May 17, 2025 9:23 PM

views 6

পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি উপস্থাপনৰ বাবে চৰকাৰে বিভিন্ন দেশলৈ ৭টা বহুদলীয় প্রতিনিধি দল প্ৰেৰণ কৰিব

অপাৰেচন সিন্দূৰৰ জৰিয়তে স্পষ্ট হৈ উঠা পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি উপস্থাপনৰ বাবে বিভিন্ন দেশলৈ চৰকাৰে ৭ টা বহুদলীয় প্রতিনিধি দল প্ৰেৰণ কৰিব। এই প্রতিনিধি দলসমূহে এই মাহৰ শেষ ভাগলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্রসহ ঘাই ঘাই সহযোগী দেশ ভ্ৰমণ কৰিব। এই দলসমূহত বিভিন্ন ৰাজনৈতিক দলৰ সাংসদ, আগশাৰীৰ ৰাজনীতিক ব্যক্তি আৰু বিশিষ্ট কূটনীতিবিদক অন্তৰ্ভুক্ত কৰা হ'ব। এই ভ্ৰমণত সাংসদসকলে ভাৰতৰ ৰাষ্ট্ৰীয় একতা আৰু সকলো ধৰণৰ সন্ত্ৰাসবাদ মষিমুৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ স...