June 9, 2025 1:17 PM

views 10

আকাশবাণী বাতৰি সেৱা বিভাগত চৰকাৰৰ ১১ বছৰীয়া প্ৰচেষ্টাৰ প্ৰতিবেদনত আজি উত্তৰ-পূব ভাৰতৰ বিকাশৰ যাত্ৰা সন্দৰ্ভত আলোকপাত

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যানৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বিগত এটা দশকত দেশৰ আমূল পৰিৱৰ্তন সাধন হৈছে। আকাশবাণী বাতৰি সেৱা বিভাগে চৰকাৰে বিভিন্ন খণ্ডত যোৱা এঘাৰটা বছৰত চলোৱা প্ৰচেষ্টা সন্দৰ্ভত বিশেষ প্রতিবেদন প্ৰচাৰৰ দিহা কৰিছে। এনে প্ৰচেষ্টাৰ অংশ হিচাপে আজি উত্তৰ- পূব ভাৰতৰ বিকাশৰ যাত্ৰা সন্দৰ্ভত আলোকপাত কৰা হৈছে। এটা সময়ত এই অঞ্চলটো দূৰৱৰ্তী অঞ্চল হিচাপে পৰিগণিত হৈছিল যদিও সম্প্রতি এই অঞ্চলটো প্ৰগতি আৰু সুচল যোগাযোগৰ প্ৰতীক ৰূপে পৰিগণিত হৈছে। যোৱা এটা দশকত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল বিচ্ছিন্ন অঞ্চলৰ প...