February 17, 2025 5:59 PM

views 19

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে য়াৰেংজুংলা লংকুমেৰ শপতগ্ৰহণ

য়াৰেংজুংলা লংকুমেই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৱে আজি দিনৰ ১০ বজাত ন্যায়ালয়ৰ নতুন ভৱনৰ ১ নম্বৰ আদালতত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমতী লংকুমেৰক শপতগ্ৰহণ কৰোৱায়। শপতগ্রহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ আৰু অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।

February 14, 2025 7:52 PM

views 38

ৰাজ্যৰ অবৈধ কয়লাখনন সম্পৰ্কীয় গোচৰসমূহৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা একেলগে চলিব

ৰাজ্যৰ অবৈধ কয়লাখনন সম্পৰ্কীয় গোচৰসমূহৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা একেলগে চলিব। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে উমৰাংচুৰ কয়লাখনিৰ ঘটনাক লৈ ইতিমধ্যে ৰুজু হোৱা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰটোৰ সৈতে অন্যান্য গোচৰসমূহ একত্ৰিত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই উচ্চ ন্যায়ালয়ত এই বিষয়ত দাখিল কৰা ৰাজহুৱা স্বার্থ জড়িত আবেদনখনো মূল গোচৰৰ সৈতে সন্নিৱিষ্ট কৰিবলৈ ন্যায়ালয়ে নির্দেশ দিয়ে।...

February 13, 2025 9:00 PM

views 21

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে য়াৰেন জুংলা লংকুমেৰক নিযুক্তি

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে ন্যায়িক বিষয়া য়াৰেন জুংলা লংকুমেৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আজি নিযুক্তি প্ৰদান কৰিছে। মন্ত্ৰালয়ে দেশৰ আন কেইবাখনো ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ বাবেও আজি নতুন ন্যায়াধীশ আৰু অতিৰিক্ত ন্যায়াধীশ নিযুক্তি দিয়ে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে যোৱা ৪ জানুৱাৰীত লংকুমেৰৰ লগতে এগৰাকী অধিবক্তাৰ নাম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদন জনাইছিল ।

February 8, 2025 1:23 PM

views 22

আহোম ৰাজত্বৰ কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

আহোম ৰাজত্বৰ কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ দিছে। এটা নিজাববীয়া গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। অহা ছমাহৰ ভিতৰত পুৰাতত্ব সমল, সত্যতা আৰু বিশুদ্ধতাৰ ভিত্তিত আহোম ৰাজত্বকালৰ কীৰ্তি চিহ্নসমূহক সংৰক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ খণ্ড বিচাৰপীঠে স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে, ২০২৪ বৰ্ষৰ তিনি এপ্ৰিলত ন্যায়ালয়ে ৰাজ্য চৰকাৰক এই কীৰ্তি চিহ্নসমূহ সংৰক্ষণৰ বা...

February 7, 2025 6:52 PM

views 23

উমৰাংছুৰ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজহুৱা স্বার্থজড়িত শুনানিত ৰাজ্য চৰকাৰৰ শপতনামা দাখিল

উমৰাংছুৰ কয়লাখনিত কেইবাজনো শ্ৰমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰুজু কৰা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত আবেদনখনক লৈ আজি অনুষ্ঠিত শুনানিত ৰাজ্য চৰকাৰে এখন শপতনামা দাখিল কৰে। অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই দাখিল কৰা এই শপতনামাখনত সংশ্লিষ্ট এলেকাসমূহত অবৈধ কয়লা খনন ৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ সন্নিবিষ্ট কৰা হৈছে।

January 29, 2025 12:46 PM

views 27

উমৰাংছ’ৰ কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু

ডিমা হাচাও জিলাৰ উমৰাংছ'ৰ কয়লাখনিত কেইবাজনো শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰিছে। এই গোচৰটোৰ ভিত্তিত কালি শুনানি লৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰ খণ্ড বিচাৰপীঠে ৰাজ্যত এন্দুৰৰ গাঁত সদৃশ খনন বন্ধ কৰাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে, সেই সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। শুনানি কালত মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই উমৰাংছ'ৰ কয়লাখনিত সংঘটিত ঘটনাৰ তদন্তৰ বাবে অৱস...

January 7, 2025 1:16 PM

views 29

পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ আজি শুনানি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ শুনানি আজি পুনৰ গ্ৰহণ কৰিব। এই গোচৰসমূহক লৈ ন্যায়ালয়ত চলি থকা শুনানিৰ অংশ হিচাপে কালি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ বিচাৰপীঠত গোচৰীয়া পক্ষ আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই নিজ পক্ষৰ যুক্তি দাঙি ধৰে। শুনানি কালত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ে আৰোপ কৰা স্থগিতাদেশ প্রত্যাহাৰৰ বাবেও আবেদন জনোৱা হয় যদিও ন্যায়ালয়ে এই ক্ষেত্ৰত চৰকাৰক সেউজ সংকেত প্ৰদান নকৰিলে। উল্লেখযোগ্য যে...

January 6, 2025 6:25 PM

views 20

পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ কাইলৈ শুনানি গ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ শুনানি কাইলৈ পুনৰ গ্ৰহণ কৰিব। এই গোচৰসমূহক লৈ ন্যাযালয়ত চলি থকা শুনানিৰ অংশ হিচাপে আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ বিচাৰপীঠত গোচৰীয় পক্ষ আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই নিজ পক্ষৰ যুক্তি দাঙি ধৰে। আজি শুনানি কালত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ে আৰোপ কৰা স্থগিতাদেশ প্রত্যাহাৰৰ বাবেও আবেদন জনোৱা হয় যদিও ন্যায়ালয়ে এই ক্ষেত্ৰত চৰকাৰক সেউজ সংকেত প্ৰদান নকৰিলে। উল্লেখযোগ্য...

December 24, 2024 3:40 PM

views 42

আলফা(স্বা) অবৈধ হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেই বিষয়ে বিবেচনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমাইৰ নেতৃত্বত ন্যায়াধীকৰণ গঠন

কেন্দ্ৰীয় চৰকাৰে অসমৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম-আলফা স্বাধীনক অবৈধ সংগঠন হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেই বিষয়ে বিবেচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমাইৰ নেতৃত্বত এখন ন্যায়াধীকৰণ গঠন কৰিছে। এই অবৈধ কার্যকলাপ প্ৰতিৰোধ ন্যায়াধীকৰণে সংগঠনটোৰ আন আন গোট আৰু শাখাসমূহৰ সন্দৰ্ভতো অনুসন্ধান কৰিব।উল্লেখযোগ্য যে, ১৯৯০ চনত কেন্দ্ৰীয় চৰকাৰে অপৰাধমূলক কার্যকলাপ, বলপূর্বক ধন দাবী আৰু বিচ্ছিন্নতাবাদী কার্যকলাপত জড়িত থকা বুলি সংয...

December 21, 2024 8:11 PM

views 26

পকচ’ আদালতৰ বিশেষ ন্যায়াধীশ ৰঞ্জু মেধিক বাধ্যতামূলক অৱসৰ প্ৰদান

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগে শোণিতপুৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ তথা পকচ’ আদালতৰ বিশেষ ন্যায়াধীশ ৰঞ্জু মেধিক বাধ্যতামূলক অৱসৰ প্ৰদান কৰিছে। ইতিমধ্যে নিলম্বিত হৈ থকা শ্ৰীমেধিক ৫৫ বছৰ বয়সত আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ ন্যায়িক বিভাগে অৱসৰ প্ৰদান কৰে। অৱশ্যে এই সন্দৰ্ভত ন্যায়িক বিভাগে জাৰি কৰা নিৰ্দেশনাটোত প্রাক্তন ন্যায়াধীশগৰাকীৰ বাধ্যতামূলক অৱসৰৰ কাৰণ উল্লেখ কৰা হোৱা নাই ।