October 24, 2025 9:26 PM October 24, 2025 9:26 PM
52
জি এছ টি ব্যৱস্থাৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে কৰ আৰোপন প্ৰণালীক অধিক দক্ষ, যুক্তিসংগত আৰু বিকাশমুখী কৰি তোলাঃ নির্মলা সীতাৰমণ
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমনে জি এছ টি ব্যৱস্থাৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে কৰ আৰোপন প্ৰণালীক অধিক দক্ষ, যুক্তিসংগত আৰু বিকাশমুখী কৰি তোলা বুলি মন্তব্য কৰিছে। নিয়মিত কদাতাসকলৰ বাবে জীৱন সহজলভ্য কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি গাজিয়াবাদত কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ ভৱন উন্মোচন কৰি দক্ষ কৰ প্ৰণালীয়ে অর্থনৈতিক সন্মিলন আৰু অধিক সমৃদ্ধশালী কৰিব বুলিও উল্লেখ কৰে। জি এছ টি পৰিষদে জি এছ টিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সহজ, নিৰৱিচ্ছিন্ন আৰু অধিক স্বচ্ছ কৰ...