January 19, 2026 6:38 PM

views 10

কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে গোৱালপাৰা জিলাত উপস্থিত হৈ জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয়

দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে আজি গোৱালপাৰা জিলাত উপস্থিত হৈ অভিলাষী জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাৰ বাপুজী নগৰত থকা আবু আল মজিদ নামৰ লোকজনৰ ছয়াবিনৰ পৰা উৎপাদিত দুগ্ধজাতীয় খাদ্য সামগ্রীসমূহ প্রত্যক্ষ কৰাৰ লগতে উন্নত জাতৰ ছাগলী আৰু কুকুৰাৰ পামো পৰিদৰ্শন কৰে। এনেধৰণৰ কাম-কাজে জিলাখনৰ উন্নয়নত অৰিহণা যোগাব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ লগতে উত্তৰ পূবৰ উন্নয়নত বিশেষ গুৰুত্ব দিয়া বুলিও ...

December 5, 2025 12:08 PM

views 23

গোৱালপাৰা জিলাৰ বিভিন্ন অংশত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

● গোৱালপাৰা জিলাৰ বিভিন্ন অংশত যোৱা কেইবাদিনো ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। জিলাখনৰ পৰা আমাৰ সংবাদদাতাই জনোৱা মতে গৰাইমাৰী অঞ্চলত আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত হিতেন ৰাভা নামৰ এজন লোকৰ মৃত্যু হয়। পুৱা ঘৰৰ পৰা ওলোৱাৰ সময়তে এটা বনৰীয়া হাতীয়ে তেওঁক আক্ৰমণ কৰে। পাছত বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

November 10, 2025 5:40 PM

views 35

গোৱালপাৰাৰ দহিকটা বনাঞ্চলত প্ৰশাসন আৰু বন বিভাগৰ উচ্ছেদ অভিযানত ১,১৪০ বিঘা মাটি দখলমুক্ত

গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত প্ৰশাসন আৰু বন বিভাগে কালি উচ্ছেদ অভিযান চলাই ১,১৪০ বিঘা মাটি দখলমুক্ত কৰাৰ পাছত সেই অঞ্চলটো সংৰক্ষিত কৰি ৰখাৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰ দিয়াৰ কাম আৰম্ভ কৰিছে। বন আৰু পৰিৱেশ বিভাগৰ দায়িত্বত থকা বিশেষ মুখ্য সচিব এম কে যাদৱৰ লগতে জিলাৰ বন সংমণ্ডল প্ৰাধীকাৰী তেজেছ মৰিশ্বামীয়ে আজি সেই ঠাই পৰিদৰ্শন কৰি অঞ্চলটোৰ সংৰক্ষণৰ বিষয়ে বন-বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে আলোচনাত মিলিত হয়।

October 17, 2025 7:35 PM

views 21

গোৱালপাৰাত ফাৰ্মাচীসমূহৰ স্বত্তাধিকাৰীসকলৰ মাজত সভা অনুষ্ঠিত

গোৱালপাৰা জিলাক নিচামুক্ত জিলা হিচাপে গঢ় দিয়াৰ বাবে আজি জিলা প্রশাসনে ফাৰ্মাচীসমূহৰ স্বত্তাধিকাৰীসকলৰ মাজত এখন সভা অনুষ্ঠিত কৰে। সভাত জিলা আয়ুক্ত প্রদীপ টিমুং উপস্থিত থাকি সমাজখনক নিচামুক্ত কৰাৰ ক্ষেত্ৰত ফাৰ্মাচী স্বত্তাধিকাৰীসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। তেওঁ ঔষধ বিক্রেতাসকলক যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে। আয়ুক্তগৰাকীয়ে ফাৰ্মাচীসমূহত চি চি টি ভি সংলগ্ন কৰাৰ উপৰিও ফাৰ্মাচীৰ কৰ্মচাৰীসকলক এপ্রন পৰিধান কৰাৰ বাবে নির্দেশ দিয়ে। সজাগতা সভাখনত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক...

September 11, 2025 12:43 PM

views 29

গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই জটিল ৰূপ ধাৰণ

■ গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। জলেশ্বৰৰ ফেৰীঘাট এলেকাত খহনীয়াৰ ফলত জলেশ্বৰ বজাৰৰ লগতে জলেশ্বৰ আৰক্ষী চকী, আদৰ্শ চিকিৎসালয় আৰু অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। জিলা আয়ুক্ত প্রদীপ টিমুঙে কালি যন্ত্রচালিত নাৱেৰে খহনীয়াৰ পৰিদৰ্শন কৰে। তেওঁ জলসম্পদ বিভাগৰ কৰ্মচাৰী বিষয়াসকলক আজিৰেপৰা স্পৰ্শকাতৰ এলেকাসমূহত জিঅ' বেগৰ জৰিয়তে খহনীয়া ৰোধৰ কাম কৰিবলৈ নিৰ্দেশ দিয়ে।

September 6, 2025 10:03 PM

views 56

গোৱালপাৰাত ‘আদি কৰ্মযোগী’ অভিযান

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ জনজাতীয় লোকসকলৰ জীৱন-ধাৰণৰ সামগ্রিক মান উন্নত কৰাৰ বাবে আৰম্ভ কৰা আদি কৰ্মযোগী অভিযান সন্দৰ্ভত আজি গোৱালপাৰা জিলা প্ৰশাসনে এখন সভা অনুষ্ঠিত কৰে। জিলা উন্নয়ন আয়ুক্ত ৰঞ্জিত কোঁৱৰৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত এই অভিযানে সামৰি লোৱা এলেকাসমূহত কেনেধৰণৰ উন্নয়নমূলক কাৰ্য্য কৰা হ'ব, সেই বিষয়ে আলোচনা কৰা হয়। এই অভিযানক জিলাখনৰ তৃণমূল পৰ্য্যায়লৈ লৈ যোৱাৰ বাবে মুখ্য প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ ইতিমধ্যে সম্পন্ন হৈছে। অহা ৮, ৯ আৰু ১০ ছেপ্তেম্বৰত জিলাখনৰ ছটা উন্নয়ন...

August 4, 2025 6:59 PM

views 27

স্বাস্থ্য পৰীক্ষাৰ আইনগত নথিপত্ৰ আৰু মৰণোত্তৰ পৰীক্ষাৰ নথিসমূহ সহজে পাব পৰাকৈ গোৱালপাৰাৰ ছহিদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎ‍সালয়ত প্ৰথমটো মডলেপাৰ (ModLEaPR) প’ৰ্টেল মুকলি

স্বাস্থ্য পৰীক্ষাৰ আইনগত নথিপত্ৰ আৰু মৰণোত্তৰ পৰীক্ষাৰ নথিসমূহ সহজে পাব পৰাকৈ আজি ৰাজ্যৰ স্বাস্থ্য বিভাগে গোৱালপাৰাৰ ছহিদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎ‍সালয়ত প্ৰথমটো মডলেপাৰ (ModLEaPR) প'ৰ্টেল আজি মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। প'র্টেল মুকলি কৰি শ্ৰী গুপ্তাই কয়, যে প'ৰ্টেলটোৰ জৰিয়তে গুৰুত্বপূৰ্ণ নথিসমূহ সংৰক্ষণ কৰাটো সহজ হোৱাৰ লগতে আৰক্ষীৰ বাবে গোচৰসমূহ ক্ষীপ্ৰতাৰে সমাধাম কৰা সুবিধা হ'ব। স্বাস্থ্য বি...

August 4, 2025 6:53 PM

views 14

গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত আজিৰে পৰা গছপুলি ৰোপন আৰম্ভ

গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত আজিৰে পৰা গছপুলি ৰোপন কৰা হৈছে। যোৱা ১২ জুলাইত বন বিভাগ আৰু প্ৰশাসনে সংৰক্ষিত বনাঞ্চলখনত ১৩৮ হেক্টৰ ভূমি দখলমুক্ত কৰিছে। এই ভূমিৰ প্ৰতি হেক্টৰতে দুহেজাৰ ৫০০টাকৈ গছপুলি ৰোপনৰ বাবে বন বিভাগে লক্ষ্য লৈছে। এই গছপুলি ৰোপনৰ জৰিয়তে অঞ্চলটো সেউজীয়া আৰু প্ৰদূষণমুক্ত কৰাৰ উপৰি হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ ব্যৱস্থা কৰা হৈছে।

July 14, 2025 6:38 PM

views 46

গোৱালপাৰা জিলাৰ ৰাংচাপাৰাত ১ জুলাইৰ পৰা স্বচ্ছতা পষেক অনুষ্ঠিত

ৰাজ্যৰ প্ৰথম আৰু শ্ৰেষ্ঠ পৰিষ্কাৰ গাঁও গোৱালপাৰা জিলাৰ ৰাংচাপাৰাত বঙাইগাঁও শোধনাগাৰৰ এটা দলে যোৱা ১ জুলাইৰ পৰা স্বচ্ছতা পষেক অনুষ্ঠিত কৰিছে। পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ বাবে এই অভিযানৰ আয়োজন কৰা হৈছে। আজি বঙাইগাঁও শোধনাগাৰৰ দুগৰাকী বিষয়াসহ কৰ্মচাৰীৰ এটা দলে গাঁওখনত উপস্থিত হৈ সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে গাঁওখন চাফ-চিকুণ কৰাত সহায় হোৱাকৈ বিভিন্ন সামগ্ৰী প্ৰদান কৰে।  

July 12, 2025 8:33 PM

views 23

গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰায় এহেজাৰ বিঘা ভূমি দখলমুক্ত প্ৰশাসনৰ

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলত আজি বন বিভাগ আৰু প্ৰশাসনে বিদ্যাপাৰা, আশুডুবি আৰু বেতবাৰীত অভিযান চলাই প্ৰায় এহেজাৰ বিঘা ভূমি দখলমুক্ত কৰে আৰু এহেজাৰ ৮০টা পৰিয়ালক উচ্ছেদ কৰে। ২০২৪ চনৰ নৱেম্বৰ-ডিচেম্বৰত পৰিয়ালকেইটাক সেই ঠাই খালী কৰাৰ কাৰণে জাননী জাৰি কৰা হৈছিল। জাননী পোৱাৰ পাছত ৮০ শতাংশ পৰিয়ালে নিজে নিজে সেই ঠাই ত্যাগ কৰিছিল যদিও বাকী পৰিয়ালসমূহক আজি উচ্ছেদ কৰা হয়। উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো ধৰণৰ বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ নহয়, তাৰ বাবে অঞ্চলটোত ভালেসংখ্যক আৰক্ষী আৰু বন...