, 2024 12:41 PM

views 27

অবৈধভাৱে অট্টালিকা নিৰ্মাণ কৰাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে কামৰূপ জিলাৰ অন্তৰ্গত দক্ষিণ কামৰূপ, পলাশবাৰী আদি অঞ্চলত একাংশ প্রতিষ্ঠানে কৃষিভূমি, জলাশয় আদি পুতি অবৈধভাৱে অট্টালিকা নিৰ্মাণ কৰাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বিশেষকৈ অঞ্চলটোৰ প্ৰাকৃতিক জলধাৰা বন্ধ কৰি এই নিৰ্মাণকাৰ্য চলাই থকাৰ বিৰুদ্ধে ন্যায়ালয়ে বিভাগীয় কৰ্তৃপক্ষক জবাবদিহি কৰিছে। এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এখন সমিতি গঠন কৰি অধিবক্তা অঞ্জন কলিতাক এই সমিতিৰ আয়ুক্ত হিচাপে নিযুক্তি দিছে।...

September 9, 2024 7:02 PM

views 24

পলাশবাৰীত সৃষ্টি হোৱা কৃত্রিম বানৰ তদন্তৰ বাবে অঞ্জন কলিতাক নিযুক্তি উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে দক্ষিণ কামৰূপ অঞ্চলৰ পলাশবাৰীত একাংশ উদ্যোগী আৰু ব্যৱসায়ীয়ে অবৈধভাৱে চলোৱা নিৰ্মাণ কাৰ্যৰ ফলত নলা-নৰ্দমা বন্ধ হৈ সৃষ্টি হোৱা কৃত্রিম বান সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ে কৃত্রিম বানৰ ঘটনাৰ তদন্তৰ বাবে অঞ্জন কলিতাক নিযুক্তি দিছে। আদালতৰ নিৰ্দেশ অনুসৰি তেওঁ অঞ্চলটোত সৃষ্টি হোৱা কৃত্রিম বানৰ সমস্যা সন্দৰ্ভত ক্ষেত্রভিত্তিক অনুসন্ধান চলাব। অনুসন্ধান চলোৱাৰ লগতে সকলো পক্ষৰ মতামত গ্রহণ কৰি প্রতিবেদন দাখিল কৰিবলৈ শ্ৰীকলিতাক নিৰ্দেশ দিয়া হৈছে। উচ্চ ন্যায়ালয়ে অ...

August 12, 2024 7:31 PM

views 25

৩৫,১৩৩ টা শিক্ষক পদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে প্রাথমিক শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰা ৩৫ হাজাৰ ১৩৩টা শিক্ষক পদৰ বিজ্ঞাপনত আজি অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিছে। লগতে ন্যায়ালয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চৰকাৰী পক্ষক নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে চাৰি সপ্তাহৰ সময় দিছে। উল্লেখযোগ্য যে সমগ্ৰ শিক্ষাৰ অধীনৰ ষ্টেটপুল আৰু ঠিকা ভিত্তিক শিক্ষকসকলক চাকৰি নিয়মীয়াকৰণ সুযোগ দি প্রথামিক শিক্ষা সঞ্চালকালয়ে যোৱা ৬ আগষ্টৰ পৰা এই পদকেইটাৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। কিন্তু বেতন সুৰক্ষাসহ চা...

August 7, 2024 7:48 PM

views 85

গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে বৰ্তমান আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগক শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে বৰ্তমান আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী মহানগৰীত হোৱা কৃত্রিম বান সন্দৰ্ভত এটা বেচৰকাৰী সংগঠনে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ আজি শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুই আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। খণ্ড বিচাৰপীঠে লগতে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে ৰাজ্য ...

June 18, 2024 5:45 PM

views 28

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াৰ ন্যায়াধীশ হিচাপে শপতগ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াই আজি ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে ন্যায়াধীশ দুগৰাকীক শপতবাক্য পাঠ কৰোৱায়।