June 11, 2025 9:27 AM
16
২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য চৰকাৰৰঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। উত্তৰাখণ্ডৰ ডেহৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সন্ত্ৰাসবাদ শীৰ্ষক এটা অনুষ্ঠানত ভাগ লৈ শ্রীসিঙে কয়, যে সেই সময়লৈ প্ৰতিৰক্ষা খণ্ডত দেশৰ ৰপ্তানি ৫০ হাজাৰ কোটি টকা হ'বগৈ। তেওঁ কয়, যে দেশৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন ২০১৪ চনৰ ৪০ হাজাৰ কোটিৰ বিপৰীতে বর্তমান এক লাখ ৩০ হাজাৰ কোটি অতিক্ৰম কৰিছে। চৰকাৰে এই বছৰত এক লাখ ৭৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ ...