December 4, 2025 6:42 PM

views 38

ৰাজ্যত অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

ৰাজ্যত অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। লোকসভাত আজি শূন্যকালত সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে সদৰি কৰে। তেওঁ লগতে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ চাৰিটা লেনযুক্ত পথ সম্প্ৰসাৰণৰ কামো শীঘ্ৰে আৰম্ভ হ'ব বুলি উল্লেখ কৰে। পথছোৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদনক জানিবল...

October 25, 2025 12:00 PM

views 54

সোণাপুৰৰ জনতাৰ শিল্পী জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত সাংসদ গৌৰৱ গগৈৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত কালি নিশা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰতিকূল বতৰৰ মাজতো নিশা পর্যন্ত বহু অনুৰাগীয়ে জুবিন ক্ষেত্ৰলৈ আহি প্ৰাণৰ শিল্পীগৰাকীক শ্রদ্ধা নিবেদন কৰে। ইফালে চৰকাৰে জুবিন গাৰ্গৰ সমাধি ক্ষেত্রকলৈ জাৰি কৰা নির্দেশনা কালিৰে পৰা প্ৰযোজ্য হৈছে। উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি পুৱা ছয় বজাৰ পৰা নিশা ১০ বজালৈহে দর্শনার্থীয়ে সমাধিস্থলীত শ্রদ্ধাঞ্জলি জনাব পাৰিব। যোৰহাটৰ সাংসদৰ গৌৰৱ ...

September 11, 2025 1:01 PM

views 41

সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানী সংযোগ বিষয়ক প্রতিবেদন দাখিল

● সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানী সংযোগ বিষয়ক সমস্ত বিষয়সমূহ পৰীক্ষা কৰাৰ বাবে গঠন কৰা বিশেষ তদন্ত গোট চমুকৈ এছ আই টিয়ে কালি সন্ধিয়া ৬ বজাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্রতিবেদন দাখিল কৰে। তাৰ পাছতে মুখ্যমন্ত্ৰী ড° শৰ্মাই ২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত অসম কেবিনেটে এজন পাকিস্তানী নাগৰিক আলী টৌকিৰ শ্বেখ আৰু তেওঁৰ সহযোগীসকলৰ ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে বিশেষ তদন্ত গোট গঠন কৰিছিল বুলি প্ৰকাশ কৰে। তদন্তত উন্মোচন হোৱা তথ্য অনুসৰি আমাৰ জাতিৰ সাৰ্বভৌমত্বক ক্ষতিগ্রস্ত কৰাৰ বাবে এক ব...

August 17, 2025 7:22 PM

views 32

বাক্সাৰ ককলাবাৰী পৰিষদীয় সমষ্টিত জনসভাত উপস্থিত গৌৰৱ গগৈ

● বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ কেশৱ নগৰত আজি ককলাবাৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত এখন বিশাল জনসভা অনুষ্ঠিত হয়। বাক্সা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি বুদ্ধদেৱ ফাদাঙগিৰীৰ সভাপতিত্বত অনুষ্ঠিত এই জনসভাত অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত ভাষণ দি শ্ৰী গগৈয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে। সভাত কংগ্ৰেছ দলৰ বিধায়ক আব্দুল ৰহিম আহমেদকে ধৰি কেইবাগৰাকীও দলীয় নেতাই অংশগ্রহণ কৰে।

July 9, 2025 7:42 PM

views 42

বিটিচি পৰিষদীয় নির্বাচনক লৈ পৰ্যবেক্ষকসকলৰে অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ আলোচনা

অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত বিটিচি পৰিষদীয় নির্বাচনক লৈ পৰ্যবেক্ষকসকলৰ সৈতে আলোচনাত মিলিত হয়। সভাপতি গগৈয়ে বৈঠকত পর্যবেক্ষকসকলৰ সৈতে বিটিআৰৰ ৪০ খন আসন সন্দৰ্ভত পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে। আলোচনাৰ অন্তত সভাপতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, যে বিটিআৰৰ ৪০ খন আসনৰ বাবে ৭০-৮০ জনীয়া এখন পর্যবেক্ষকৰ তালিকা প্রস্তুত কৰা হৈছে। এই পর্যবেক্ষকসকলক তেওঁলোকৰ দায়িত্ব সন্দৰ্ভত আজি অৱগত কৰা হয় বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।

June 23, 2025 7:44 PM

views 35

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পৰা কাটিহাৰ আৰু আলিপুৰ দুৱাৰ মণ্ডলক পৃথক কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভৌগলিক সীমাৰেখাৰ ভিতৰত এন এফ ৰে’লৱেক পুনগঠন কৰাৰ পোষকতা সাংসদ গৌৰৱ গগৈৰ

সাংসদ গৌৰৱ গগৈয়ে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ পৰা কাটিহাৰ আৰু আলিপুৰ দুৱাৰ মণ্ডলক পৃথক কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভৌগলিক সীমাৰেখাৰ ভিতৰত এন এফ ৰে'লৱেক পুনগঠন কৰাৰ পোষকতা কৰিছে। আজি কোকৰাঝাৰত অসম ৰে'ল যাত্ৰী সন্থাৰ বি টি আৰ শাখাৰ এটা প্ৰতিনিধি দলে তেওঁক সাক্ষাৎ কৰাৰ সময়ত শ্ৰীগগৈয়ে এই মত প্ৰকাশ কৰে। তেওঁ কয় যে ৰে'ল সম্পৰ্কীয় বিভিন্ন বিষয় লৈ তেওঁ অচিৰেই ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰিব আৰু ৰে'লযাত্ৰীসকলৰ কেতবোৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত ৰে'ল মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব। তেওঁ কয় যে নতুন দিল...

June 22, 2025 7:37 PM

views 51

দুদিনীয়া কাৰ্যসূচীৰে সাংসদ গৌৰৱ গগৈৰ কোকৰাঝাৰ ভ্ৰমণ

অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰত দলীয় নেতা আৰু কৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। দুদিনীয়া কোকৰাঝাৰ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীগগৈয়ে পৰ্বতঝৰা বাছবাৰী, ফকিৰাগ্ৰাম আৰু শ্ৰীৰামপুৰলৈও যাব আৰু তাত তেওঁ দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যে তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। সাংবাদিকৰ সৈতে হোৱা কথা - বতৰাত শ্ৰীগগৈয়ে কয় যে দলে সমাগত বি টি চি নির্বাচন অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। দলে তৃণমূল পৰ্যায়লৈ গৈ জনসাধাৰণৰ সৈতে সহযোগিতাৰে কাম কৰি দলীয়...

June 2, 2025 9:13 PM

views 44

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে কাইলৈ আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব। কাইলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত গগৈয়ে বিদায়ী সভাপতি ভূপেন বৰাৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰিব। ইয়াৰ আগতে আজি গৌৰৱ গগৈয়ে কলিয়াবৰৰ পৰা বটদ্ৰৱালৈ আহে আৰু বটদ্ৰবা থানত সেৱা জনায়। ইয়াৰ পাছত তেওঁ মৰিগাঁৱলৈ আহে। মৰিগাঁৱত তেওঁ প্রাক্তন বিধায়িকা জোন জোনালী বৰুৱাৰ বাসগৃহলৈ গৈ প্ৰয়াত নেত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ সৈতে মত-বিনিময় কৰে। মৰিগাঁৱত তেওঁক ভালেসংখ্যক কংগ্ৰেছ কৰ্মীয়ে শোভা...

June 1, 2025 12:00 PM

views 102

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লাভৰ পাছত প্ৰথমবাৰৰ বাবে গৃহ জিলাত উপস্থিত গৌৰৱ

● অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছত কালি প্ৰথমবাৰৰ বাবে গৃহ জিলা যোৰহাটত উপস্থিত হয়। জিলাখনত কংগ্ৰেছ দলৰ ভালেসংখ্যক নেতা-কর্মীয়ে তেওঁক আদৰণি জনায়। ৰৰৈয়া বিমান বন্দৰৰ পৰা নেতাগৰাকী যোৰহাট ষ্টেডিয়ামত উপস্থিত হৈ দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণ দিয়ে।

May 29, 2025 8:03 PM

views 39

সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানৰ সৈতে যোগাযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ ৰিপুণ বৰাক দীৰ্ঘ সময় জুৰি সোধা-পোছা

কংগ্ৰেছৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানৰ সৈতে যোগাযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আজি আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে কংগ্ৰেছ দলৰ নেতা ৰিপুণ বৰাক দীৰ্ঘ সময় জুৰি সোধা-পোছা কৰে। শ্ৰীবৰাই আৰক্ষীক সহযোগ কৰিছে আৰু পৰৱৰ্ত্তী সময়ত অধিক তথ্যৰ বাবে আৰক্ষীয়ে পুনৰ তেওঁক সোধা-পোছা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে শ্ৰীগগৈয়ে কালি এখন সংবাদমেলত প্ৰায় ১৪ বছৰ পূৰ্বে পাকিস্তান ভ্ৰমণৰ বিষয়ে উল্লেখ কৰিছিল। অৱশ্যে এই ভ্রমণ সম্পূর্ণ বৈধ আছিল বুলিও তেওঁ প্ৰকাশ কৰিছিল। ইয...