May 26, 2025 7:43 PM

views 36

গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিযুক্তি

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ গগৈক নিযুক্তি দিয়া হৈছে। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে আজি সাংসদ গৌৰৱ গগৈক সভাপতিৰ নতুন দায়িত্ব অর্পণ কৰিছে। আনহাতে, জাকিৰ হুছেইন শিকদাৰ, ৰজলীনা তিৰ্কি আৰু প্ৰদীপ সৰকাৰক কমিটীৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে বিদায়ী সভাপতি ভূপেন কুমাৰ বৰাই আগবঢ়োৱা অৱদানক প্ৰশংসা কৰে।

December 4, 2024 8:37 PM

views 27

লোকসভাত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে আহ্বান

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত আহ্বান জনাইছে। ২০১৯ বৰ্ষৰে পৰা ৰাজ্যৰ মৰাণ, মটক, টাই-আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে দাবী উত্থাপিত হৈ আহিছে যদিও আজিও এই দাবী বাস্তৱত পৰিণত নহ'ল বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয়, যে এই ছটা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে ৰাজ্যত ইতিমধ্যে থকা জনজাতীয় লোকসকলৰ কোনো অসুবিধা নহ'ব। এই ক্ষেত্ৰত তেওঁ কয়, যে ৰাজ্যৰ জনজাতীয় জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ বাবে ইতিমধ্যে স্বায়ত্তশাসিত পৰিষদ আছে আ...

August 12, 2024 7:04 PM

views 22

শিৱসাগৰ জিলাত এটা পাৰপত্ৰ সেৱা কেন্দ্ৰ স্থাপনৰ বাবে ড° এছ জয়শংকৰলৈ গৌৰৱ গগৈৰ পত্ৰ প্ৰেৰণ

সাংসদ তথা বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে শিৱসাগৰ জিলাত এটা পাৰপত্ৰ সেৱা কেন্দ্ৰ স্থাপনৰ বাবে দাবী জনাই কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। সাংসদগৰাকীয়ে পত্ৰখনত কয় যে সম্প্ৰতি থকা পাৰপত্ৰ সেৱা কেন্দ্ৰকেইটা যথেষ্ট দূৰৈত থকা হেতুকে এই স্থানত এনে কেন্দ্ৰ এটা স্থাপন কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। তদুপৰি ছাত্ৰ-ছাত্ৰী, বিভিন্ন পেছাদাৰী লোক আৰু ব্যৱসায়ীসকলৰ বাবে পাৰপত্ৰৰ সুবিধা লাভ কৰাটো সুচল হোৱাৰ ক্ষেত্ৰতো এই কেন্দ্ৰটোৱে সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে। এই কেন্দ্ৰ প...

July 25, 2024 5:48 PM

views 15

নিতিন গাডকাৰীক সাক্ষাৎ সাংসদ গৌৰৱ গগৈৰ

যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈৱে কালি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীক সাক্ষাৎ কৰে। সংসদত চলিত বৰ্ষাকালীন অধিৱেশনৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসমৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱনতিৰ বিষয়ে আলোচনা কৰে। আলোচনাকালত সাংসদগৰাকীয়ে যোৰহাটৰ পৰা জাঁজীলৈ আৰু ডিব্ৰুগড়ৰ পৰা আগলৈ ঘাইপথটোৰ নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও তিনিবাৰকৈ বাতিল হোৱাৰ কথা জনায়। সাংসদ গগৈয়ে নিবিদা প্ৰক্ৰিয়াৰ চতুৰ্থ পৰ্যায়ত ইতিবাচক ফলাফলৰ আশাৰে শ্ৰীগাডকাৰীক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰ...

July 15, 2024 12:29 PM

views 34

সাংসদ গৌৰৱ গগৈক লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি হিচাপে পুনৰ নিযুক্তি

যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈক লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে সামাজিক মাধ্যম যোগে জনোৱা অনুসৰি কংগ্ৰেছ দলৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে শ্ৰী গগৈক কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি, কে সুৰেশক মুখ্য হুইপ, মণিকাম ঠাকুৰ আৰু মহম্মদ জাৱেদক হুইপ হিচাপে নিযুক্তি দিছে। এই সন্দৰ্ভত শ্রীমতী গান্ধীয়ে লোকসভাৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গগৈক শুভেচ্ছা জনাই কয় যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চ...

June 8, 2024 1:59 PM

views 30

অসমৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত নৱনিৰ্বাচিত ৩ গৰাকী সাংসদক সম্বৰ্ধনা

অসমৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কালি সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত নৱনিৰ্বাচিত ৩গৰাকী সাংসদক সম্বৰ্ধনা জনোৱা হয়। যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন আৰু নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক কালি এখন ৰাজহুৱা সম্বৰ্ধনা সভাত সন্মান জনোৱা হয়। বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেইগৰাকীৰ বিজয়ত ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অভিনন্দন জ্ঞাপন কৰে। ভাষণ প্ৰসংগত শ্ৰী বৰাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈকে সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি যোৱাৰ পোষকতা কৰে...

April 3, 2024 12:22 PM

views 92

মাজুলীত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব

♦ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা সাংসদ গৌৰৱ গগৈয়ে আজি মাজুলীত নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্ৰাৰ্থীৰ্গৰাকী পুৱা ৯.৩০ বজাত যোৰহাটৰ পৰা অফলামুখ ঘাটেৰে মাজুলীলৈ ৰাওনা হ'ব। প্ৰাৰ্থীৰ্গৰাকীয়ে প্ৰথমে বাঘৰগাঁও ৰতনপুৰ গায়ন মণ্ডলত আয়োজিত এখন নির্বাচনী সভাত অংশ ল'ব। Read More : প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত  তিনিটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধৰ ঘোষণা  এই সভাত অংশগ্ৰহণৰ পাছত তেওঁ চিকাৰীমিচিং গাঁও লুইতপৰীয...