October 24, 2025 9:26 PM

views 63

জি এছ টি ব্যৱস্থাৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে কৰ আৰোপন প্ৰণালীক অধিক দক্ষ, যুক্তিসংগত আৰু বিকাশমুখী কৰি তোলাঃ নির্মলা সীতাৰমণ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমনে জি এছ টি ব্যৱস্থাৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে কৰ আৰোপন প্ৰণালীক অধিক দক্ষ, যুক্তিসংগত আৰু বিকাশমুখী কৰি তোলা বুলি মন্তব্য কৰিছে। নিয়মিত কদাতাসকলৰ বাবে জীৱন সহজলভ্য কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি গাজিয়াবাদত কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ ভৱন উন্মোচন কৰি দক্ষ কৰ প্ৰণালীয়ে অর্থনৈতিক সন্মিলন আৰু অধিক সমৃদ্ধশালী কৰিব বুলিও উল্লেখ কৰে। জি এছ টি পৰিষদে জি এছ টিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সহজ, নিৰৱিচ্ছিন্ন আৰু অধিক স্বচ্ছ কৰ...

October 23, 2025 12:18 PM

views 17

জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰা আৰু যোৱা ২২ ছেপ্তেম্বৰৰ পৰা সমগ্ৰ দেশত ৰূপায়ণ হোৱা সামগ্ৰী আৰু সেৱা কৰ জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হৈছে। চৰকাৰে জনসাধাৰণক সকাহ প্ৰদানৰ উদ্দেশ্যে স্বাস্থ্য সেৱা খণ্ডত আৰোপিত কৰ যথেষ্ট হ্রাস হৈছে। চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ অধীনত কর্কট আৰু পুৰণি ৰোগৰ চিকিৎসাত ব্যৱহৃত ৩৬ বিধ জীৱনৰক্ষী ঔষধৰ ওপৰত আৰোপিত কৰ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত স্বাস্থ্য বীমা ধাৰকসকলৰ ব্যয় হ্রাস পাইছে আৰু সমগ্র দেশত স্বাস্থ্য সেৱা গ্ৰহণ...

October 3, 2025 12:18 PM

views 18

জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমাজৰ সকলো শ্ৰেণী লাভান্বিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জি এছ টি সঞ্চয় উৎসৱ যোৱা ২২ ছেপ্তেম্বৰৰ পৰা প্ৰযোজ্য হৈছে আৰু ইয়াৰ পৰা সমাজৰ সকলো শ্ৰেণী লাভান্বিত হৈছে। পৰৱৰ্তী প্রজন্ম জি এছ টি সংস্কাৰসমূহ দেশৰ পৰোক্ষ কৰ ব্যৱস্থাৰ সৰলীকৰণৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে পৰিগণিত হৈছে। এই সংস্কাৰ ব্যৱস্থাই বিভিন্ন সামগ্ৰী আৰু সেৱাৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰি নাগৰিকসকলক সকাহ প্ৰদান কৰিছে। ছাত্র-ছাত্রীসকলক এনে সংস্কাৰৰ অধীনত বহী, পেঞ্চিল আদিত ১২ শতাংশ ৰেহাই দিয়া হৈছে। একেদৰে ৰবৰৰ ক্ষেত্ৰত এতিয়াৰে পৰা কোনো ধৰণৰ জি এছ...

September 22, 2025 9:11 PM

views 25

সামগ্ৰী আৰু সেৱা কৰৰ সংস্কাৰে দেশৰ অৰ্থনৈতিক বিকাশত নতুন গতি প্রদান কৰিবঃ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সামগ্ৰী আৰু সেৱা কৰৰ সংস্কাৰে দেশৰ অৰ্থনৈতিক বিকাশত নতুন গতি প্রদান কৰিব বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয়, যে দেশৰ জনসাধাৰণৰ ক্ৰয় ক্ষমতা বাঢ়িব আৰু ইয়াৰ বাবে মুঠ ঘৰুৱা উৎপাদন প্রায় ২০ লাখ কোটি টকা বৃদ্ধি পাব। তেওঁ কয়, যে দেশৰ জনগণে চৰকাৰৰ এই সিদ্ধান্তত সন্তোষ প্ৰকাশ কৰিছে। কিয়নো এতিয়াৰে পৰা দৈনন্দিন প্রয়োজনৰ প্ৰায়বোৰ সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাৰ ফলত তেওঁলোকৰ আয়...

September 22, 2025 7:21 PM

views 33

প্রধানমন্ত্ৰী মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা গৃহমন্ত্রী অমিত শ্বাহৰ

দেশৰ দৰিদ্ৰ, যুৱ প্ৰজন্ম, কৃষক আৰু মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ‍ জি এছ টিৰ সংস্কাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ এলানি বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে নতুন সংস্কাৰে ভালেসংখ্যক সামগ্ৰীৰ ক্ষেত্ৰত জি এছ টিৰ হাৰ হ্ৰাস কৰি সামগ্ৰিকভাৱে জনসাধাৰণৰ ব্যয় হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ ফলত দেশৰ অৰ্থনীতিৰ বিকাশ দ্রুত হ...

September 19, 2025 12:32 PM

views 29

সোমবাৰৰ পৰা সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ নতুন নিৰিখসমূহ প্ৰযোজ্য

সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ নতুন নিৰিখিসমূহ সোমবাৰৰ পৰা প্ৰযোজ্য হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ স্বাধীনতা দিৱসৰ ভাষণত পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ কথা ঘোষণা কৰিছিল। সামগ্ৰী আৰু সেৱা কৰ পৰিষদে প্রধানমন্ত্ৰীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰি অলপতে কৰ পৰিকাঠামো সৰল কৰি তোলাৰ লগতে জনসাধাৰণৰ বিত্তিয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে ভালেমান উদ্যম গ্ৰহণ কৰিছে। এনে উদ্যমৰ অংশ হিচাপে দুচকীয়া বাহন আৰু সৰু গাড়ীৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰা হৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ অধীনত চৰকাৰে ৩৫০ চিচি...

September 14, 2025 8:03 PM

views 44

উৎসৱৰ বতৰ-দীপাৱলী, দুৰ্গাপূজা আৰু নৱৰাত্ৰিৰ পূৰ্বে জি এছ টি দ্বিতীয় পর্যায় প্ৰৱৰ্তন কৰা হ’ব বুলি  কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ প্ৰকাশ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কয় যে উৎসৱৰ বতৰ-দীপাৱলী, দুৰ্গাপূজা আৰু নৱৰাত্ৰিৰ পূৰ্বে জি এছ টি দ্বিতীয় পর্যায় প্ৰৱৰ্তন কৰা হ'ব আৰু ইয়াৰ দ্বাৰা প্ৰতিগৰাকী ভাৰতীয় উপকৃত হ'ব। চেন্নাইত আজি বাণিজ্য আৰু উদ্যোগ সন্থাৰ যৌথ সন্মিলনত ভাষণ দি তেঁও কয় যে প্রায় ৯৯ শতাংশ সামগ্ৰীৰ জি এছ টি ১২ ৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ২৮ শতাংশ জি এছ টি ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ৮ বছৰ পূৰ্বে তেতিয়া এই কৰ প্ৰৱৰ্তন কৰা হৈছিল। তেত...

September 12, 2025 1:00 PM

views 26

দিপাৱলীৰ ভিতৰত পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ কথা ঘোষণা প্রধানমন্ত্ৰীৰ

স্বাধীনতা দিৱস উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক লাল কিল্লাত প্ৰাচীৰৰ পৰা পোহৰৰ উৎসৱ দিপাৱলীৰ ভিতৰত পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ কথা ঘোষণা কৰিছে। তেওঁৰ এই দৃষ্টিভংগী বাস্তবায়িত কৰি ৩ ছেপ্তেম্বৰত জি এছ টি পৰিষদে জনসাধাৰণৰ জীৱন সুগম কৰি তোলাৰ উদ্দেশ্যে ভালেমান খণ্ডত আৰোপিত কৰ হ্ৰাস কৰিছিল আৰু একাংশ খণ্ডৰ কৰৰ বিলুপ্তি সাধন কৰিছিল। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ অধীনত চৰকাৰে ভালেমান অত্যাৱশ্যকীয় সামগ্ৰী কৰ শূন্য কৰি সাধাৰণ মানুহৰ বোজা লাঘৱৰ বাবে বৃহৎ পদক্ষেপ লৈছে। গাখীৰ, পে...

September 5, 2025 8:33 PM

views 35

দেশৰ বজাৰৰ ১৭৫ বিধ সামগ্ৰীৰ ওপৰত থকা কৰৰ পৰিমাণ হ্ৰাস

জি এছ টি পৰিষদে অহা ২২ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সামগ্ৰী আৰু সেৱা কৰৰ স্তৰ বৰ্তমানৰ ৪ টাৰ পৰা ২ টালৈ হ্ৰাস কৰাৰ সিদ্ধান্তক সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে আদৰণি জনাইছে। এই সিদ্ধান্তৰ ফলত দেশৰ বজাৰৰ ১৭৫ বিধ সামগ্ৰীৰ ওপৰত থকা কৰৰ পৰিমাণ হ্ৰাস পাব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ৭ ছেপ্তেম্বৰৰ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত জি এছ টি হ্রাস সম্পর্কে সমাজৰ বিভিন্ন শ্রেণীৰ লোকৰ মতামত প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচ...

September 5, 2025 6:45 PM

views 27

পৰোক্ষ কৰ ব্যৱস্থাত ৫%, ১২%, ১৮% আৰু ২৮% জি এছ টিত অনুমোদন জি এছ টি পৰিষদৰ

লালকিল্লাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাগত দীপাৱলীৰ পৰাই দেশত জি এছ টি ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা হ'ব বুলি ঘোষণা কৰিছিল। প্রধানমন্ত্রী শ্রীমোদীয়ে অধিক কাৰ্যক্ষম আৰু নাগৰিক অনুকূল অর্থনীতি গঢ়াৰ লক্ষ্যৰে যোৱা পৰহিৰ পৰা জি এছ টি পৰিষদে সাধাৰণ মানুহৰ সুবিধাৰ অৰ্থে জি এছ টিৰ হাৰ সংস্কাৰত অনুমোদন জনায়। পৰিষদে পৰোক্ষ কৰ ব্যৱস্থাত ৫ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ জি এছ টিত অনুমোদন জনায়। ধঁপাত আৰু বিলাসী সামগ্ৰী আৰু নিৰ্বাচিত কিছু সামগ্ৰীৰ...