July 1, 2025 2:20 PM

views 34

দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰা জিলা দিৱস পালন

দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰা জিলা দিৱস পালন কৰা হৈছে। অবিভক্ত গোৱালপাৰা জিলাৰ পৰা ১৯৮৩ চনৰ এক জুলাইত তিনিখন পৃথক জিলা গঠন হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত চাৰি বছৰৰ পৰা পহিলা জুলাইৰ দিনটো গোৱালপাৰা জিলা দিৱস হিচাপে পালন কৰি অহা হৈছিল। জিলা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা পঞ্চৰত্নৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈকে মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনটোত পালন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীৰ লগতে বিয়লিলৈ গোৱালপাৰা চহৰৰ নটসূৰ্য ফণী শৰ্মা ভৱনত সম্বৰ্ধনা সভা আৰু সাংস্কৃতিক কাৰ্য...

June 23, 2025 7:54 PM

views 25

গোৱালপাৰা সৈনিক স্কুলত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে পূব ভাৰতৰ আন্তঃ সৈনিক স্কুল হকী প্রতিযোগিতা অনুষ্ঠিত

গোৱালপাৰা সৈনিক স্কুলত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পূব ভাৰতৰ আন্তঃ সৈনিক স্কুল হকী প্রতিযোগিতা অনুষ্ঠিত হৈছে। ১৫ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ১৭ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ বাবে এই প্ৰতিযোগিতা জিলা আৰক্ষী অধীক্ষক তথা সৈনিক স্কুলখনৰ প্ৰাক্তন ছাত্ৰ নৱনীত মহন্তই শুভাৰম্ভ কৰে। শ্ৰী মহন্তই উদ্বোধনী ভাষণত সকলো প্রতিযোগী দলকে শুভেচ্ছা জনাই প্রকৃত প্রতিযোগিতামূলক উদ্যমেহে খেলুৱৈসকলৰ সামগ্ৰিক বিকাশত সহায় কৰিব বুলি মন্তব্য কৰে। উদ্বোধনী অনুষ্ঠানত গোৱালপাৰা সৈনিক স্কুলৰ অধ্যক্ষ কর্ণেল ধীৰাজ কুমাৰ বিশ্বকৰ্ম...

April 21, 2025 6:34 PM

views 28

জৰ্জ কুৰিয়ানৰ আজি গোৱালপাৰা জিলা পৰিভ্ৰমণ

মীন, পশুপালন আৰু সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী জৰ্জ কুৰিয়ানে আজি গোৱালপাৰা জিলা পৰিভ্ৰমণ কৰি ভালেমান কাৰ্যসূচীত অংশ লয়। শ্রীকুৰিয়ানে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা সভাত অংশ লৈ বিভিন্ন বিভাগত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম-কাজৰ খতিয়ান লয়। ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত বিভিন্ন প্ৰকাৰৰ মৎস্য উৎপাদন আৰু প্ৰতিপালন প্রকল্প পৰ্যবেক্ষণ কৰে। তেওঁ লগতে সেই স্থানতে উন্নতজাতৰ ছাগলী আৰু বিভিন্ন প্ৰজাতিৰ কুকুৰাৰ ফার্মসমূহো পর্যবেক্ষণ কৰে। মন্ত্ৰ...

March 20, 2025 6:20 PM

views 27

আজি ৰাজ্যৰ বিভিন্ন জিলাত বিশ্ব মুখগহবৰৰ স্বাস্থ্য দিৱস পালন

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে হাতত লোৱা ৰাষ্ট্ৰীয় মুখগহবৰৰ স্বাস্থ্য কাৰ্যসূচীৰ অধীনত আজি ৰাজ্যৰ বিভিন্ন জিলাত বিশ্ব মুখগহবৰৰ স্বাস্থ্য দিৱস পালন কৰা হৈছে। এই উপলক্ষে গোৱালপাৰা জিলাৰ অসামৰিক চিকিৎসালয়ত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। চিকিৎসালয়খনৰ অধীক্ষক ডাঃ চিত্তৰঞ্জন হাজৰিকা আৰু উপ-অধীক্ষক ডাঃ অঞ্জনা দাসৰ উপস্থিতিত অনুষ্ঠিত সভাখনত দাঁতৰ যত্নৰ প্ৰয়োজনয়ীতা, মুখগহবৰৰ যতন ইত্যাদি বিষয়ত বক্তব্য প্ৰদান কৰা হয়। ইয়াৰ লগতে জিলাখনত মাহজোৰা কাৰ্যসূচীৰে সজাগতা সভা আৰু দাঁতৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত...

December 17, 2024 8:26 PM

views 37

আন্দাৰ দ্য শাল ট্রী শীর্ষক নাট মহোৎসৱৰ সামৰণি

গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংদুপ্পা কলাকেন্দ্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত আন্দাৰ দ্য শাল ট্রী শীর্ষক নাট মহোৎসৱৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত বিভিন্ন ৰাভা লোককৃষ্টি প্ৰদৰ্শন আৰু বাদুংদুপ্পাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি কাৰ্যসূচী হিচাপে এখন মুকলি সভা অনুষ্ঠিত হয়। এই নাট মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ ভালেসংখ্যক নাট্যপ্ৰেমীৰ সমাগম হয়। উল্লেখযোগ্য যে বিশিষ্ট নাট্যকর্মী প্রয়াত শুক্রাচাৰ্য্য ৰাভাই আৰম্ভ কৰা বাদুংদুপ্পা কলাকেন্দ্ৰই বিগত ১৪ বছৰ ধৰি সম্পূর্ণ ব্যতিক্রমীভাৱে এই নাট মহোৎসৱৰ আয়োজন কৰি আ...

December 17, 2024 7:09 PM

views 38

গোৱালপাৰাত ১০০ খন বিছনাযুক্ত জননী শিশু চিকিৎসালয় স্থাপন কৰা হ’ব বুলি অশোক সিংহলৰ ঘোষণা

গোৱালপাৰা জিলাত মাতৃ আৰু শিশুৰ উন্নত চিকিৎ‍সাৰ বাবে ১০০ খন বিছনাযুক্ত জননী শিশু চিকিৎসালয় স্থাপন কৰা হ'ব বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে ঘোষণা কৰিছে। স্বাস্থ্য বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে আজি প্ৰথমবাৰৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰে। তেওঁ চিকিৎসালয়খনৰ চিকিৎসক সকলৰ সৈতেও বিভিন্ন অভাৱ-অভিযোগ সম্পৰ্কত আলোচনা কৰে। চিকিৎসা সেৱা এক পৱিত্ৰ সেৱা বুলি উল্লেখ কৰি মন্ত্ৰী সিংহলে চিকিৎসক সকলক এই কথা অনুধাৱন কৰি সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। গোৱা...

December 13, 2024 8:54 PM

views 23

বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত পঞ্চৰত্নত চৰকাৰী ভূমিত বেদখল কৰি থকা ৪৪টা পৰিয়ালক উচ্ছেদ গোৱালপাৰা জিলা প্ৰশাসনৰ

গোৱালপাৰা জিলা প্ৰশাসনে আজি বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত পঞ্চৰত্নত চৰকাৰী ভূমিত বেদখল কৰি থকা ৪৪টা পৰিয়ালক উচ্ছেদ কৰে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা মতে, এই পৰিয়ালসমূহক প্রশাসনে কেইবাবাৰো আঁতৰি যাবলৈ জাননী দিছিল যদিও, তেওঁলোক আঁতৰি নোযোৱাত প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰিবলৈ বাধ্য হয়। গোৱালপাৰা জিলাৰ অতিৰিক্ত আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বালিজান ৰাজহচক্ৰ বিষয়া কেইগৰাকীৰ তত্বাৱধানত চলা এই উচ্ছেদ অভিযান কালত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

December 6, 2024 10:48 AM

views 28

বাদুংদুপ্পা কলা কেন্দ্রত পঞ্চদশ বাৰ্ষিক আন্দাৰ দা শাল ট্টী নাট সমাৰোহ, ২০২৪

বাদুংদুপ্পা কলা কেন্দ্রই পঞ্চদশ বাৰ্ষিক আন্দাৰ দা শাল ট্টী নাট সমাৰোহ, ২০২৪-ৰ লগত সংগতি ৰাখি কেন্দ্ৰটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১৫, ১৬ আৰু ১৭ ডিচেম্বৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। মুক্ত আকাশৰ শালগছৰ তলত মাটিৰ মজিয়াত মঞ্চ, দৰ্শকৰ বাবে বাঁহেৰে গেলাৰী সাজি নাট প্ৰদৰ্শন কৰা বাদুংদুপ্পা কলা কেন্দ্ৰই ব্যতিক্রমী নাট ধাৰাৰ সৃষ্টি কৰি বিশেষ পৰিচিতি লাভ কৰিছে। ১৫ ডিচেম্বৰৰ পুৱা নাট সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত দদান ৰাজা নামৰ নাটখন মঞ্চস্থ হ'ব। সেইদিনাই মংলি...

November 29, 2024 8:25 PM

views 30

নর্থ ইষ্ট ট্রান্সমিছন কোম্পানী লিমিটেডৰ গোৱালপাৰাৰ ২০০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ৰ চকু অস্ত্ৰোপচাৰ কক্ষত অনুবীক্ষণ যন্ত্ৰ সংস্থাপন

নর্থ ইষ্ট ট্রান্সমিছন কোম্পানী লিমিটেডে গোৱালপাৰাৰ দুশখন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ৰ চকু অস্ত্ৰোপচাৰ কক্ষত এটা অনুবীক্ষণ যন্ত্ৰ সংস্থাপন কৰিছে। গোৱালপাৰা জিলা প্ৰশাসনৰ সৈতে হোৱা চুক্তি অনুসৰি প্রতিষ্ঠানটোৱে আজি অত্যাধুনিক যন্ত্ৰটো সংস্থাপন কৰে। গোৱালপাৰা জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী আৰু নৰ্থ ইষ্ট ট্রান্সমিচন কোম্পানী লিমিটেডৰ সহকাৰী প্ৰৱন্ধক জ্যোতিময় বৰ্মনৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ উপস্থিতিত যন্ত্ৰটোৰ সেৱা আৰু অস্ত্ৰোপচাৰ কক্ষটো উদ্বোধন কৰা হয়। আনহাতে, গোৱালপাৰা অসামৰিক চিকিৎসালয় চ...

November 12, 2024 1:25 PM

views 29

গোৱালাপাৰা জিলাত ভাৰত চৰকাৰে ধাৰ্য কৰি দিয়া ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ

গোৱালাপাৰা জিলাত বিগত বৰ্ষৰ দৰে এইবাৰো ভাৰত চৰকাৰে ধাৰ্য কৰি দিয়া ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয় কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসম চৰকাৰৰ কৃষি বিভাগৰ তত্বাৱধানত যোৱা ১ নৱেম্বৰৰ পৰা কৃষি বিভাগৰ তৰফৰ পৰা কৃষকসকলৰ মাজত ধান বিক্ৰীৰ বাবে প্ৰমাণপত্ৰ বিতৰণ কৰি থকা হৈছে। কৃষকসকলৰ পৰা ধান ক্ৰয় কৰা প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰাৰ বাবে কালি জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত ধান ক্ৰয় কৰা প্ৰতিনিধি আৰু ধান কলৰ স্বত্বাধিকাৰীসকল উপস্থিত থাকে। এইবাৰ ৰাজ্য চৰকাৰে ন্যূনতম সমর্থন মূল্যৰে ধান ক্রয়ৰ...