October 23, 2024 11:50 AM
21
গোৱালপাৰাত চি এল এফ এৰ ছজনীয়া বিধায়কৰ দলৰ বিভিন্ন উন্নয়নমূলক আঁচনি পৰিদৰ্শন
অসম বিধানসভাৰ অধ্যক্ষৰ দ্বাৰা গঠিত কমিটী অন লোকেল ফাণ্ড একাউণ্টছ – চি এল এফ এৰ ছজনীয়া বিধায়কৰ দল এটাই কালি গোৱালপাৰা জিলাত উপস্থিত হৈ নগৰ আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক আঁচনি পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে দুধনৈ আৱৰ্ত্ত ভৱনত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে এই সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বিধায়কৰ দলটোৱে উন্নয়নমূলক আঁচনিৰ ক্ষেত্ৰত পোৱা ত্রুটিসমূহ দূৰ কৰিবলৈ বিষয়াসকলক পৰামৰ্শ আগবঢ়ায়।