September 4, 2025 8:47 PM

views 39

জি এছ টি ত অনা সংস্কাৰে সমাজৰ প্ৰতিটো স্তৰৰ লোকক সকাহ প্ৰদান কৰিব বুলি বিজেপিৰ প্ৰকাশ

বিজেপিয়ে সামগ্ৰী আৰু সেৱা কৰৰ ক্ষেত্ৰখনত অনা সংস্কাৰৰ প্ৰশংসা কৰি কয়, যে এই নতুন কৰ ব্যৱস্থাই সমাজৰ প্ৰতিটো স্তৰৰ লোকক সকাহ প্ৰদান কৰিব। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি বিজেপি দলৰ মুখপাত্র সম্বিত পাত্রই কয়, যে সামগ্রী আৰু সেৱা কৰ হ্ৰাসৰ পাছত দেশত বৰ্তমান আনন্দৰ পৰিবেশে বিৰাজ কৰিছে। এই নতুন ব্যৱস্থাই খেতিয়কসকলকো যথেষ্ট উপকৃত কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে সামগ্ৰী আৰু সেৱা কৰৰ নতুন ব্যৱস্থাই ঔষধজাত সামগ্রী, খাদ্যসামগ্রী, বস্ত্ৰ আৰু জোতা-...

September 4, 2025 3:54 PM

views 28

জি এছ টিৰ সংশোধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শেহতীয়া ব্যৱস্থাই সকলো পক্ষকে উপকৃত কৰিব

● সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ সংশোধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শেহতীয়া ব্যৱস্থাই সকলো পক্ষকে উপকৃত কৰিব বুলি দেশৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণে মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাইও ইয়াৰ ফলত স্বাস্থ্য সেৱাৰ বাবে হোৱা ব্যয়ৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীত হ'ব বুলি আশা প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীনাড্ডাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ ব্যৱস্থাই দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বা...

September 4, 2025 3:51 PM

views 10

জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছেঃ বিত্তমন্ত্ৰী

● জি এছ টি পৰিষদে জনসাধাৰণ, কৃষক আৰু কৃষি, স্বাস্থ্য খণ্ড, উদ্যোগকে ধৰি অৰ্থনীতিৰ মূল খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি সামগ্ৰী আৰু সেৱা কৰৰ যুক্তিগত সংস্কাৰ সাধনত অনুমোদন জনাইছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সাধাৰণ লোক আৰু মধ্যবিত্ত সামগ্ৰীসমূহৰ ওপৰত থকা জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে ব্যক্তিগত জীৱন বীমা আঁচনি, স্বাস্থ্য বীমা আঁচনি তথা জ্যেষ্ঠ নাগৰিকৰ বাবে থকা আঁচনিসমূহৰ ক্ষেত্ৰত থকা ...

September 4, 2025 3:57 PM

views 25

জি এছ টি সংস্কাৰ ব্যৱস্থাক আদৰণি দেশৰ উদ্যোগিক খণ্ডৰ

● দেশৰ উদ্যোগ জগতে শেহতীয়া জি এছ টি সংস্কাৰ ব্যৱস্থাক আদৰণি জনাই কৰ ব্যৱস্থাৰ সৰলীকৰণৰ ফলস্বৰূপে ব্যৱসায়-বাণিজ্য পূৰ্বতকৈ সহজ হৈ উঠিব বুলি মত প্ৰকাশ কৰিছে। ভাৰতীয় উদ্যোগ মহাসংঘ চি আই আয়ে এই সন্দৰ্ভত কয় যে ৫ শতাংশ আৰু ১৮ শতাংশৰ দুই তৰপীয়া জি এছ টিৰ ব্যৱস্থাই ধন ঘুৰাই পোৱা প্ৰক্ৰিয়াৰ লগতে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ কাম-কাজ সৰল কৰি তুলিব। গাইগুটীয়া জীৱন বীমা আৰু স্বাস্থ্য বীমা খণ্ডক জি এছ টিৰ পৰা ৰেহাই দিয়া কাৰ্যৰ শলাগ লৈ ইয়াৰ ফলত সংশ্লিষ্ট সকলো পক্ষ উপকৃত হ'ব বুলি মহাসংঘই মত প্ৰকাশ...

September 4, 2025 10:58 AM

views 26

জি এছ টি হাৰ হ্ৰাস কৰাৰ ঐতিহাসিক সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে কালি সামগ্ৰী আৰু সেৱাকৰ – জি এছ টি হাৰ হ্ৰাস কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে ৷ সাধাৰণ জনতা, কৃষক আৰু কৃষি, স্বাস্থ্য, শ্রমিক, উদ্যোগী তথা অৰ্থনীতিৰ মূল খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি কালি জি এছ টি পৰিষদে এই যুক্তিগত সংস্কাৰ সাধনত অনুমোদন দিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিষদৰ বৈঠকত কৰৰ স্তৰ যুক্তিসগতভাৱে হ্ৰাস কৰাৰ লক্ষ্যৰে জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। নতুন দিল্লীত পৰিষদৰ বৈঠকৰ অন্তত কালি সাংবাদিকৰ সৈতে হোৱা কথা ব...

May 1, 2025 9:28 PM

views 183

২০২৪ বৰ্ষৰ তুলনাত দেশত কয়লাৰ উৎপাদন ৩.৬৩ শতাংশ বৃদ্ধি

বিগত বৰ্ষৰ তুলনাত দেশত কয়লাৰ উৎপাদন ৩.৬৩ শতাংশ বৃদ্ধি হৈছে। কয়লা মন্ত্ৰ্যালয়ৰ এটা বিবৃতিত কোৱা হৈছে যে, এই বৃদ্ধিয়ে কয়লাৰ যোগান আৰু স্থিৰতা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ কথাকে সূচাইছে। মন্ত্ৰ্যালয়ৰ সূত্ৰত প্ৰকাশ পোৱা মতে ২০২৫ চনৰ এপ্ৰিল মাহলৈকে দেশত ৮১.৫৭ মেট্রিকটন কয়লাৰ উৎপাদন বৃদ্ধি পাইছে। যোৱাটো বৰ্ষত এই উৎপাদ আছিল ৭৮.৭১ মেট্রিকটন। মন্ত্ৰ্যালয়ে জনোৱা মতে চলিত বৰ্ষৰ এপ্ৰিল মাহলৈকে মুঠ ৮৬.৬৪ মেট্রিকটন কয়লা প্ৰেৰণ কৰা হৈছে।

March 2, 2025 11:32 AM

views 43

দেশত সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ পৰিমাণ ৯.১ শতাংশ বৃদ্ধি

দেশত যোৱা ফেব্ৰুৱাৰীত সংগৃহীত সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৯.১ শতাংশ বৃদ্ধি ১ লাখ ৮৪ হাজাৰ কোটি টকা হয়। দেশত ফেব্ৰুৱাৰীকে ধৰি বিগত ১২ মাহত এক লাখ ৭০ হাজাৰ কোটিৰো অধিক টকাৰ জি এছ টি সংগ্ৰহ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি এই সময়ছোৱাত কেন্দ্ৰীয় জি এছ টি হিচাপে ৩৫,২০৪ কোটি, ৰাজ্যিক জি এছ টি হিচাপে ৪৩,৭০৪ কোটি, সংহত জি এছ টি হিচাপে ৯০,৮৭০ কোটি আৰু ক্ষতিপূৰণ উপকৰ ১৩,৮৬৮ কোটি টকা সংগৃহীত হয়। ফেব্ৰুৱাৰীত ২০,৮৮৯ কোটি টকাৰ ৰিফাণ্ড জাৰি কৰা হয়। ৰিফাণ্ড বাদ দি ফেব্ৰুৱাৰ...

January 2, 2025 9:49 AM

views 36

দেশত যোৱা ডিচেম্বৰ মাহত ১ লাখ ৭৬ হাজাৰ কোটিৰো অধিক টকা সামগ্ৰী আৰু সেৱা কৰ, জি এছ টি সংগ্রহ

ডিচেম্বৰত দেশত সামগ্ৰী আৰু সেৱা কৰ, জি এছ টি সংগ্রহ ২০২৩ বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ৭.৩ শতাংশ বৃদ্ধি পাই ১ লাখ ৭৬ হাজাৰ কোটিৰো অধিক টকা হয়। ২০২৩ চনৰ ডিচেম্বৰত সংগৃহীত জি এছ টিৰ পৰিমাণ আছিল ১ লাখ ৬৪ হাজাৰ কোটি টকা। ডিচেম্বৰত দেশত ৩২ হাজাৰ ৮৩৬ কোটি টকাৰ কেন্দ্ৰীয় জি এছ টি আৰু ৪০ হাজাৰ ৪৯৯ কোটি টকাৰ ৰাজ্যিক জি এছ টি সংগৃহীত হয়। ইয়াৰ উপৰি এই সময়ছোৱাত ৪৭ হাজাৰ ৭৮৩ কোটি টকাৰ সংহত জি এছ টি আৰু ১১ হাজাৰ ৪৭১ কোটি টকাৰ উপকৰ সংগৃহীত হয়। নবেম্বৰত মুঠ জি এছ টি সংগ্ৰহ ৮.৫ শতাংশ বৃদ্ধি পাই ১ লাখ ৮২ হাজা...

September 10, 2024 12:18 PM

views 21

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ বিশ্ববিদ্যালয়সমূহলৈ গৱেষণা আৰু উন্নয়নৰ বাবে দিয়া ধনৰ জি এছ টি ৰেহাই

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ বিশ্ববিদ্যালয়সমূহলৈ গৱেষণা আৰু উন্নয়নৰ বাবে দিয়া ধন সামগ্ৰি আৰু সেৱা কৰ অৰ্থাৎ জি এছ টিৰ পৰা ৰেহাই দিয়া হ'ব বুলি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ঘোষণা কৰিছে। এই ক্ষেত্ৰত আইকৰ ৰেহাইৰ সুবিধা লাভ কৰা বিশ্ববিদ্যালয়সমূহেও ইয়াৰ পৰা উপকৃত হ'ব। কালি সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ বৈঠকৰ অন্তত বিত্ত মন্ত্ৰীগৰাকীয়ে সংবাদ মেল যোগে এইদৰে কয়। কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে ইয়াৰ বাবে সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ লগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক ধন্য...

September 9, 2024 8:33 PM

views 23

সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫৪ সংখ্যক বৈঠক নতুন দিল্লীত অনুষ্ঠিত

সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫৪ সংখ্যক বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। কেন্দ্রীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে অধ্যক্ষতা কৰা এই বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী আৰু বিভিন্ন ৰাজ্যৰ বিত্তমন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। পৰিষদে কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত বিভিন্ন ঔষধৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। একেদৰে নিমখীয়া আৰু একাংশ খাদ্য সামগ্ৰীৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ ১৮ ৰ পৰা ১২ শতাংশলৈ হ্ৰাস কৰা হৈছে। সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫৪ সংখ্...