অপাৰেচন সিন্দূৰৰ জৰিয়তে স্পষ্ট হৈ উঠা পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি উপস্থাপনৰ বাবে বিভিন্ন দেশলৈ চৰকাৰে ৭ টা বহুদলীয় প্রতিনিধি দল প্ৰেৰণ কৰিব। এই প্রতিনিধি দলসমূহে এই মাহৰ শেষ ভাগলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্রসহ ঘাই ঘাই সহযোগী দেশ ভ্ৰমণ কৰিব। এই দলসমূহত বিভিন্ন ৰাজনৈতিক দলৰ সাংসদ, আগশাৰীৰ ৰাজনীতিক ব্যক্তি আৰু বিশিষ্ট কূটনীতিবিদক অন্তৰ্ভুক্ত কৰা হ’ব। এই ভ্ৰমণত সাংসদসকলে ভাৰতৰ ৰাষ্ট্ৰীয় একতা আৰু সকলো ধৰণৰ সন্ত্ৰাসবাদ মষিমুৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিৰ বিষয়ে সংশ্লিষ্ট ৰাষ্ট্ৰসমূহক জনাব। তেওঁলোকে সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাক বিশ্বৰ সন্মুখত তুলি ধৰিব। প্ৰতিনিধি দলকেইটাক কংগ্ৰেছৰ শশী থাৰুৰ, বিজেপিৰ ৰবিশংকৰ প্ৰসাদ, বৈজয়ন্ত পাণ্ডা, জে ডি ইউৰ সঞ্জয় কুমাৰ ঝা, ডি এম কেৰ কানিমোঝি কৰুণানিধি, এন চি পিৰ সুপ্রিয়া সুলে আৰু শিৱসেনাৰ শ্ৰীকান্ত একনাথ সিন্দেই নেতৃত্ব দিব। ইপিনে, সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদে কয়, যে এই উদ্যমে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যদর্শী চিন্তাধাৰাক প্ৰতিফলিত কৰে। তেওঁ কয় যে ভাৰতৰ সমূহীয়া সংকল্পই বিশ্বক সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিয়াৰ গুৰুত্বৰ বিষয়ে অৱগত কৰিব। বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাই কয়, যে সিন্দূৰ অভিযানৰ মাধ্যমেৰে পাকিস্তানৰ সেনা বাহিনীক বাৰুকৈ এশিকনি দিয়া হৈছে আৰু ভাৰতৰ বিৰুদ্ধে চলোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে দেশখনে পৰিনাম ভূগিবলগীয়া হৈছে। এন চি পিৰ সাংসদ সুপ্রিয়া সুলেই দায়িত্ব স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ শলাগ লয়। এন চি পিৰ সাংসদগৰাকীয়ে সামাজিক মাধ্যমযোগে কয়, যে ভাৰত সন্ত্ৰাসবাদ বিৰোধী যুঁজত শক্তিশালী আৰু দৃঢ় স্থিতিত অটল হৈ আছে।
পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি উপস্থাপনৰ বাবে চৰকাৰে বিভিন্ন দেশলৈ ৭টা বহুদলীয় প্রতিনিধি দল প্ৰেৰণ কৰিব
